বতাহ হৈছে এক বৃহৎ পৰিসৰত হোলা গেছৰ চলাচল বা বায়ুৰ চলাচলকেই বতাহ বোলে। পৃথিৱীত বতাহত কেৱল বায়ুৰ প্ৰৱাহ হয়। বাহ্যিক মহাকাশত সৌৰ বতাহ হৈছে মহাকাশৰ মাজেৰে সূৰ্যৰ পৰা বায়ু আৰু আহিত কণাৰ প্ৰৱাহ, আনহাতে গ্ৰহীয় বতাহ গ্ৰহসমূহৰ পৰা পাতল ৰাসায়নিক অনু মহাকাশলৈ নিৰ্গমন হোৱা কাৰ্য। সাধাৰণতে বায়ু প্ৰৱাহিত হোৱা বেগ, বতাহে উৎপন্ন কৰা বল, উৎপত্তি স্থল আৰু বতাহে পেলোৱা প্ৰভাৱৰ ভিত্তিত বতাহক শ্ৰেণীকৰণ কৰা হয়। সৌৰজগতত উৎপন্ন হোৱা আটাইতকৈ শক্তিশালী বতাহ নেপচুন আৰু শনি গ্ৰহত নিৰীক্ষণ কৰা হৈছিল। বতাহৰ বহু কাৰক থাকে: বেগ (বতাহৰ গতি); জৰিত গেছৰ ঘনত্ব; শক্তি বা বতাহৰ শক্তি। ইয়াৰোপৰি বীজৰ বিস্তাৰ ক্ষুদ্ৰ চৰাইৰ উৰণতো বতাহে সহায় কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বতাহ” প্ৰবন্ধৰ সংশোধন ২০৪১৫০ (১১ ছেপ্তেম্বৰ ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।