অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

কেন্দ্ৰীয় শাসিত অঞ্চল

কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'।

হালনাগাদ: ১০ মে’ ২০২৫ ১৩১ শব্দ · ১ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

কেন্দ্ৰীয় শাসিত অঞ্চল ভাৰতৰ এক প্ৰশাসনিক বিভাগ। ভাৰতীয় ৰাজ্যসমূহৰ নিজৰ নিৰ্বাচিত চৰকাৰ থাকে, কিন্তু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ প্ৰত্যক্ষভাৱে ভাৰত চৰকাৰে শাসন কৰে, সেয়েহে নামটো 'কেন্দ্ৰীয় শাসিত অঞ্চল'। ভাৰতৰ ৰাষ্ট্ৰপতিয়ে প্ৰতি কেন্দ্ৰীয় শাসিত অঞ্চলৰ বাবে এক চৰকাৰী প্ৰশাসক বা উপ ৰাজ্যপাল মনোনীত কৰে, যিয়ে সেই কেন্দ্ৰ শাসিত অঞ্চলত ৰাষ্ট্ৰপতিক প্ৰতিনিধিত্ব কৰে।১ চন ২০১০ত ভাৰতত ৭ কেন্দ্ৰীয় শাসিত অঞ্চল আছিল।২ ভাৰতৰ ৰাজধানী নতুন দিল্লী, যি দিল্লী নামেৰে এক কেন্দ্ৰীয় শাসিত অঞ্চল আছিল, আৰু পুডুছেৰী (পণ্ডিছেৰী)ক আংশিক ৰাজ্যৰ স্বীকৃতি দিয়া হৈছে। দিল্লীক ৰাষ্ট্ৰীয় ৰাজধানী প্ৰদেশ৩ হিচাপে পুনৰ পৰিভাষিত কৰা হৈছে। দিল্লী আৰু পুদুচেৰীৰ নিজৰ নিৰ্বাচিত বিধানসভা, মন্ত্ৰীমণ্ডল আদি আছে৪৫ যদিও সিহঁতৰ শক্তি সীমিত।

ভাৰতীয় কেন্দ্ৰীয় শাসিত প্ৰদেশৰ তালিকা

বৰ্তমান ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চলৰ সংখ্যা হৈছে ৮টা।৬ সেই কেইটা হ'ল-

  1. আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ
  2. চণ্ডীগড়
  3. দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ
  4. লাক্ষাদ্বীপ
  5. পুডুছেৰী
  6. দিল্লী
  7. জম্মু আৰু কাশ্মীৰ
  8. লাডাখ

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ www.mha.gov.in/unio.htm
  3. ↑ indiacode.nic.in/coiweb/amend/amend69.htm
  4. ↑ delhiassembly.nic.in/index.asp
  5. ↑ legislativebodiesinindia.nic.in/States/pondicher
  6. ↑ gkchronicle.com/general-knowledge/states-and-the

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ ৰাজ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কেন্দ্ৰীয় শাসিত অঞ্চল” প্ৰবন্ধৰ সংশোধন ৫০৭৪৬২ (১০ মে’ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।