অৰৰিয়া জিলা ভাৰতৰ বিহাৰ ৰাজ্যত অৱস্থিত এখন জিলা। অৰৰিয়া এই জিলাখনৰ সদৰ ঠাই। জিলাখনৰ মাটিকালি ২,৮৩০ বৰ্গ কিলোমিটাৰ। এই জিলা পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত।
ইতিহাস
১৯৬৪ চনত অৰৰিয়া পূৰ্ণিয়া জিলাৰ এটা মহকুমাৰূপে গঠিত হয়। ১৯৯০ চনৰ জানুৱাৰী মাহত এই মহকুমাটোক পূৰ্ণিয়া সংমণ্ডলৰ অন্তৰ্গত এখন পৃথক জিলাৰূপে স্বীকৃতি দিয়া হয়।
জনগাঁথনি
২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৰিয়া জিলাৰ জনসংখ্যা ২,৮১১,৫৬৯জন।১ ইয়াৰ লিংগ অনুপাত হৈছে ১০০০জন পুৰুষৰ বিপৰীতে ৯২১ গৰাকী মহিলা আৰু সাক্ষৰতাৰ হাৰ ৫৫.১%।
২০১১ চনৰ লোকপিয়ল অনুসৰি অৰৰিয়া জিলাৰ জনসংখ্যাৰ ৪৪.৯০% হিন্দী, ২৮.৭১% উৰ্দু, ২০.৫৭% মৈথিলী, ২.১৭% বঙালী, ২.১০% মাল্টো আৰু ১.০৫% চাঁওতালিভাষী লোক।২
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ 2011 Census of India, Population By Mother Tongue
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰৰিয়া জিলা” প্ৰবন্ধৰ সংশোধন ২৫৬৩৪৪ (২৬ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।