ফানং (Panung) বা ফা নুং (থাই ভাষা: ผ้านุ่ง) হৈছে থাইলেণ্ডৰ (পূৰ্বৰ শ্যাম দেশ) লোকসকলে পৰিধান কৰা শৰীৰৰ নিম্নভাগৰ এক পৰম্পৰাগত সাজ-পাৰ।
শৈলী
ফানং থাইলেণ্ডত পৰিধান কৰা এবিধ পৰম্পৰাগত বস্ত্ৰ।১ ই এটুকুৰা দীঘল কাপোৰ; ১৯২১ চনত আমেৰিকাৰ উপ-দূতাবাসে ইয়াক "৩ বাই ১০ ফুটৰ এটুকুৰা কপাহী কাপোৰ" বুলি বৰ্ণনা কৰিছিল।১ ইয়াক কঁকালত মেৰিয়াই পিন্ধা হয় আৰু ই আঁঠুৰ তললৈকে ঢাকি ৰাখে। কেতিয়াবা কাপোৰখন দুই ভৰিৰ মাজেৰে নি পিছফালে গুজি দিয়া হয়, যাক চং ক্ৰাবেন বুলি জনা যায়। এই সাজযোৰৰ সৈতে সাধাৰণতে শৰীৰৰ ওপৰৰ অংশ ঢাকিবৰ বাবে একে ধৰণৰ আন এটুকুৰা কাপোৰ ব্যৱহাৰ কৰা হয়, যাক চাবাই বা ফা হোম বুলি কোৱা হয়।১
প্ৰকাৰভেদ
ফানং এবিধ বহুমুখী সাজ-পাৰ যি লিংগ নিৰ্বিশেষে সকলোৱে পিন্ধিব পাৰে। ই বিভিন্ন গুণগত মানত উপলব্ধ; যাৰ ভিতৰত প্ৰথমটো হৈছে 'পাট্টা'। পাট্টা হৈছে ডাঙৰ চেক ডিজাইন বা ক্ৰছ ডিজাইনৰ এবিধ শক্তিশালী ছপা কাপোৰ। এই কাপোৰৰ দুই মূৰে এডাল বা ততোধিক আঁচ থাকিব পাৰে।২ দ্বিতীয় বিধ হৈছে 'পাপুন', যাৰ বিশেষত্ব হ’ল ইয়াৰ ৰং সোনকালে নাযায় আৰু কাপোৰখনত ঠেক আঁচবোৰ বোৱা থাকে।২ তৃতীয় বিধক 'পালাই' বুলি জনা যায়, যিটো ইয়াৰ সঠিক জোখ আৰু কঠিন গাঁথনিৰ বাবে পৰিচিত।২
বৰ্তমানৰ পাশ্চাত্য সাজ-পাৰৰ প্ৰভাৱত থাইলেণ্ডৰ পৰম্পৰাগত ফানং শৈলীৰ ব্যৱহাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে।
তথ্যসূত্ৰ
- ↑ Hansen, Carl C. (11 April 1921). Market for Ready-Made Clothing in Siam. Commerce Reports. Bureau of Foreign and Domestic Commerce, Department of Commerce. পৃ. 226
- ↑ (1915). Commerce Reports. Bureau of Foreign and Domestic Commerce, Department of Commerce. পৃ. 574
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফানং” প্ৰবন্ধৰ সংশোধন ৫৮৭০৫৬ (১১ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।