মাউংদাও জিলা (မောင်တောခရိုင်) পশ্চিম ম্যানমাৰ (বাৰ্মা)ৰ ৰাখাইন ৰাজ্যৰ এখন জিলা। ইয়াৰ ৰাজধানী চহৰ মাউংদাও আৰু জনসংখ্যাৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত প্ৰায় ২৯৫ জন। মাউংদাও জিলাৰ জনসংখ্যাৰ প্ৰায় ৯১ শতাংশ মুছলমান, যাৰ ফলত ই ম্যানমাৰৰ সৰ্বাধিক মুছলমান থকা জিলা হিচাপে পৰিগণিত হৈছে। চুবুৰীয়া ছিট্টৱে জিলাৰ কিছু অংশৰ লগতে মাউংডাও জিলাকো অনানুষ্ঠানিকভাৱে উত্তৰ ৰাখাইন ৰাজ্য বুলিও কোৱা হয়।১
শেহতীয়াকৈ বহু মুছলমান এই অঞ্চলৰ পৰা শৰণাৰ্থী হিচাপে চুবুৰীয়া বাংলাদেশলৈ পলায়ন কৰিছে।২
তথ্যসূত্ৰ
- ↑ Myanmar, Northern Rakhine State. UNHCR. United Nations High Commissioner for Refugees
- ↑ Northern Rakhine State, June 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মাউংদাও জিলা” প্ৰবন্ধৰ সংশোধন ৪৩৮৬৬০ (১৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।