অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ফলৰ ৰস

ফলৰ ৰস বা জুছ বুলিলে বিভিন্ন ফল-মূল আৰু পাচলিত মজুত হৈ থকা প্ৰাকৃতিক জুলীয়া পদাৰ্থ বা ৰসকে বুজা যায়। ফল বা অন্যান্য জৈৱিক উপাদান যেনে মাংস আৰু সাগৰীয় খাদ্যসামগ্ৰীৰ সোৱাদযুক্ত পানীয়কো জুছ বোলা হয়। জুছসমূহ শীতল পানীয় অথবা আন খাদ্যৰ উপকৰণ হিচাপে ব্যৱহৃত হয়।

হালনাগাদ: ৭ আগষ্ট ২০২৬ ১৩৭ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

ফলৰ ৰস বা জুছ বুলিলে বিভিন্ন ফল-মূল আৰু পাচলিত মজুত হৈ থকা প্ৰাকৃতিক জুলীয়া পদাৰ্থ বা ৰসকে বুজা যায়। ফল বা অন্যান্য জৈৱিক উপাদান যেনে মাংস আৰু সাগৰীয় খাদ্যসামগ্ৰীৰ সোৱাদযুক্ত পানীয়কো জুছ বোলা হয়। জুছসমূহ শীতল পানীয় অথবা আন খাদ্যৰ উপকৰণ হিচাপে ব্যৱহৃত হয়। পেষ্টুৰাইজেচন প্ৰণালীৰ আৱিষ্কাৰৰ আগলৈকে জুছ শীতল পানীয় হিচাপে জনপ্ৰিয় হোৱা নাছিল।১

প্ৰস্তুতকৰণ

বিভিন্ন ফল বা পাচলি কোনো তাপ প্ৰয়োগ নকৰাকৈ চেপি তাৰ পৰা ৰস উলিওৱা হয়।২উদাহৰণস্বৰূপে কমলা টেঙাৰ ৰস তৈয়াৰ কৰিবলৈ কমলা টেঙা চেপি তাৰ পৰা ৰস উলিয়াই লোৱা হয়। আনহাতে আমৰ ৰস তৈয়াৰ কৰিবলৈ আমটো পিহি পেলোৱাৰ প্ৰয়োজন হয়। কেতিয়াবা বৈদ্যুতিক জুচাৰ ব্যৱহাৰ কৰিও ৰস উলিওৱা হয়। ব্যৱসায়িক উৎপাদনৰ ক্ষেত্ৰত আঁহ আতৰোৱাৰ বিশেষ যতন থাকে। উচ্চ আঁহযুক্ত কমলাৰ ৰসৰ বিশেষ চাহিদা আছে।

ফলৰ ৰস প্ৰস্তুতকৰণৰ বাবে ব্যৱহৃত পদ্ধতি সমূহ হ'ল কেনিং, পেষ্টুৰাইজেচন, কনচেনট্ৰেট,৩ শীতলিকৰণ, বাষ্পীভৱন আৰু স্প্ৰে ডাইং।

বাহ্যিক সংযোগ

Fruit Nectars (Scotland) Regulations 2003.

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ (2013-02-08). Juicer Types: The Difference Between Cold Press Juicers vs. Centrifugal Juice Extractors. Huffingtonpost.com
  3. ↑ Understanding Concentrated Juice

সম্পৰ্কিত শ্ৰেণী

খাদ্যপানীয়

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফলৰ ৰস” প্ৰবন্ধৰ সংশোধন ৬২৪৭৫৭ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।