কলং নদী নাইবা কৈলাং (Kolong) হৈছে ব্ৰহ্মপুত্ৰ নদ নদীৰ এখন উপনদী। এই নদীখন নগাঁও জিলাৰ জখলাবন্ধাৰ হাতীমূৰা অঞ্চলৰ ব্ৰহ্মপুত্ৰ নদীৰ পৰা আঁতৰি গৈছে আৰু গুৱাহাটীৰ কাষৰ কলংপাৰত সমাপ্ত হৈছে। উপনদীখন প্ৰায় ২৫০ কিলোমিটাৰ (১৬০ মিঃ) দীঘল আৰু নদীখন নগাঁও, মৰিগাঁও আৰু কামৰূপ জিলাসমূহৰ মাজেৰে প্ৰবাহিত হৈছে। দিজু, মিছা আৰু কেইখনমান সৰু জলস্ৰোত কলং নদীৰ গতিপথৰ সংস্পৰ্শলৈ আহে। নদীখন নগাঁৱৰ চহৰীয়া অঞ্চলৰ মাজেৰে প্ৰবাহিত হৈছে আৰু চহৰখনক নগাঁও আৰু হয়বৰগাঁৱত বিভক্ত কৰিছে।১
তথ্যসূত্ৰ
- ↑ Environmental setting ofthe study area. Shodhganga
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কলং নদী” প্ৰবন্ধৰ সংশোধন ৫৬৫৬৮০ (২২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।