অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

মৰিগাঁও

মৰিগাঁও নগৰ মৰিগাঁও জিলাৰ সদৰ ঠাই। মৰিগাঁও নগৰ 26.379 উত্তৰ অক্ষাংশ আৰু 92.341 পুৱ দ্ৰাঘিমাংশত অৱস্থিত। মৰিগাঁও নগৰখনত বৰ্তমান ১০ ওৱাৰ্ড আছে।

হালনাগাদ: ৩০ ডিচেম্বৰ ২০২২ ১০৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

মৰিগাঁও নগৰ মৰিগাঁও জিলাৰ সদৰ ঠাই। মৰিগাঁও নগৰ 26.379 উত্তৰ অক্ষাংশ আৰু 92.341 পুৱ দ্ৰাঘিমাংশত অৱস্থিত। মৰিগাঁও নগৰখনত বৰ্তমান ১০ ওৱাৰ্ড আছে।

ৰাজনীতি

মৰিগাঁও নগাঁও (লোকসভা সমষ্টি)ৰ অন্তৰ্গত।

পৰিবহণ

৩৭ নং ৰাষ্ট্ৰীয় ঘাইপেথ মৰিগাঁও জিলাক ৰাজ্যৰ অন্যান্য ঠাই সমূহৰ লগত যোগাযোগ স্থাপন কৰিছে। এই ঘাইপথ মৰিগাঁও নগৰৰ সমীপৰ জাগীৰোডৰ মাজেদি পাৰ হৈ গৈছে। মৰিগাঁও ৰোডে মৰিগাঁও নগৰক জাগীৰোডৰ লগত সংযুক্ত কৰিছে। আনহাতে নগৰৰ নিকটৱৰ্ত্তী ৰেলৱে ষ্টেচন দুটা চাপৰমুখ আৰু জাগীৰোডত অৱস্থিত।

শিক্ষা

মৰিগাঁও নগৰত কেইবাখনো উল্লেখযোগ্য শিক্ষানুষ্ঠান আছে। বিদ্যালয়

  • মৰিগাঁও জাতীয় বিদ্যালয়
  • মহিলা হ'ম মডেল স্কুল
  • ছেণ্ট টেৰেছা স্কুল
  • শংকৰদেৱ শিশু বিদ্যা নিকেতন ভূৰাগাঁও
  • মৰিগাঁও শংকৰ মাধৱ মাধ্যমিক বিদ্যালয়

মহাবিদ্যালয়

  • মৰিগাঁও মহাবিদ্যালয়
  • ঘনকান্ত বৰুৱা মহাবিদ্যালয়
  • জাগীৰোড মহাবিদ্যালয়
  • লাহৰীঘাট মহাবিদ্যালয়
  • ভূৰাগাঁও মহাবিদ্যালয়

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰমৰিগাঁও জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মৰিগাঁও” প্ৰবন্ধৰ সংশোধন ৩৪১৬৩২ (৩০ ডিচেম্বৰ ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।