অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বলকান অঞ্চল

বলকান অঞ্চল ( The Balkans ) বুলি দক্ষিণ-পূৱ ইউৰোপৰ এটা ঐতিহাসিক অঞ্চলক বুজায়। ইয়াৰ পূবে কৃষ্ণ সাগৰ, পশ্চিমে এড্ৰিয়াটিক সাগৰ, দক্ষিণে ভূমধ্য সাগৰ। ডানিউব, সাভা আৰু কুপা নদীকেইখনে এই অঞ্চলৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰে।

হালনাগাদ: ২৬ জুলাই ২০২৫ ৯৬ শব্দ · ১ মিনিট সংগৃহীত ৭০
সংশোধনৰ পৰামৰ্শ

বলকান অঞ্চল ( The Balkans ) বুলি দক্ষিণ-পূৱ ইউৰোপৰ এটা ঐতিহাসিক অঞ্চলক বুজায়।১২৩ ইয়াৰ পূবে কৃষ্ণ সাগৰ, পশ্চিমে এড্ৰিয়াটিক সাগৰ, দক্ষিণে ভূমধ্য সাগৰ। ডানিউব, সাভা আৰু কুপা নদীকেইখনে এই অঞ্চলৰ উত্তৰ সীমা নিৰ্ধাৰণ কৰে। বুলগেৰিয়াৰ পৰা পূব ছাৰ্বিয়ালৈকে বিস্তৃত বলকান পৰ্বতমালাৰ নামেৰে এই অঞ্চলটোৰ নাম লোৱা হৈছে। বলকান অঞ্চলৰ আয়তন প্ৰায় ৫,৫০,০০০ বৰ্গ কিলোমিটাৰ। এই অঞ্চলত প্ৰায় ৫৫ লাখতকৈয়ো অধিক লোকৰ বসতি ৷

ঐতিহাসিকভাৱে বলকান আছিল অট্টোমান সাম্ৰাজ্যৰ বা উসমানীয় সাম্ৰাজ্যৰ ইউৰোপীয় অংশ।

তলত উল্লেখ কৰা দেশসমূহক বলকান অঞ্চলৰ অন্তৰ্গত বুলি ধৰা হয়:

  • আলবেনিয়া
  • বচনিয়া আৰু হাৰ্জেগোভিনা
  • বুলগেৰিয়া
  • ক্ৰ'ৱেচিয়া
  • মণ্টেনিগ্ৰো
  • গ্ৰীচ
  • মেচিডোনিয়া
  • ছাৰ্বিয়া
  • ক'ছ'ভ'
  • ৰোমানিয়া
  • শ্লোভেনিয়া

তথ্যসূত্ৰ

  1. ↑ Gray, Colin S.; Sloan, Geoffrey. (2014). Geopolitics, Geography and Strategy. Routledge. ISBN 9781135265021
  2. ↑ Balkans. Encyclopædia Britannica
  3. ↑ Richard T. Schaefer. (2008). Encyclopedia of Race, Ethnicity, and Society. Sage. পৃ. 129. ISBN 978-1-4129-2694-2

সম্পৰ্কিত শ্ৰেণী

ভূগোল

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বলকান অঞ্চল” প্ৰবন্ধৰ সংশোধন ৫২৭৭৫৪ (২৬ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।