মালাৱাত পূৰ্ণা(বা পূৰ্ণা মালাৱাত; জন্ম ১০ জুন ২০০০) পূৰ্ণা এগৰাকী ভাৰতীয় পৰ্বতাৰোহী। তেওঁ তেলেঙ্গনা ৰাজ্যৰ নিজমাবাদ জিলাৰ বাসিন্দা। ২০১৪ চনৰ ২৫ মে তাৰিখে পূৰ্ণাই এভাৰেষ্ট শৃংগৰ শিখৰ আৰোহণ কৰে। মাত্ৰ ১৩ বছৰ, ১১মাহ বয়সতে হিমালয়ৰ উচ্চ শিখৰ আৰোহণ কৰা পূৰ্ণা, বৰ্তমানলৈ বিশ্বৰ একেবাৰেই কমবয়সীয়া নাৰী হিচাপে বিবেচিত হৈছে। আনহাতে মাত্ৰ ১৩ বছৰ ১০ মাহ বয়সতে এভাৰেষ্ট শৃংগ আৰোহণ কৰা জৰ্ডান ৰোমেৰো সবাতোকৈ কম বয়সৰ পুৰুষ।১ খাম্মামৰ আনন্দ কুমাৰ, পূৰ্ণাৰ সহযোগি আছিল। পূৰ্ণাই ২০১৭চনৰ ২৭ জুলাই তাৰিখে ১০ ঘণ্টা(IST)ৰ ভিতৰত এলব্ৰাস পৰ্বতৰ, ৰাছিয়া তথা ইউৰোপৰ সৰ্বোচ্চ শিখৰ আৰোহণ কৰে।এলব্ৰাসৰ চূড়ান্ত পৰ্যায়ত উপস্থিত হৈ তেওঁ ভাৰতীয় জাতীয় সংগীত গাই ৫০ফুট দৈঘ্যৰ ভাৰতৰ জাতীয় পতাকা উত্তোলন কৰে১।
জীৱনী
পূৰ্ণাই ভাৰতৰ তেলেঙ্গনা ৰাজ্যৰ নিজমাবাদ জিলাৰ পাকলা গ্ৰামত জন্মগ্ৰহণ কৰিছিল। তেওঁ শিক্ষা আহৰণৰ বাবে তেলেঙ্গনা সমাজ কল্যাণ আবাসিক শিক্ষা প্ৰতিষ্ঠান ত যোগদান কৰে। তেওঁৰ প্ৰতিভাক প্ৰতিষ্ঠানটোৰ সচিব ড° আৰ.এস. প্ৰবীণ কুমাৰ দেৱে অনুধাৱন কৰিব পাৰিছিল আৰু অপাৰেচন এভাৰেষ্টৰ বাবে পূৰ্ণাক সদনপলি আনন্দ কুমাৰৰ সৈতে শাখাত তালিকাভুক্ত কৰা হৈছিল। মাউন্ট এভাৰেষ্ট শিখৰ জিনাৰ প্ৰস্তুতি হিচাপে তেওঁ লাড়াখ আৰু দাৰ্জিলিং পাহাৰত বগাই ফুৰিছিল।২ তেওঁৰ জীৱনৰ আধাৰত ২০১৭ চনত ৰাহুল বোসৰ পৰিচালনাৰে Poorna: Courage Has No Limit নামৰ এখন পূৰ্ণাঙ্গ কথাছবিও প্ৰস্তুত কৰি উলিওৱা হৈছে।৩
তথ্যসূত্ৰ
- ↑ 13-year-old Malavath Purna becomes youngest woman to scale Everest. দ্য ইণ্ডিয়ান এক্মপ্ৰেছ
- ↑ (15 June 2014). CM K Chandrasekhar Rao announces reward for Poorna Malavath and Sadhanapalli Anand Kumar. Deccan Chronicle
- ↑ (2017-01-11). Biopic on Malavath Poorna set to hit the silver screen. Telangana Today
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মালাৱাত পূৰ্ণা” প্ৰবন্ধৰ সংশোধন ৬১০৭৫৩ (১ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।