নিবী (নিভি, নিবি, নিবি) আছিল মহিলাই পৰিধান কৰা এক বস্ত্ৰ বিশেষ। এয়া আছিল কঁকালত মেৰিয়াই বা পিন্ধি শৰীৰৰ তলৰ অংশটো ঢাকিবলৈ লোৱা সাধাৰণ কাপোৰৰ টুকুৰা।
অৰ্থ
সংস্কৃত ভাষাত নিবী শব্দৰ অৰ্থ হৈছে নাৰীৰ কঁকালত পিন্ধা নিম্ন বস্ত্ৰ।১২৩
পৰিধান
ঢাকি ৰখা আৰু মেৰিয়াই লোৱাটো আছিল প্ৰাচীন ভাৰতীয় সাজ-পোছাকৰ সাধাৰণ ৰূপ। ই বৈদিক যুগৰ অন্তৰংগ বস্ত্ৰ আৰু নাৰীৰ সাজ-পোছাকৰ ভিতৰত আটাইতকৈ সংবেদনশীল। বেদত সমসাময়িক সাজ-পোছাকৰ বৰ্ণনা মেৰিয়াই লোৱা কাপোৰৰ ব্যৱহাৰ আৰু শৈলী অনুসৰি কৰা হৈছে। উত্তৰীয়াই শৰীৰৰ ওপৰৰ বস্ত্ৰ, আদিবাসে বাহ্যিক বস্ত্ৰ আৰু বাছে তলৰ শৰীৰৰ বস্ত্ৰ বুজায়। গতিকে নিবীক বাছ হিচাপে শ্ৰেণীভুক্ত কৰিব পাৰি, এয়া আছিল এটুকুৰা সাধাৰণ আয়তাকাৰ কাপোৰ।৪৫৬৭
শৈলী
নিবী বিন্যাস
মহিলাসকলে নিবীখন কঁকালত খুচি ৰাখিছিল। ল শৰীৰৰ ওপৰৰ অংশটো মুকলি কৰি থৈ মহিলাৰ শৰীৰৰ তলৰ অংশৰ বাবে ই আছিল ভিতৰৰ মেৰিয়াই পিন্ধা বস্ত্ৰ, পুৰণি কালত ইয়াক ‘নিবী বান্ধ’ বুলিও জনা গৈছিল।৮১
লগতেৱচাওক
তথ্যসূত্ৰ
- ↑ (1985). Bhāratī: Bulletin of the College of Indology. The College. পৃ. 79
- ↑ www.wisdomlib.org. (2018-06-07). Nivi, Nivī, Nīvi: 12 definitions. www.wisdomlib.org
- ↑ Kālidāsa; Wilson, Horace Hayman. (1867). The Megha Dūta. Trübner & Company. পৃ. 132
- ↑ Dr. Priti Mitra. (November 1985). Indian Culture And Society In The Vedas. পৃ. 87
- ↑ Das, Sukla. (1980). Socio-Economic Life Of Northern India. Abhinav Publications. পৃ. 150. ISBN 978-81-7017-116-4
- ↑ Hollander, Anne. (1975). The Fabric of Vision: The Role of Drapery in Art. The Georgia Review. পৃ. 414–465
- ↑ Dutta, Pradyot Kumar. (1995). Life Style and Technical Occupations in the Vedic Age. Sanskrit Pustak Bhandar. পৃ. 18
- ↑ Mahapatra, N. N. (2016). Sarees of India. Woodhead Publishing India PVT. Limited. পৃ. 3. ISBN 978-93-85059-69-8
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিভি (বস্ত্ৰ)” প্ৰবন্ধৰ সংশোধন ৪৭৪৩৩০ (১০ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।