পট্টডাকাল স্মাৰকসমূহ (Group of Monuments at Pattadakal) ১৯৮৭ চনত ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা বিশ্ব ঐতিহ্য তালিকাৰ অন্তৰ্ভুক্ত হয়১ ২৩৪৫৬। ইয়াত নটা গুৰুত্বপূৰ্ণ হিন্দু মন্দিৰ আৰু এটা জৈন মঠ বিদ্যমান। ইয়াৰ মাজত বিৰুপক্ষ মন্দিৰটো ৭৪০ খ্ৰীষ্টাব্দত ৰাণী লোকমহাদেবীয়ে স্বামীৰ দক্ষিণ ভাৰত বিজয় উপলক্ষে নিৰ্মাণ কৰিছিল। ই এটি অনবদ্য স্থাপত্য নিদৰ্শন। এই মন্দিৰৰ উপৰিও ইয়াত আইহোল, বাদামি, পট্টডাকাল আৰু ষষ্ঠ শতাব্দীৰ চালুক্য ৰাজবংশৰ নিৰ্মিত একাধিক মন্দিৰ বিদ্যমান। সপ্তম শতাব্দীত পল্লবসকলে বাদামী অধিকাৰ কৰি কিছুকালৰ বাবে ইয়াত চালুক্য ৰাজ্যৰ ৰাজধানী পাতিছিল। এই মন্দিৰসমূহ হ'ল উত্তৰ আৰু দক্ষিণ ভাৰতীয় স্থাপত্যৰীতিৰ এক অনবদ্য মিশ্ৰণ। পট্টডাকাল এটি হিন্দু তীৰ্থস্থল। ইয়াত আঠটি শিৱ মন্দিৰ আৰু এটি শৈব মঠ বিদ্যমান। প্ৰাংগনৰ মাজত পাপনাথ মন্দিৰ আৰু এটি জৈন মন্দিৰ অবস্থিত৭।
বাহ্যিক সংযোগ
- Article on Chalukaya Temples and Caves
- Pattadakal World Heritage Site
- Pattadakal Photo gallery
- 360 degree photos of pattadakal monuments
- Articles and Travelers' experiences: Romance on the Rocks… Hampi, Badami, Pattadakal, Aihole.
তথ্যসূত্ৰ
- ↑ The Chalukyan magnificence
- ↑ Pattadakal
- ↑ World Heritage Sites - Pattadakal, Group of Monuments at Pattadakal (1987), Karnataka
- ↑ Group of Monuments at Pattadakal
- ↑ SECTION – II, STATE PARTY: INDIA PROPERTY NAME: GROUP OF MONUMENTS AT PATTADAKAL
- ↑ Group of Monuments at Pattadakal. Unesco
- ↑ Group of Monuments at Pattadakal. World Heritage: Unesco.org
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পট্টডাকাল স্মাৰকসমূহ” প্ৰবন্ধৰ সংশোধন ৬১২৮০৯ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।