পূব ছিয়াং জিলা উত্তৰ-পূব ভাৰতৰ অৰুণাচল প্ৰদেশৰ এখন অন্যতম জিলা৷ এই জিলাৰ সদৰ ঠাই পাছিঘাট৷ জিলাখনৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷
ইতিহাস
১৯৯৯ চনত পশ্চিম ছিয়াং জিলাৰ একাংশ লৈ পূব ছিয়াং জিলা গঠন কৰা হৈছিল৷১ ১৯৯৯ চনত এই জিলাক পুনৰ বিভক্ত কৰি উজনি ছিয়াং জিলা গঠন কৰা হয়৷১ এই জিলাত ঐতিহাসিকভাৱে চুতীয়া ৰাজতন্ত্ৰৰ শাসন আছিল৷
ভৌগোলিক অৱস্থান
পূব ছিয়াং জিলাৰ সদৰঠাই পাছিঘাট৷ এই জিলাৰ মাটিকালি ৪০০৫ বৰ্গ কিলোমিটাৰ৷২
প্ৰশাসনিক বিভাগ
এই জিলাত অৰুণাচল বিধানসভাৰ পাঁচাটা সমষ্টি আছে: পাংগিং (Panging), নাৰি-কয়ো (Nari-Koyu), পশ্চিম পাছিঘাট (Pasighat West), পূব পাছিঘাট (Pasighat East), আৰু মেব’ (Mebo)৷ এই সকলোবোৰ অঞ্চল [অৰুণাচল পূব (লোকসভা সমষ্টি)|পূব অৰুণাচল লোকসভা সমষ্টিৰ]] অন্তৰ্ভুক্ত৷৩
জনসংখ্যা
২০১১ চনৰ লোকপিয়ল অনুসৰি পূব ছিয়াং জিলাৰ মুঠ জনসংখ্যা ৯৯,০১৯ জন৷৪ জনসংখ্যাৰ ফালৰ পৰা ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত এই জিলাৰ স্থান ৬১৫।৪ জিলাখনৰ জনবসতিৰ ঘনত্ব প্ৰতি বৰ্গ কিলোমিটাৰত ২৭ জন।৪ ২০০১-২০১১ দশকত জিলাখনৰ জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৩.৩%৷৪ পূব ছিয়াং জিলাৰ প্ৰতি ১০০০ গৰাকী পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৬২ গৰাকী৪ আৰু সাক্ষৰতাৰ হাৰ ৭৩.৫৪%।৪
পূব ছিয়াং জিলাৰ সংখ্যাগৰিষ্ঠ লোক আদি জনজাতিৰ৷
ভাষা
এই জিলাত ব্যৱহৃত মূল ভাষাসমূহ হৈছে চীন-তিব্বতীয় মূলৰ আদি, মিচিং৫ আৰু গাল' ভাষা৷৬
জৈৱবৈচিত্ৰ্য
১৯৭৮ চনত এই জিলাৰ ১৯০ বৰ্গ কিলোমিটাৰ ঠাই আগুৰি ডেৰিং মেম'ৰিয়েল বন্যপ্ৰাণী অভয়াৰণ্য (D’Ering Memorial (Lali) Wildlife Sanctuary) গঠন কৰা হয়৷৭
তথ্যসূত্ৰ
- ↑ Law, Gwillim. (25 September 2011). Districts of India. Statoids
- ↑ Srivastava, Dayawanti et al. (ed.). (2010). India 2010: A Reference Annual. Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), ভাৰত চৰকাৰ. পৃ. 1113. ISBN 978-81-230-1617-7
- ↑ Assembly Constituencies allocation w.r.t District and Parliamentary Constituencies. Chief Electoral Officer, Arunachal Pradesh website
- ↑ (2011). District Census 2011. Census2011.co.in
- ↑ M. Paul Lewis. (2009). Adi: A language of India. Ethnologue: Languages of the World. SIL International
- ↑ M. Paul Lewis. (2009). Galo: A language of India. Ethnologue: Languages of the World. SIL International
- ↑ Indian Ministry of Forests and Environment. Protected areas: Arunachal Pradesh
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পূব ছিয়াং জিলা” প্ৰবন্ধৰ সংশোধন ৩১০৯৮৯ (১৪ জানুৱাৰী ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।