অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

বোকাখাত

বোকাখাত (Bokakhat)(IPA: ˌbəʊkəˈkɑːt) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন নগৰ৷

হালনাগাদ: ১২ জুন ২০২০ ১০৩ শব্দ · ১ মিনিট সংগৃহীত ৫৭
সংশোধনৰ পৰামৰ্শ

বোকাখাত (Bokakhat)(IPA: ˌbəʊkəˈkɑːt) অসমৰ গোলাঘাট জিলাত অৱস্থিত এখন নগৰ৷ ১

ভৌগোলিক বিৱৰণ

বোকখাত অঞ্চলটো মধ্যঅসমত অৱস্থিত৷ এই অঞ্চলৰ আশে পাশে কেইবাখনো উল্লেখযোগ্য পৰ্যটনস্থলী আছে৷ এই অঞ্চল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা প্ৰায় ২৩ কিলোমিটাৰ দুৰত্বত অৱস্থিত৷ ইয়াৰ নিকটতম বিমানবন্দৰ হৈছে, যোৰহাট আৰু গুৱাহাটী৷ তাৰোপৰি বোকাখাতৰ নিকটতম ৰে'লৱে ষ্টেচন দুটা হৈছে, বাদুলিপাৰ আৰু ফৰকাটিং৷

জনসংখ্যা

২০০১ চনৰ লোকপিয়ল অনুসৰি বোকাখাতৰ জনসংখ্যা হৈছে ৮৮৪৪ জন৷ইয়াৰে ৫৪% পুৰুষ আৰু ৪৬% মহিলা৷ বোকাখাতৰ গড় সাক্ষৰতাৰ হাৰ ৭৮%৷ পুৰুষৰ আৰু মহিলাৰ পৃথকভাৱে গড় সাক্ষৰতাৰ হাৰ হ'ল ক্ৰমান্বয়ে ৮৩% আৰু ৭৩%৷ ইয়াৰে মুঠ জনসংখ্যাৰ ১১% ছয় বছৰৰ অনুৰ্ধৰ৷ ২

ৰাজনীতি

বোকাখাত কলিয়াবৰ (লোকসভা সমষ্টি)ৰ অন্তৰ্ভুক্ত।

পৰ্যটনস্থলী

বোকাখাতৰ আশে পাশে থকা মঠ-মন্দিৰ,সংৰক্ষিত বনাঞ্চল, সত্ৰ, চাহ-বাগান আদি মূখ্য পৰ্যটনস্থলী৷

তথ্যসূত্ৰ

  1. ↑ bokakhat.gov.in/
  2. ↑ bokakhat.gov.in/

সম্পৰ্কিত শ্ৰেণী

অসমৰ নগৰ-মহানগৰগোলাঘাট জিলা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বোকাখাত” প্ৰবন্ধৰ সংশোধন ২৩৮০৩৪ (১২ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।