অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নীলা ইব্ৰাহীমী

নীলা ইব্ৰাহিমী (Nila Ibrahimi. জন্ম ২০০৬ বা ২০০৭) আফগানিস্তানৰ এগৰাকী জনগোষ্ঠীয় হাজাৰা আফগান কিশোৰী কৰ্মী৷ তেওঁ মহিলাৰ অধিকাৰৰ পোষকতা কৰে। ২০২১ চনৰ মাৰ্চ মাহত আফগানিস্তানে ১২ বছৰৰ ঊৰ্ধৰ ছোৱালী আৰু মহিলাক ৰাজহুৱাভাৱে গান গোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ইব্ৰাহিমীয়ে এটা প্ৰতিবাদী গীত ৰেকৰ্ডিং কৰি…

হালনাগাদ: ২৮ ফেব্ৰুৱাৰী ২০২৫ ১১২ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

নীলা ইব্ৰাহিমী (Nila Ibrahimi. জন্ম ২০০৬ বা ২০০৭) আফগানিস্তানৰ এগৰাকী জনগোষ্ঠীয় হাজাৰা আফগান কিশোৰী কৰ্মী৷ তেওঁ মহিলাৰ অধিকাৰৰ পোষকতা কৰে।১

২০২১ চনৰ মাৰ্চ মাহত আফগানিস্তানে ১২ বছৰৰ ঊৰ্ধৰ ছোৱালী আৰু মহিলাক ৰাজহুৱাভাৱে গান গোৱাত নিষেধাজ্ঞা আৰোপ কৰাৰ পিছত ইব্ৰাহিমীয়ে এটা প্ৰতিবাদী গীত ৰেকৰ্ডিং কৰি অনলাইনত প্ৰকাশ কৰে৷ গীতটো ভাইৰেল হৈ পৰে আৰু শ্ৰোতা-দৰ্শকৰ মনোযোগ আকৰ্ষণ কৰে।২সেই বছৰৰ শেষৰ ফালে তালিবানে দেশখন পুনৰ নিয়ন্ত্ৰণ কৰাৰ পিছত তেওঁ আৰু তেওঁৰ পৰিয়াল পাকিস্তানলৈ আৰু তাৰ পিছত কানাডালৈ পলায়ন কৰে। পাকিস্তানত থকাৰ সময়ত ইব্ৰাহিমীয়ে ৩০ বাৰ্ডছ ফাউণ্ডেশ্যনৰ সৈতে কাম কৰি ২০০ গৰাকী ছোৱালীক আফগানিস্তানৰ পৰা উলিয়াই আনিবলৈ ধন সংগ্ৰহ কৰিছিল।২

কানাডাত ইব্ৰাহীমী আৰু তেওঁৰ ভ্ৰাতৃয়ে হাৰ ষ্ট'ৰী নামৰ এটা সংস্থা প্ৰতিষ্ঠা কৰে যিয়ে আফগান ছোৱালীৰ কাহিনী ভাগ-বতৰা কৰা আৰু তেওঁলোকৰ সন্মুখীন হোৱা সমস্যাসমূহৰ বিষয়ে সজাগতা সৃষ্টি কৰাৰ লক্ষ্য ৰাখে।২

২০২৪ চনৰ ১৯ নৱেম্বৰত তেওঁ আন্তঃৰাষ্ট্ৰীয় শিশু শান্তি বঁটা৩ লাভ কৰে, যিটো বঁটা জলবায়ু কৰ্মী গ্ৰেটা থানবাৰ্গ আৰু মালালা ইউছুফজাইকে ধৰি বিশিষ্ট ব্যক্তিসকলেও লাভ কৰিছে।২

তথ্যসূত্ৰ

  1. ↑ Whiteman, Hilary. (2024-11-19). Afghan girl who encouraged others to sing wins children's peace prize. CNN
  2. ↑ Croft, Alex. (2024-11-20). Singing teenager who gave Afghan women a voice wins Children's Peace Prize. The Independent
  3. ↑ (2024-11-19). Afghan teen, Nila Ibrahimi (17), wins International Children's Peace Prize 2024 fighting for girls' and women's rights in Afghanistan. KidsRights Foundation

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীলা ইব্ৰাহীমী” প্ৰবন্ধৰ সংশোধন ৪৮৩৯২২ (২৮ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।