পশ্চিম কাৰ্বি আংলং জিলা অসমৰ ৩৩ খন জিলাৰ ভিতৰত নতুনকৈ গঠন হোৱা জিলা। কাৰ্বি আংলং জিলাৰ পশ্চিম অংশৰে ২০১৬ চনত এই জিলা আনুষ্ঠানিক ভাবে উদ্ধোধন কৰা হয়।১ জিলাখন কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ এটা অংশ। ইয়াৰ প্ৰশাসনিক কাম-কাজ সংবিধানৰ ষষ্ঠ অনুসুচী মতে চলোৱা হয়।
ভাষা
কাৰ্বি ভাষা এই অঞ্চলৰ মুখ্য ভাষা। ইয়াৰ লগতে ইংৰাজী, হিন্দী আৰু অসমীয়া ভাষা এই অঞ্চলত প্ৰচলিত। এই জিলাত কাৰ্বি জনগোষ্ঠীৰ লগতে তিৱা, লালুং, গাৰো, বড়ো ইত্যাদি জনগোষ্ঠীয়ে বসবাস কৰে।
যাতায়ত
এই জিলাৰ সদৰ স্থলপথৰ সু ব্যৱস্থা আছে। কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ বাছে জিলাৰ সদৰ আৰু আন গুৰুত্বপূৰ্ণ স্থান যেনে গুৱাহাটী, ডিফু, হোজাই জিলা ইত্যাদিৰ লগত সংযোগ কৰে। আটাইতকৈ ওচৰৰ ৰে'ল ষ্টেচন হোজাই হামৰেণৰ পৰা প্ৰায় ৪৭ কিঃমিঃ নিলগত অৱস্থিত। লোকপ্ৰিয় গোপিনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰ পশ্চিম কাৰ্বি আংলং জিলাৰ নিকটবৰ্তী বিমান বন্দৰ।
তথ্যসূত্ৰ
- ↑ "West Karbi Anglong district inaugurated", দ্য আছাম ট্ৰিবিউন, February 11, 2016
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পশ্চিম কাৰ্বি আংলং জিলা” প্ৰবন্ধৰ সংশোধন ৩৮১৬৯৩ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।