থাংগল জনগোষ্ঠী উত্তৰ-পূব ভাৰতৰ মণিপুৰ ৰাজ্যৰ সেনাপতি জিলাত বসবাস কৰা এহ তিব্বত-বৰ্মন মূলৰ জনগোষ্ঠী। তেওঁলোকে মাৰামৰ সৈতে মিল থকা থাংগল ভাষা আৰু ৰংমেই ভাষা কয়।১ নৃতাত্ত্বিক গ্ৰন্থ অনুসৰি তেওঁলোকে মেইটেই ভাষাক দ্বিতীয় ভাষা হিচাপে ব্যৱহাৰ কৰে।২
বৰ্তমান ১৩খন থাংগল গাঁও আছে। সেনাপতি জিলাৰ এঘাৰখন পাহাৰীয়া গাঁৱত এওঁলোকক পোৱা যায়, এইকেইখন হ’ল: অংকাইলংডি, কাটোমেই মাকেং, মাকেং চেইজিনবা, ঙাইহাং, মাপাও থাংগল, মায়াংখাং, নিংথৌফাম, থাংগল চুৰুং, টুমনৌপকপি, য়াইকোংপাও আৰু তাকাইমেই।৩
সমাজ
পৰম্পৰাগতভাৱে থাংগলসকলে উদ্যানপালন আৰু কৃষি উভয়তে কাম কৰে।৩
১৩ আগষ্ট থাংগল দিৱস হিচাপে পালন কৰা হয়। ১৮৯১ চনত থাংগল মেঞ্জোৰ বা জনপ্ৰিয়ভাৱে থাংগল জেনেৰেল নামেৰে বেছি পৰিচিত লুংথৌবু থাংগল৪ শ্বহীদ হোৱাৰ স্মৃতিত এই কাম কৰা হৈছে।
তথ্যসূত্ৰ
- ↑ Thangal language. Ethnologue
- ↑ Meitei · Ethnologue. Ethnologue
- ↑ Pampuinath, Babina; Meitei, Maibam Dhanaraj. (2021-03-10). Traditional Knowledge of Medicinal Plants among the Thangal–Naga Ethnic Group of Manipur, India. Current Science. পৃ. 945
- ↑ Thangal General descendant of the hills. Manipur Online
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “থাংগল (জনগোষ্ঠী)” প্ৰবন্ধৰ সংশোধন ৫৩৯৬৬২ (২২ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।