ভাৰতৰ ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীক ১১ খন জিলাত ভাগ কৰা হৈছে।১ ১৯৯৭ চনৰ জানুৱাৰী মাহত ইয়াৰে ৯ খন জিলাৰ গঠন কৰা হয়। তাৰ আগতে দিল্লীত কেৱল এখনেই জিলা আছিল আৰু তাৰ সদৰ আছিল তিচ-হাজাৰী। ২০১২ চনৰ ছেপ্টেম্বৰত নতুনকৈ দুখন জিলাৰ গঠন কৰা হয়: এই দুখন হৈছে দক্ষিণ পূব দিল্লী জিলা আৰু শাহদৰা জিলা।২ বৰ্তমানৰ প্ৰতিখন জিলাৰ মুৰব্বী হৈছে জিলা উপায়ুক্ত আৰু প্ৰতিখন জিলাকে তিনিটা মহকুমাত বিভক্ত কৰা হৈছে।
| +ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল দিল্লীৰ জিলাসমূহ | নং | জিলা | সদৰ | মহকুমা | |
| ১ | নতুন দিল্লী | কনট প্লেচ | চাণক্যপুৰী | দিল্লী ছাউনী | বসন্ত বিহাৰ |
| ২ | উত্তৰ দিল্লী | আলিপুৰ | মডেল টাউন৩ | নাৰেলা | আলিপুৰ |
| ৩ | উত্তৰ পশ্চিম দিল্লী | কানঝাৱালা | ৰোহিনী | কানঝাৱালা | সৰস্বতী বিহাৰ |
| ৪ | পশ্চিম দিল্লী | ৰাজৌৰী গাৰ্ডেন | পটেল নগৰ | পঞ্জাবী বাগ | ৰাজৌৰী গাৰ্ডেন |
| ৬ | দক্ষিণ পশ্চিম দিল্লী | দ্বাৰকা | দ্বাৰকা | নজফগড় | কাপাশেৰা |
| ৬ | দক্ষিণ দিল্লী | চাকেট | চাকেট | হৌজ খাচ | মেহৰুলি |
| ৭ | দক্ষিণ পূব দিল্লী | ডিফেন্স কলনী | ডিফেন্স কলনী | কালকাজি | চৰিতা বিহাৰ |
| ৮ | মধ্য দিল্লী | দৰিয়াগঞ্জ | ক'টৱালি | চিভিল লাইন্চ | কৰোল বাগ |
| ৯ | উত্তৰ পূব দিল্লী | নন্দ নগৰী | চীলমপুৰ | যমুনা বিহাৰ | কাৰাৱাল নগৰ |
| ১২ | শাহদৰা | শাহদৰা | শাহদৰা | শীমাপুৰী | বিবেক বিহাৰ |
| ১১ | পূব দিল্লী | প্ৰীত বিহাৰ | গান্ধী নগৰ | প্ৰীত বিহাৰ | ময়ূৰ বিহাৰ |
তথ্যসূত্ৰ
- ↑ districts of delhi
- ↑ Two new districts added to Delhi in 2012
- ↑ North West District: Organisation Setup. Government of Delhi website
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দিল্লীৰ জিলাসমূহ” প্ৰবন্ধৰ সংশোধন ২০৭৫৪৯ (২০ অক্টোবৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।