জুন্হেব’ট’ (Zunheboto, উচ্চাৰণ:/ˌzʌnˈhiːbəʊtəʊ/) ভাৰতৰ নাগালেণ্ড ৰাজ্যৰ এখন জিলা৷
ভৌগোলিক অৱস্থান
এই জিলাৰ উত্তৰে নাগালেণ্ডৰ মোককচাং জিলা, পশ্চিমে ক’হিমা জিলা আৰু ৱখা জিলা, দক্ষিণে ফেক জিলা আৰু পূবে টুৱেনচাং আৰু কিফিৰে জিলা৷ এই জিলাৰ সদৰ ঠাই জুন্হেব’ট’৷
জিলাখনৰ সৰহভাগ অঞ্চলেই পাহাৰীয়া আৰু চিৰসেউজীয়া বনাঞ্চলেৰে আগুৰা৷ এই জিলাত চাটৈ ৰেঞ্জ অৱস্থিত যি পক্ষী নীৰিক্ষক আৰু জীৱবিজ্ঞানীসকলৰ গৱেষণাৰ প্ৰধান থলী৷ এই অংশটো Satakha মহকুমাৰ দহখন গাওঁ লৈ গঠিত হৈছে৷ চাটৈ ৰেঞ্জক ভাৰতৰ Important Bird Area আৰু Endemic Bird Area হিচাপে স্বীকৃতি দিয়া হৈছে৷ বহুতো আপুৰুগীয়া চৰাই যেনে Blyth'sTragopan, Kalij Pheasent আৰু Peacock Pheasent ইত্যাদি অঞ্চলটোত দেখিবলৈ পোৱা যায়৷
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি এই জিলাৰ মুঠ জনসংখ্যা ১৪০,৭৫৭ জন।১ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ মুঠ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৫৯৮৷১ এই জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৮১ গৰাকী৷১ জিলাখনৰ সাক্ষৰতাৰ হাৰ ৮৬.২৬%।১
জুন্হেব’ট’ৰ সংখ্যাগৰিষ্ঠ লোক চুমি নগা (Sumi Nagas) জনজাতিৰ৷ এই জিলাত খ্ৰীষ্টান মিছনেৰীসকলৰ আগমণৰ সময়লৈকে মুণ্ড চিকাৰ (Head hunting) প্ৰচলিত আছিল৷ এই জিলাৰ অধিকাংশ লোকৰ মূল জীৱিকা কৃষি৷২
শিক্ষা
এই জিলাৰ আকুলুট’ (Akuluto) মহকুমাৰ লুমামি (Lumami) গাঁৱত নাগালেণ্ড বিশ্ববিদ্যালয় অৱস্থিত৷
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ Asia's largest church built in Nagaland; new church building set for dedication. International Business Times
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জুন্হেব’ট’ জিলা” প্ৰবন্ধৰ সংশোধন ৩৩৫৬৭১ (২৫ অক্টোবৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।