নাহৰলগুন (Naharlagun) উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশ ৰাজ্যত অৱস্থিত এখন নগৰ৷
ভৌগোলিক অৱস্থান
নাহৰলগুন সাগৰ পৃষ্ঠৰ পৰা ২০০ মিটাৰ উচ্চতাত অৱস্থিত৷ নগৰখন চাৰিওদিশে পৰ্বতেৰে আগুৰা৷ নগৰখনৰ জলবায়ু অৰ্ধ-ক্ৰান্তীয় (sub-tropical)৷
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি নাহৰলগুনৰ জনসংখ্যা ৩৬,১৫৮ জন৷ ইয়াৰে ১৮,০৯০ জন পুৰুষ আৰু ১৮,০৬৮ গৰাকী মহিলা৷১ নাহৰলগুনৰ সাক্ষৰতাৰ হাৰ ৭২.৮% (পুৰুষৰ ৭৭.৫% আৰু মহিলাৰ ৬৮.১%)৷
যাতায়ত
নাহৰলগুন অৰুণাচল প্ৰদেশৰ প্ৰথমটো ৰে’লৱে ষ্টেচন নাহৰলগুন ৰে’লৱে ষ্টেচনেৰে দেশৰ অন্যান্য প্ৰান্তৰ লগত সংযুক্ত৷ এই নগৰৰ পৰা ডিব্ৰুগড় আৰু গুৱাহাটীৰ বিমানবন্দৰলৈ পৱন হংস (Pawan Hans)-ৰ দ্বাৰা পৰিচালিত হেলিকপ্টাৰ সেৱাও আছে৷ ঘাইপথেৰে এই নগৰৰ পৰা গুৱাহাটীলৈ দুৰত্ব ৩৮০ কিলোমিটাৰ৷
তথ্যসূত্ৰ
- ↑ Census of India Search details. censusindia.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নাহৰলগুন” প্ৰবন্ধৰ সংশোধন ১৮৬৮০৬ (২৫ ডিচেম্বৰ ২০১৮)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।