অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ধুবুৰী-ফুলবাৰী দলং

ধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণাধীন এখন দলং। ধুবুৰী-ফুলবাৰী দলংখন ২০২৬–২৭ চনৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে, এয়া নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলোমিটাৰতকৈ বেছি।

হালনাগাদ: ২৫ জুলাই ২০২৬ ১২৪ শব্দ · ১ মিনিট সংগৃহীত ৮৮
সংশোধনৰ পৰামৰ্শ

ধুবুৰী-ফুলবাৰী দলং হৈছে উত্তৰ-পূব ভাৰতৰ অসম আৰু মেঘালয়ৰ মাজেৰে বৈ যোৱা ব্ৰহ্মপুত্ৰ নদৰ ওপৰত নিৰ্মাণাধীন এখন দলং।১২

ধুবুৰী-ফুলবাৰী দলংখন ২০২৬–২৭ চনৰ ভিতৰত সমাপ্ত কৰাৰ পৰিকল্পনা কৰা হৈছে, এয়া নদীৰ ওপৰত ভাৰতৰ দীৰ্ঘতম দলং আৰু ইয়াৰ দৈৰ্ঘ্য প্ৰায় ১৯ কিলোমিটাৰতকৈ বেছি।২ বাংলাদেশ সীমান্তৰ নিচেই ওচৰত অৱস্থিত এই নিৰ্মাণাধীন দলংখন অসমৰ ধুবুৰীৰ সৈতে মেঘালয়ৰ ফুলবাৰীৰ লগত সংযুক্ত কৰিব, যিটো ১২৭ বি নং ৰাষ্ট্ৰীয় ঘাই পথৰ এক বিচ্ছিন্ন সংযোগ। সামৰিক কাম-কাজ ২০১৯-২০২০ ত আৰম্ভ হয়।৩৪ এই দলঙৰ কাম জাপান আন্তৰ্জাতিক সহযোগিতা সংস্থাৰ দ্বাৰা অৰ্থায়ন কৰা হৈ আছে আৰু এইটো এনএইচআইডিচিএল-ৰ দ্বাৰা কাৰ্যকৰ কৰা হ’ব। এইখন ভাৰতৰ ব্ৰহ্মপুত্ৰ নদৰ ওপৰত প্ৰস্তাৱিত ৬খন দলংৰ মাজত এখন৷৫২

নিৰ্মাণ

ধুবুৰী ফুলবাৰী দলংৰ দৃশ্য স্তম্ভ নং ১২৫ৰ পৰা
ধুবুৰী ফুলবাৰী দলংৰ দৃশ্য স্তম্ভ নং ১২৫ৰ পৰাছবি: Plentyhabib19 · CC BY-SA 4.0

এল এণ্ড টিয়ে এই প্ৰকল্পৰ নিৰ্মাণ চুক্তি অধিগ্ৰহণ কৰে, য’ত ধুবুৰী ফালে ৩.৫ কিলোমিটাৰ আৰু ফুলবাৰী ফালে ২.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ১২.৬২৫ কিলোমিটাৰ এপ্ৰ’চ ভায়াডাক্টকে ধৰি এখন নেভিগেচন দলং থাকিব, যি দুয়োফালে এপ্ৰ’চ ৰোড আৰু ইণ্টাৰচেঞ্জৰ সৈতে সংযুক্ত হ’ব।৬২

প্ৰায় ৪৯৯৭ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’বলগীয়া এই দলংখনে নদীৰ দুয়োপাৰৰ মাজত যাত্ৰা কৰিবলৈ ফেৰী সেৱাৰ ওপৰত নিৰ্ভৰশীল অসম আৰু মেঘালয়ৰ লোকসকলৰ দীৰ্ঘদিনীয়া চাহিদা পূৰণ কৰিব। ইয়াৰ জৰিয়তে পথেৰে যাতায়ত কৰিবলগীয়া ২০৫ কিলোমিটাৰ দূৰত্ব ১৯ কিলোমিটাৰলৈ হ্ৰাস পাব, যিটো দলংখনৰ মুঠ দৈৰ্ঘ্য।৭

বৰ্তমান স্থিতি

ধুবুৰী-ফুলবাৰী দলং
ধুবুৰী-ফুলবাৰী দলংছবি: হানিফ আলী · CC BY 4.0

২০২৬ চনৰ জুলাই মাহলৈকে ভাৰতীয় সংবাদ মাধ্যমে প্ৰায় ৭৬% কাম সম্পূৰ্ণ হোৱাৰ বাতৰি প্ৰকাশ কৰিছিল।৮ কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ তত্বাৱধানত এই প্ৰকল্পটো এন এইচ আই ডি চি এলৰ সক্ৰিয় ৰূপায়ণৰ অধীনত আছে। বৰ্তমানৰ পৰিকল্পনাসমূহে ২০২৮ চনৰ শেষৰ ফালে চূড়ান্ত সম্পূৰ্ণতা আৰু মুকলি কৰাৰ লক্ষ্য ৰাখিছে।৯

ধুবুৰী ফুলবাৰী দলংৰ কৰ্মশাল
ধুবুৰী ফুলবাৰী দলংৰ কৰ্মশালছবি: হানিফ আলী · CC BY-SA 4.0

বৈশিষ্ট্য

  • দৈৰ্ঘ্য: ১৯.৩ কিঃমিঃ৭
  • স্তম্ভ: ১৯৯টা ৮
  • ভাৰতৰ দীৰ্ঘতম দলং১

তথ্যসূত্ৰ

  1. ↑ Ifrah Mufti. India’s longest bridge set to come up between Assam & Meghalaya, impact millions of lives. theprint.in
  2. ↑ Construction of Four Lane Bridge including approaches over River Brahmaputra. nhidcl.com
  3. ↑ Dhubri Fulbari Bridge Abou. jagranjosh.com
  4. ↑ (Sentinel Digital Desk www.sentinelassam.com/top-headlines/dpr-for-12-6). DPR for 12.6-km Dhubri-Phulbari bridge submitted www.sentinelassam.com/top-headlines/dpr-for-12-6. sentinelassam.com
  5. ↑ Fencing to be over by December: Sonowal
  6. ↑ themetrorailguy.com/dhubri-phulbari-bridge-statu
  7. ↑ Dhubri–Phulbari Bridge: Building the Lifeline of Northeast Connectivity. nhidcl.com
  8. ↑ (July 9, 2026). Dhubri-Phulbari bridge 76% complete; set for 2028 finish. By Our Reporter. theshillongtimes.com
  9. ↑ Dhubri Phulbari Bridge, Length, Estimated Cost, Latest News

সম্পৰ্কিত শ্ৰেণী

ব্ৰহ্মপুত্ৰৰ ওপৰত দলংধুবুৰী জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধুবুৰী-ফুলবাৰী দলং” প্ৰবন্ধৰ সংশোধন ৬১৯৩১২ (২৫ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।