অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

নিমাতী ঘাট

নিমাতী ঘাট হৈছে যোৰহাট জিলাৰ এটা ব্যস্ত নদী ঘাট। ইয়াৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে। ফেৰীয়ে হৈছে মাজুলীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰাৰ একমাত্ৰ মাধ্যম।

হালনাগাদ: ১৯ আগষ্ট ২০১৩ ৮১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

নিমাতী ঘাট হৈছে যোৰহাট জিলাৰ এটা ব্যস্ত নদী ঘাট। ইয়াৰ পৰাই দৈনিক মাজুলীলৈ ফেৰী চলাচল কৰে। ফেৰীয়ে হৈছে মাজুলীৰ পৰা যোৰহাটলৈ অহা-যোৱা কৰাৰ একমাত্ৰ মাধ্যম।

ইতিহাস

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ককিলামুখ জাহাজ ঘাটেদি যুদ্ধৰ সামগ্ৰী, তেল, খাদ্যবস্তু আনিব লগা হৈছিল। ককিলামুখ জাহাজ ঘাটটো তৰাং হৈ পৰাত, ওচৰতে মাটিৰে বন্ধাই এটা নতুন ঘাট নিৰ্মাণ কৰা হৈছিল। এইদৰে নতুন মাটি দি জাহাজ ঘাট বন্ধোৱাত বিহাৰী শ্ৰমিকবিলাকে এই ঘাটৰ কথা কওঁতে ‘নয়া মাটি ঘাট’ বুলি কৈছিল। এনেদৰে ঘাটটোৰ নাম ‘নয়ামাটি’ বা ‘নিয়ামাটি’ হৈ শেষত নিমাতি হ’লগৈ।১

তথ্যসূত্ৰ

  1. ↑ ড০ অমূল্য শৰ্মা. (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃ. ৭৭, ৭৮, ৭৯ পৃষ্ঠা

সম্পৰ্কিত শ্ৰেণী

যোৰহাট জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নিমাতী ঘাট” প্ৰবন্ধৰ সংশোধন ১২৭১২৭ (১৯ আগষ্ট ২০১৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।