অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

চুদান

চুদান (আৰবী: السودان, Sūdān), আনুষ্ঠানিকভাৱে চুদান গণৰাজ্য, উত্তৰ-পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰত মিচৰ, পশ্চিমত চাদ, উত্তৰ-পশ্চিমত লিবিয়া, পূৱত লোহিত সাগৰ, দক্ষিণ-পূৱত ইৰিত্ৰিয়া আৰু ইথিঅ'পিয়া, আৰু দক্ষিণত দক্ষিণ চুদান অৱস্থিত।

হালনাগাদ: ৬ জুন ২০২৫ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

চুদান (আৰবী: السودان, Sūdān), আনুষ্ঠানিকভাৱে চুদান গণৰাজ্য, উত্তৰ-পূৱ আফ্ৰিকাৰ এখন দেশ। ইয়াৰ উত্তৰত ইজিপ্ত, পশ্চিমত চাদ, উত্তৰ-পশ্চিমত লিবিয়া, পূৱত লোহিত সাগৰ, দক্ষিণ-পূৱত ইৰিত্ৰিয়া আৰু ইথিঅ'পিয়া, আৰু দক্ষিণত দক্ষিণ চুদান অৱস্থিত। ২০২৪ চনৰ হিচাপত চুদানৰ জনসংখ্যা ৫ কোটি১ আৰু ইয়াৰ আয়তন ১,৮৮৬,০৬৮ বৰ্গ কিলোমিটাৰ (৭২৮,২১৫ বৰ্গমাইল), যাৰ ফলত ই আফ্ৰিকাৰ তৃতীয় বৃহত্তম দেশ আৰু আৰব লীগৰ তৃতীয় বৃহত্তম দেশ। ২০১১ চনত দক্ষিণ চুদান বিচ্ছিন্ন হোৱাৰ আগলৈকে আফ্ৰিকা আৰু আৰব লীগৰ ক্ষেত্ৰফল অনুসৰি ই আছিল সৰ্ববৃহৎ দেশ; ২ তেতিয়াৰ পৰাই দুয়োটা খিতাপ আলজেৰিয়াৰ হাতত আছে। চুদানৰ ৰাজধানী আৰু জনবহুল চহৰখন হৈছে খাৰ্তুম।

তথ্যসূত্ৰ

  1. ↑ Sudan Population 2024 (Live)
  2. ↑ Area. The World Factbook. U.S. Central Intelligence Agency

সম্পৰ্কিত শ্ৰেণী

দেশগণৰাজ্যচুদান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চুদান” প্ৰবন্ধৰ সংশোধন ৫১৫৬০৩ (৬ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।