অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

নু কং হক হুই

নু কং হক হুই (ভিয়েটনামীজ: Nữ công Học hội; অৰ্থ: "মহিলা শ্ৰম অধ্যয়ন গোট") আছিল ১৯২৬ চনত প্ৰতিষ্ঠিত ভিয়েটনামৰ এটা মহিলা সংগঠন। এইটো ভিয়েটনামৰ প্ৰথমটো মহিলা সংগঠন আছিল।

হালনাগাদ: ২৫ মাৰ্চ ২০২৬ ৯৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

নু কং হক হুই (ভিয়েটনামীজ: Nữ công Học hội; অৰ্থ: "মহিলা শ্ৰম অধ্যয়ন গোট") আছিল ১৯২৬ চনত প্ৰতিষ্ঠিত ভিয়েটনামৰ এটা নাৰী সংগঠন। এইটো ভিয়েটনামৰ প্ৰথমটো মহিলা সংগঠন আছিল।১

১৯১৯ চনত সুওং নগুৱেট আনৰদ্বাৰা নু গিঅ’ই চুং (মহিলাৰ সংবাদ) প্ৰকাশ পোৱাৰ পিছৰেপৰা ভিয়েটনামৰ উচ্চ আৰু মধ্যবিত্ত শ্ৰেণীৰ শিক্ষিত মহিলাসকলৰ নেতৃত্বত এটা নাৰীবাদী আন্দোলনৰ সূচনা হৈছিল আৰু ‘নু কং হক হুই’ ইয়াৰ প্ৰথমটো সংগঠন আছিল।১

১৯২৬ চনত হুৱেত নগুৱেন খোয়া তুঙে (ডাম ফুঅং) এই সংগঠনটো প্ৰতিষ্ঠা কৰিছিল। ইয়াৰ উদ্দেশ্য আছিল মহিলাৰ সামাজিক স্থিতিৰ উন্নতিৰ বাবে কাম কৰা, বিশেষকৈ শিক্ষা আৰু পেছাদাৰী সুযোগৰ ক্ষেত্ৰত।১ ডাম ফুঅঙৰ নেতৃত্বত সংগঠনটোৱে মহিলাৰ সমস্যাসমূহৰ সমৰ্থনত অভিযান চলাইছিল, বিশেষকৈ শিক্ষা আৰু বৃত্তিগত বিষয়ত, যিবোৰ সেই সময়ৰ মধ্যবিত্ত নাৰীবাদীসকলৰ বাবে আগ্ৰহৰ মূল বিষয় আছিল। ই ৰাজনৈতিক অধিকাৰ, বহুবিবাহৰ সমস্যা আৰু বাল্যবিবাহৰ বিষয়েও মাত মাতিছিল। সংগঠনটোৰ নিজাকৈ এটা প্ৰকাশনো আছিল।

ভিয়েটনামৰ মহিলা আন্দোলনত এই সংগঠনটোৰ প্ৰভাৱ আছিল আৰু ইয়াৰ পিছতে ১৯২৯ চনত একেধৰণৰ ‘নু লু হক হুই’ (মহিলা অধ্যয়ন সংস্থা) গঢ়ি উঠিছিল। যদ্যপি সংগঠনটোৱে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছিল আৰু সেই সময়ৰ ৰাজহুৱা তৰ্কত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিছিল, তথাপি ই খুব কম দৃশ্যমান সফলতা লাভ কৰিছিল আৰু ১৯৩১ চনত ই বিলুপ্ত হয়। ফৰাচী ঔপনিৱেশিক কৰ্তৃপক্ষই মহিলাৰ শিক্ষাৰ সমৰ্থন কৰিছিল, কাৰণ তেওঁলোকে ইয়াক স্থানীয় সংস্কৃতি দুৰ্বল কৰি ফৰাচী নিয়ন্ত্ৰণ শক্তিশালী কৰাৰ উপায় হিচাপে দেখিছিল। কিন্তু তেওঁলোকে ফৰাচী ভাষা নাৰীবাদৰ প্ৰভাৱ ভাল পোৱা নাছিল, যিয়ে উপনিৱেশখনত এক বৈপ্লৱিক মতাদৰ্শৰ প্ৰতিনিধিত্ব কৰিছিল।২ সমান্তৰালভাৱে, কনফুচীয় ভিয়েটনামী পুৰুষ সমাজ আৰু বুদ্ধিজীৱীসকলে নাৰীবাদক অপছন্দ কৰিছিল কাৰণ ই ফ্ৰান্সৰপৰা আহিছিল। তেওঁলোকে ভিয়েটনামী মহিলাসকলৰপৰা আশা কৰিছিল যে তেওঁলোকে স্থানীয় কনফুচীয় ভিয়েটনামী সংস্কৃতিৰ সৈতে সংগতি ৰাখি ঔপনিৱেশিক শক্তিৰ বিৰুদ্ধে দেশপ্ৰেমমূলক সমৰ্থন প্ৰদৰ্শন কৰিব।২ ১৯৩০-ৰ দশকত ভিয়েটনামী অভিজাত নাৰীবাদৰ বিফলতাৰ পিছত লাহে লাহে ইণ্ডোচাইনিজ কমিউনিষ্ট পাৰ্টি (ICP) আৰু ইয়াৰ মহিলা শাখা ভিয়েটনামী মহিলা ইউনিয়নৰ (VWU) সৈতে নাৰীবাদ অধিক জড়িত হৈ পৰে।৩

তথ্যসূত্ৰ

  1. ↑ Marr, David. (1976). The 1920s Women's Rights Debates in Vietnam. The Journal of Asian Studies. পৃ. 371–389
  2. ↑ Chiricosta, Alessandra. (2010). Women's Movements in Asia: Feminisms and Transnational Activism. Routledge. পৃ. 127–130. ISBN 9780415487023
  3. ↑ Tétreault, Mary Ann. (1996). Vietnam's Women in Transition. St. Martin's. পৃ. 40–41. ISBN 9780312128302

সম্পৰ্কিত শ্ৰেণী

ভিয়েটনামমহিলা সংগঠন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নু কং হক হুই” প্ৰবন্ধৰ সংশোধন ৫৯৩৯৬৫ (২৫ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।