অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ইউৰেছিয়া

ইউৰেছিয়া হৈছে এখন মহাদেশ বা অতিমহাদেশ, যি পৰম্পৰাগত মহাদেশ ইউৰোপ আৰু এছিয়াৰ সমষ্টি। ইউৰেছিয়া শব্দতো ইউৰোপ আৰু এছিয়া শব্দ দুটাৰ সন্ধিত সৃষ্টি হোৱা শব্দ। ভৌতিক ভূগোলৰ অনুসৰি ই হৈছে এখনেই মহাদেশ, ইউৰোপ আৰু এছিয়া বেলেগ বেলেগ মহাদেশৰ ধাৰণাতো পুৰণি যুগৰে পৰা প্ৰচলিত।

হালনাগাদ: ২ জুন ২০২০ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৮৬
সংশোধনৰ পৰামৰ্শ

ইউৰেছিয়া হৈছে এখন মহাদেশ বা অতিমহাদেশ, যি পৰম্পৰাগত মহাদেশ ইউৰোপ আৰু এছিয়াৰ সমষ্টি। ইউৰেছিয়া শব্দতো ইউৰোপ আৰু এছিয়া শব্দ দুটাৰ সন্ধিত সৃষ্টি হোৱা শব্দ।

ভৌতিক ভূগোলৰ অনুসৰি ই হৈছে এখনেই মহাদেশ,১ ইউৰোপ আৰু এছিয়া বেলেগ বেলেগ মহাদেশৰ ধাৰণাতো পুৰণি যুগৰে পৰা প্ৰচলিত। ইউৰেছিয়া, অন্যহাতে, ইয়াতকৈও ডাঙৰ ভূ-খণ্ড এফ্ৰো-ইউৰেছিয়া অংশ। এফ্ৰো-ইউৰেছিয়াক ছুৱেজ খালে দুভাগত বিভক্ত কৰিছে। তাৰে এখন হৈছে ইউৰেছিয়া আৰু আনখন আফ্ৰিকা।

ইউৰেছিয়াৰ মাটিকালি ৫,২৯,৯০,০০০ বৰ্গ কিলোমিটাৰ যি হৈছে পৃথিৱীৰ মুঠ স্থলভাগৰ ৩৬.২%। ইয়াৰ জনসংখ্যা প্ৰায় ৪ বিলিয়ন, যি পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৭২.৫% -ত কৈ অধিক (৬০% এছিয়াত আৰু ১২.৫ % ইউৰোপত)।

ভৌগোলিক অঞ্চলসমূহ

ইউৰেছিয়া

* ইউৰোপ ** মধ্য ইউৰোপ ** পূৱ ইউৰোপ ** উত্তৰ ইউৰোপ ** দক্ষিণ ইউৰোপ ** পশ্চিম ইউৰোপ* এছিয়া ** মধ্য এছিয়া ** পূৱ এছিয়া ** উত্তৰ এছিয়া ** দক্ষিণ এছিয়া ** দক্ষিণ-পূৱ এছিয়া ** দক্ষিণ-পশ্চিম এছিয়া

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ How many continents are there?. National Geographic Society "প্ৰচলিত নিয়ম অনুসৰি সাতখন মহাদেশ হৈছে: এছিয়া, আফ্ৰিকা, উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, অষ্ট্ৰেলিয়া, আৰু এণ্টাৰ্কটিকা। কিছুসংখ্যক ভূগোলবিদে কেবল ছখন মহাদেশৰ কথাহে উল্লেখ কৰে। তেওঁলোকে ইউৰোপ আৰু এছিয়াক একেলগে ইউৰেছিয়া নামকৰণ কৰে। বিশ্বৰ কিছু অংশত কেবল পাঁচ মহাদেশৰ বিষয়েহে শিক্ষা দিয়া হয়: ইউৰেছিয়া, অষ্ট্ৰেলিয়া, আফ্ৰিকা, এণ্টাৰ্কটিকা আৰু আমেৰিকা। "

সম্পৰ্কিত শ্ৰেণী

মহাদেশ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ইউৰেছিয়া” প্ৰবন্ধৰ সংশোধন ২৩৪২০৭ (২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।