বিজনী(Bijni) অসমৰ চিৰাং জিলা ত অৱস্থিত এখন চহৰ৷
ভৌগোলিক বিৱৰণ
বিজনী ত অৱস্থিত৷ ১ সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ গড় উচ্চতা প্ৰায় ৫৩ মিটাৰ (১৭৩ ফুট)৷

বিজনীৰ আশে পাশে থকা গাওঁসমূহ হৈছে-ভেটাগাওঁ, বাটবাৰী, ছাতিয়ানগুৰী, লেচিয়াগাওঁ, আমগুৰী, পুৰাণ বিজনী, গেৰুকাবাৰী, শাকতোলা,গৰৈমাৰি, বাঘমাৰা, মাজৰাবাৰী, পানবাৰী আদি৷
ইতিহাস
১৬৭১ চনৰ পৰা ১৮৬৪ লৈ বিজনী কোঁচ শাসনৰ অধীনষ্ঠ ৰাজধানী আছিল বুলি জনা যায়৷ পৰৱৰ্ত্তী কালত ভূটানৰ ঝালিয়া মেছ (Jhawlia Mech) নামৰ শাসকজনে এই স্থান অধিকাৰ কৰাত ৰাজধানী দুমুৰিয়ালৈ স্থানান্তৰ কৰা হয়৷ ১৮৯৭ চনৰ ভূইকঁপৰ ফলত বহুতো ৰাজকীয় অট্টালিকাৰ ক্ষতিসাধন হোৱাত পুনৰ ৰাজধানীৰ পৰিৱৰ্ত্তন হয়৷ ১৯৫৬ চনত বিজনীত কোঁচ শাসনৰ অন্ত পৰে৷
জনসংখ্যা
২০০১ চনৰ লোকপিয়ল অনুসৰি বিজনীৰ জনসংখ্যা প্ৰায় ১২,৬০৭ জন৷ ইয়াৰে ৫২% পুৰুষ আৰু ৪৮% মহিলা৷ বিজনীৰ সাক্ষৰতাৰ হাৰ ৭৯%, পুৰুষ আৰু মহিলাৰ সাক্ষৰতাৰ হাৰ ক্ৰমান্বয়ে ৮৪% আৰু ৭৩%৷ ইয়াৰ জনসংখ্যাৰ প্ৰায় ১১% ছয় বছৰৰ অনুৰ্ধৰ৷
ৰাজনীতি
বিজনী কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্ভুক্ত৷ ২
তথ্যসূত্ৰ
- ↑ Falling Rain Genomics, Inc - Bijni
- ↑ List of Parliamentary & Assembly Constituencies. Assam. Election Commission of India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজনী” প্ৰবন্ধৰ সংশোধন ৬২২২৭১ (১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।