সমাজ আৰু জীৱনধাৰা
জনগোষ্ঠী, শিক্ষা, খাদ্য, সাজপাৰ আৰু সামাজিক জীৱন · ২,০১৬ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
মহাত্মা গান্ধী বিশ্ববিদ্যালয়, মেঘালয়
মহাত্মা গান্ধী বিশ্ববিদ্যালয় ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যৰ ৰি-ভোই জিলাত মূল চৌহদ আৰু তুৰাত আন এক চৌহদ থকা এখন ব্যক্তিগত বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়খনক অনানুষ্ঠানিকভাৱে এম জি ইউ নামেৰে পৰিচিত। ২০১১ চনত মেঘালয় ৰাজ্যৰ বিধান আইন, ২০১০ (২০১১ চনৰ মেঘালয় আইন নং ৬)ৰদ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।
-
মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয়
মহাৰাজা বীৰ বিক্ৰম বিশ্ববিদ্যালয় (এম.বি.বি. বিশ্ববিদ্যালয়) এখন ৰাজ্যিক বিশ্ববিদ্যালয়।বিশ্ববিদ্যালয়খন ভাৰতৰ ত্ৰিপুৰা ৰাজ্যৰ আগৰতলাত অৱস্থিত।বিশ্ববিদ্যালয়খন ত্ৰিপুৰী ৰাজ্যৰ শেষ শাসক ৰজা বীৰ বিক্ৰম কিশোৰ দেৱবৰ্মাৰ নামেৰে নামকৰণ কৰা হৈছে।
-
মহিলা মহাবিদ্যালয়, শিলচৰ
মহিলা মহাবিদ্যালয়, শিলচৰ, ভাৰতৰ অসম ৰ শিলচৰৰ এখন উচ্চ শিক্ষানুষ্ঠান। এইখন মহাবিদ্যালয় ১৯৬৩ চনত প্ৰতিষ্ঠা হৈছিল। ইয়াত ভাষা (ইংৰাজী, বাংলা, হিন্দী, আৰু মণিপুৰী), সমাজ বিজ্ঞান (অৰ্থনীতি, ৰাজনীতি বিজ্ঞান, ইতিহাস, আৰু শিক্ষা), আৰু অন্যান্য শাখা (বাণিজ্য, গণসংযোগ, কম্পিউটাৰ প্ৰয়োগ, আৰু পৰিৱেশ…
-
মহীশূৰী পেটা
মহীশূৰী পেটা এটা চহকী আনুষ্ঠানিক পাগুৰি, যিটো মূলতঃ মহীশূৰৰ ৰজাসকলে পিন্ধিছিল। এই পাগুৰীটোত ৰেচম বা কপাহৰ দৰে কাপোৰৰ দীঘল ফিতা এডাল থাকে, যিটো মূৰৰ পাগুৰীটোৰ চাৰিওফালে ঘূৰাই অলংকৰণ কৰি থোৱা হয়। ইয়াক সোণ বা ৰূপৰ জৰীৰ ফিতাৰে আৰু আলংকাৰিক ধাতুৰ লকেটৰে সজাই তোলা হ’ব পাৰে।
-
মাও টোফু
মাও টোফু বা নোমাল টোফু (hairy tofu) হৈছে চীনৰ এবিধ কিণ্বিত টোফু। এই খাদ্যবিধ চীনত কেইবাশ বছৰ ধৰি ব্যৱহাৰ হৈ আহিছে।
-
মাহিয়া নাজিব
মাহিয়া নাজিব (Mahia Nagib, ১৯২৬-১৯৮২) য়েমেনৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী, সম্পাদিকা আৰু সাংবাদিক আছিল। ১৯৬০ চনত তেওঁ ফাটাত শ্বামছান [মাউণ্ট শ্বামছানৰ কুমাৰী] প্ৰতিষ্ঠা কৰে আৰু তেওঁক এডেনৰ প্ৰথম মহিলা মাহেকীয়া আলোচনীৰ মহিলা সম্পাদিকা হিচাপে পৰিগণিত হয়। মাহিয়া নাজিবে আদনত জন্মগ্ৰহণ কৰিছিল।
-
মিছ নাগালেণ্ড
মিছ নাগালেণ্ড (Miss Nagaland) হ'ল উত্তৰ-পূব ভাৰতৰ নাগালেণ্ড ৰাজ্যত ১৯৮৯ চনৰ পৰা প্ৰতি বছৰে অনুষ্ঠিত হোৱা এখন ৰাজ্যিক সৌন্দৰ্য্য প্ৰতিযোগিতা।মিছ নাগালেণ্ডে সাধাৰণতে ইয়াৰ কোনো বিজয়ী বা পূৰ্বৰ প্ৰতিযোগীক অন্য সৌন্দৰ্য্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ পঠিয়াই নিদিয়ে।
-
মিছ মিজোৰাম
মিছ মিজোৰাম (Miss Mizoram) হ'ল ভাৰতৰ মিজোৰাম ৰাজ্যত অনুষ্ঠিত অবিবাহিত মহিলাৰ এক সৌন্দৰ্য্য প্ৰতিযোগিতা। ইয়াৰ আৰম্ভণিৰ পিছত মিজোৰাম সাংবাদিক সন্থাৰ উদ্যোগত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা। দশম বছৰত ভৰি দিয়াৰ পিছত সাপ্তাহিক আলোচনী লেলটে উইকলিয়ে ইয়াৰ সংগঠনৰ দায়িত্ব লয়।
-
মিছামাছৰ মালাই কাৰি
মিছামাছৰ মালাই কাৰি এটি জনপ্ৰিয় বঙালি খাদ্য, যি মিছামাছ আৰু নাৰিকলৰ গাখীৰেৰে প্ৰস্তুত কৰা হয়। লগতে সোৱাদৰ কাৰণে মচলা ব্যৱহাৰ কৰা হয়। পশ্চিম বংগ আৰু বাংলাদেশ, উভয় অঞ্চল জুৰি এই খাদ্য বিখ্যাত। সাধাৰণতে বিয়া, উৎসৱ আৰু অতিথি আপ্যায়ন কৰিবলৈ মিছামাছৰ মালাই কাৰি প্ৰস্তুত কৰা হয়।
-
মিঠা আলুৰ ভাজি
মিঠা আলুৰ ভাজি জনপ্ৰিয় আলু ভাজিকে ধৰি বিভিন্ন খাদ্য আৰু খাদ্যত ভজা মিঠা আলুৰ বৈশিষ্ট্য আছে, যিটো আলুৰ পৰিৱৰ্তে মিঠা আলু ব্যৱহাৰ কৰা ফ্ৰেন্স ফ্ৰাইৰ প্ৰকাৰ। গিনিৰ খাদ্যত ভজা মিঠা আলুক পেটেট বুলি জনা যায়, য'ত ই আলুতকৈ অধিক জনপ্ৰিয় আৰু ভাজি বনাবলৈ অধিক ব্যৱহাৰ কৰা হয়।
-
মুকাদাছা আহমদজাই
মুকাদাছা আহমদজাই Muqadasa Ahmadzai,(জন্ম-১৯৯২/১৯৯৩) ২০১৮ চনৰ আফগান সংসদীয় নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা এগৰাকী আফগান সমাজ কৰ্মী, ৰাজনীতিবিদ আৰু কবি। N-Peace বঁটা লাভ কৰা মুকাদাছাই ২০২১ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত অন্যতম হিচাপে নিৰ্বাচিত হৈছিল।
-
মেঘালয়ৰ বিদ্যালয় শিক্ষা পৰিষদ
ভাৰতৰ মেঘালয় ৰাজ্যত বিদ্যালয় শিক্ষাৰ সৈতে জড়িত বিষয়সমূহ নিয়ন্ত্ৰণ, নিয়ন্ত্ৰণ আৰু তদাৰকীৰ বাবে মেঘালয় ব’ৰ্ড অৱ স্কুল এডুকেচন এক্ট, ১৯৭৩ অনুসৰি মেঘালয় ব’ৰ্ড অৱ স্কুল অৱ এডুকেচন (এমব’এছই) গঠন কৰা হৈছিল।
-
মেৰা পিঠা
মেৰা বা দাউল্লাহ হৈছে এক প্ৰকাৰৰ শীতকালীন পিঠা যি বাংলাদেশত বিশেষকৈ চিলেট আৰু বৃহত্তৰ ময়মেনসিং আৰু চুবুৰীয়া জিলাত অতি জনপ্ৰিয়। ইয়াক চাউলৰ গুৰি, নিমখ, চেনি, নাৰিকল আদিৰে তৈয়াৰ কৰা হয়। কিছুমান ক্ষেত্ৰত ইয়াক গোটেই পিঠা বা ভাপ তৈয়াৰ কৰা চান্নাই বুলিও কোৱা হয়।
-
মেৰিয়ান অ'গ্ৰেডী
মেৰিয়ান অ'গ্ৰেডী (Marianne O'Grady) এগৰাকী আমেৰিকান শিক্ষয়িত্ৰী আৰু কেয়াৰ ইণ্টাৰনেশ্যনেলৰ আফগানিস্তানৰ উপ-দেশীয় পৰিচালক৷ তেওঁ কৈছিল যে কাবুলৰ পতনত তালিবানে "লাখ লাখ মানুহক অশিক্ষিত কৰিব নোৱাৰে" (২০২১)৷ তেওঁ আশা কৰিছিল যে মহিলাসকলে আন মহিলা আৰু কিশোৰীক শিকাই থাকিব, যদিও তেওঁলোকক "দেৱালৰ আঁৰত"…
-
মেৰী আক্ৰামী
মেৰী আক্ৰামী (Mary Akarami, ১৯৭৫ বা ১৯৭৬ (বয়স ৪৮–৪৯) আফগান মহিলা দক্ষতা বিকাশ কেন্দ্ৰৰ পৰিচালিকা। ২০০১ চনৰ বন সন্মিলনত তেওঁ আফগান নাগৰিক সমাজক প্ৰতিনিধিত্ব কৰিছিল। ২০০৩ চনত আফগান মহিলা দক্ষতা বিকাশ কেন্দ্ৰই আফগানিস্তানৰ কাবুলত প্ৰথম মহিলা আশ্ৰয় শিবিৰ মুকলি কৰে।
-
মোলাকালমুৰু শাৰী
মোলাকালমুৰু শাৰী, যাক কৰ্ণাটক কাঞ্চিপুৰম বুলিও কোৱা হয়, ভাৰতৰ কৰ্ণাটকৰ চিত্ৰদুৰ্গা জিলাৰ মোলাকালমুৰুত বোৱা পৰম্পৰাগত ৰেচমৰ শাৰী। In 2011, it was granted a Geographical Indication tag ২০১১ চনত ইয়াক ভৌগোলিক সূচক টেগ প্ৰদান কৰা হয় আৰু ইয়াৰ টেগ নম্বৰ ৫৩।
-
মৰিগাঁও চিকিৎসা মহাবিদ্যালয়
মৰিগাঁও চিকিৎসা মহাবিদ্যালয় হৈছে অসমৰ মৰিগাঁও জিলাৰ বঘৰাত নিৰ্মাণ হ'বলগীয়া এখন প্ৰস্তাৱিত চৰকাৰী চিকিৎসা মহাবিদ্যালয়।
-
লক্ষীমপুৰ বালিকা মহাবিদ্যালয়
লক্ষীমপুৰ বালিকা মহাবিদ্যালয় (Lakhimpur Girls' College) লক্ষীমপুৰ বালিকা মহাবিদ্যালয় ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ এখন মহাবিদ্যালয়।
-
লঙ্কা মহাবিদ্যালয়
লঙ্কা মহাবিদ্যালয় (Lanka Mahavidyalaya) হৈছে ১৯৭৯ চনত স্থাপিত অসমৰ হোজাই জিলাৰ লঙ্কাত অৱস্থিত এখন সাধাৰণ স্নাতক মহলাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়
ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয় (Lalit Chandra Bharali College) হৈছে ১৯৭১ চনত স্থাপিত অসমৰ গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এখন সাধাৰণ স্নাতকৰ সহ-শিক্ষাৰ শিক্ষানুষ্ঠান। এই মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।
-
লাও পানী
লাওপানী বা নাম লাও (𑜃𑜪 𑜎𑜰𑜫;English: Nam Lao / Hajpani) হ'ল লাওৰ এটা পনীয়া ৰূপ। ই আহোম ভাষাৰ শব্দ। ইয়াক আহোম জনগোষ্ঠীৰ দ্বাৰা প্ৰস্তুত কৰা হয়।
-
লাচিত বৰফুকন পুলিচ একাডেমী
লাচিত বৰফুকন পুলিচ একাডেমী (ইংৰাজী: Lachit Barphukan Police Academy) গোলাঘাট জিলাৰ দেৰগাঁৱত অন্তৰ্গত আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰ। পূৰ্বতে অসমআৰক্ষী প্ৰশিক্ষণ মহাবিদ্যালয় নামেৰে পৰিচিত এই প্ৰশিক্ষণ কেন্দ্ৰ অসমৰ বীৰ তথা আহোম সেনাপতি লাচিত বৰফুকনৰ প্ৰতি সন্মান জনাই লাচিত বৰফুকন পুলিচ একাডেমী নামেৰে…
-
লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী
লাল বাহাদুৰ শাস্ত্ৰী ৰাষ্ট্ৰীয় প্ৰশাসন একাডেমী (ইংৰাজী: Lal Bahadur Shastri National Academy of Administration, সংক্ষেপে LBSNAA) ভাৰতত সাৰ্বজনিক নীতি আৰু লোক প্ৰশাসনৰ প্ৰশিক্ষণ প্ৰতিষ্ঠান। কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা পৰিচালিত এই একাডেমীখন উত্তৰাখণ্ডৰ মুচৌৰীত অৱস্থিত।
-
লালেহ ওচমানী
লালেহ ওচমানী (Laleh Osmany, জন্ম-১৯৯২) আফগানিস্তানৰ এগৰাকী মহিলা অধিকাৰ কৰ্মী৷ তেওঁ আফগানিস্তানত মহিলাৰ নাম ৰাজহুৱাভাৱে ব্যৱহাৰ নকৰা পৰম্পৰাটোৰ বিৰোধিতা কৰি ছ’চিয়েল মিডিয়া অভিযান #WhereIsMyNameৰ আৰম্ভ কৰিছিল। তেওঁৰ কামৰ বাবে ২০২০ চনত বিবিচিৰ ১০০ গৰাকী মহিলাৰ ভিতৰত স্বীকৃতি লাভ কৰে।
-
লেডী কিন কলেজ
লেডী কিন কলেজ ভাৰতবৰ্ষৰ মেঘালয় ৰাজ্যত শ্বিলং অৱস্থিত আটাইতকৈ পুৰণি মহিলা সাধাৰণ ডিগ্ৰী মহাবিদ্যালয়। ১৯৩৫ চনত মহাবিদ্যালয়খন স্থাপিত কৰা হৈছে। এই মহাবিদ্যালয়খন উত্তৰ-পূব ভাৰতৰ প্ৰথম মহিলা ডিগ্ৰী মহাবিদ্যালয়। এই মহাবিদ্যালয়খন নৰ্থ ইষ্টাৰ্ণ হিল ইউনিভাৰ্চিটিৰ সৈতে জড়িত।
-
ল’ক-ল’ক
ল’ক-ল’ক (ইংৰাজী: Lok-lok) হৈছে এক প্ৰকাৰৰ পৰম্পৰাগত মালয়েছিয়ান হট পট শৈলীৰ ব্যঞ্জন। ইয়াত বিভিন্ন ধৰণৰ মাংস, মাছ আৰু পাচলি শলাত ভৰাই ভ্ৰাম্যমাণ দোকানৰ জৰিয়তে গ্ৰাহকক পৰিৱেশন কৰা হয়। এইবিধ মালয়েছিয়াৰ এক অত্যন্ত জনপ্ৰিয় পথৰ কাষৰ খাদ্য।
-
শ (বঙালী)
শ (বঙালী লিপিত শ, আই-পি-এ:/ʃɔ/) বঙালী ব্যঞ্জনবৰ্ণমালাৰ ৩০তম আখৰ। ই এটি ব্যঞ্জনবৰ্ণ, অৰ্থাৎ শ উচ্চাৰণ কৰোঁতে হাওঁফাওঁৰ পৰা অহা বায়ু মুখত ক'ৰবাত নহয় ক'ৰবাত বাধা প্ৰাপ্ত হৈছে।
-
শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া
শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ ৰঙিয়া চহৰত অৱস্থিত এখন অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯৮৭ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ৰঙিয়া চহৰত সৰ্বাংগীণ শিক্ষাৰ উদ্দেশ্য আগত লৈ স্থাপিত এই বিদ্যালয়খন অখিল ভাৰতীয় শিক্ষানুষ্ঠান বিদ্যা ভাৰতীৰ অন্তৰ্গত আৰু শিশু শিক্ষা সমিতি, অসমৰ দ্বাৰা…
-
শঙ্কৰদেৱ শিশু নিকেতন, মাধপুৰ
শংকৰদেৱ শিশু নিকেতন, মাধপুৰ ২০০৮ চনত বিদ্যা ভাৰতীৰ অধীনত শঙ্কৰদেৱ শিশু নিকেতন পৰিচালনা কমিটীৰদ্বাৰা, মাধপুৰ গাঁৱত স্থাপিত হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০২৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণৰ হাৰ অটুট ৰাখিছে।
-
শদিয়া মহাবিদ্যালয়
শদিয়া মহাবিদ্যালয় অসমৰ তিনিচুকীয়া জিলাৰ শদিয়াত অৱস্থিত এখন সাধাৰণ মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৮২ চনত স্থাপন কৰা হৈছে। এইখন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাঠদান কৰে।