অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নানপিয়ে

নানমি বা নানপিয়ে (; তাই নুয়া: TaiLe / ᥢᥣᥢᥙᥥ) হৈছে বিভিন্ন সতেজ উপাদান, বনৌষধি আৰু মচলাৰে প্ৰস্তুত কৰা দাই জনগোষ্ঠীৰ এবিধ পৰম্পৰাগত চাটনি সদৃশ আনুষংগিক খাদ্য পদ।

হালনাগাদ: ২৬ ছেপ্তেম্বৰ ২০২৬ ১৪০ শব্দ · ১ মিনিট সংগৃহীত ৭৬
সংশোধনৰ পৰামৰ্শ

নানমি বা নানপিয়ে (; তাই নুয়া: TaiLe / ᥢᥣᥢᥙᥥ) হৈছে বিভিন্ন সতেজ উপাদান, বনৌষধি আৰু মচলাৰে প্ৰস্তুত কৰা দাই জনগোষ্ঠীৰ এবিধ পৰম্পৰাগত চাটনি সদৃশ আনুষংগিক খাদ্য পদ।১২

বিভিন্ন উপাদানসমূহ খুন্দনা বা উৰালত পিহি এক তীব্ৰ গোন্ধযুক্ত লেহন (পেষ্ট) প্ৰস্তুত কৰি 'নান পিয়ে' তৈয়াৰ কৰা হয়, যাৰ সোৱাদ ভাত বা অন্যান্য ব্যঞ্জনৰ সৈতে লোৱা হয়। ইয়াক চাটনি বা ডিপ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। নানমিৰ কিছুমান জনপ্ৰিয় প্ৰকাৰ হৈছে টামাতিল’ নানপিয়ে, গ’বি নানপিয়ে আৰু ক’লা নাইটশ্বেড (পাকঘৰীয়া তিতা ভেকুৰী) নানপিয়ে। নানপিয়েত সচৰাচৰ ব্যৱহৃত বনৌষধি আৰু মচলাসমূহ হৈছে— ধনিয়া, জলকীয়া, মান ধনিয়া, নহৰু, আদা আৰু তুলসী। পৰম্পৰাগত দাই ভোজ বা বেংকুৱেটসমূহৰ নানপিয়ে হৈছে এক অপৰিহাৰ্য পদ; কোৱা হয় যে মেজত যিমানেই বেছি নানপিয়েৰ বাতি থাকে, আহাৰখন সিমানেই সুস্বাদু আৰু গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হয়।৩

ইউন্নানৰ ৰন্ধন পৰম্পৰাক প্ৰদৰ্শন কৰা নেটফ্লিক্সৰ খাদ্যভিত্তিক তথ্যচিত্ৰ শৃংখলা ফ্লেভাৰফুল অৰিজিন্সৰ দ্বিতীয় বৰ্ষৰ দ্বিতীয় খণ্ডত নানপিয়েক বিশেষভাৱে দেখুওৱা হৈছিল।৪

তথ্যসূত্ৰ

  1. ↑ Zhuang Lin. (2020-07-08). Nanm: A classic dipping sauce in Dai cuisine
  2. ↑ China Daily. Flavorful Origins trailer: Nanpie
  3. ↑ Zhuang Lin. Nanm: A classic dipping sauce in Dai cuisine
  4. ↑ Netflix. Flavorful Origins: Nan Piě -S2 Ep.2-. নেটফ্লিক্স

সম্পৰ্কিত শ্ৰেণী

চীনা ৰন্ধনপ্ৰণালী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নানপিয়ে” প্ৰবন্ধৰ সংশোধন ৬৩৮৭৩৮ (২৬ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।