ৰাঁচী (ᱨᱟᱺᱪᱤ) হৈছে ভাৰতৰ ৰাজ্য ঝাৰখণ্ডৰ ৰাজধানী।১ ৰাঁচী ঝাৰখণ্ড আন্দোলনৰ কেন্দ্ৰ আছিল,২ যি আন্দোলনে দক্ষিণ বিহাৰ, উত্তৰ ওড়িশা, পশ্চিম পশ্চিমবংগ আৰু বৰ্তমান ছত্তীসগঢ়ৰ পূৱ অঞ্চল একত্ৰিত কৰি এক পৃথক ৰাজ্যৰ দাবি কৰিছিল। ২০০০ চনৰ ১৫ নৱেম্বৰত বিহাৰৰ কিছু অংশৰ পৰা ঝাৰখণ্ড ৰাজ্য গঠন কৰা হৈছিল।
তথ্যসূত্ৰ
- ↑ Netarhat: Jharkhand's Secret Hill Station. Outlook
- ↑ Jharkhand Movement. Country Studies
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাঁচী” প্ৰবন্ধৰ সংশোধন ৬৪০৩৬১ (৩০ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।