নদী হৈছে স্থলপথেৰে বা গুহাৰ ভিতৰত নিম্ন উচ্চতাত থকা আন এটা পানীৰ ফালে বৈ যোৱা মিঠা পানীৰ প্ৰাকৃতিক ধাৰা, যেনে সাগৰ, হ্ৰদ, বা আন নদী। নদী এখনৰ পানী শেষ হ’লে নিজৰ গতিপথৰ শেষত উপনীত হোৱাৰ আগতে শুকাই যাব পাৰে, বা কেৱল কিছুমান বিশেষ ঋতুতহে বৈ যাব পাৰে। নদীসমূহ জলচক্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত হয়, যিবোৰ প্ৰক্ৰিয়াৰ দ্বাৰা পানী পৃথিৱীৰ চাৰিওফালে গতি কৰে৷ বৰষুণৰ ফলতেই হওক, ঢালৰ পৰা পানীৰ বৈ যোৱা, হিমবাহ বা বৰফ গলি যোৱা বা পৃথিৱীৰ তলৰ জলস্তৰৰ পৰা ছিটি যোৱাৰ পৰাই পানী প্ৰথমে নদীত প্ৰৱেশ কৰে।
ভাৰতৰ কেইখনমান নদী
- ব্ৰহ্মপুত্ৰ নদ
- গঙ্গা নদী
- গোদাবৰি
- কৃষ্ণা
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নদী” প্ৰবন্ধৰ সংশোধন ৫৪৯৭৭১ (১০ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।