বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
লঙ্গৰকৰণ
লঙ্গৰকৰণ বা কেন্দ্ৰীকৰণ(en: Anchoring or Focalism) হৈছে একধৰণৰ বোধগত পক্ষপাতিতা য'ত এগৰাকী ব্যক্তিয়ে আহৰণ কৰা তথ্যৰ প্ৰথমাংশত অধিক গুৰুত্ব প্ৰদান কৰে। লঙ্গৰকৰণ উদ্ভৱ হয় তেতিয়া, যেতিয়া সিদ্ধান্তগঠনৰ সময়ত, কোনো ব্যক্তিবিশেষে এটা তথ্যৰ প্ৰথমতে পোৱা অংশটোক অগ্ৰাধিকাৰ দিয়ে আৰু তাৰ ওপৰত ভিত্তি…
-
সংমিশ্ৰিত মীন-পালন
সংমিশ্ৰিত মীন-পালন, (ইংৰাজী: Composite fish culture) হৈছে মীন পালনৰ এনে এটা পদ্ধতি যাৰ জৰিয়তে পানীৰ ভিন্ন স্তৰত খাদ্য গ্ৰহণ কৰা ভিন্ন প্ৰজাতিৰ মাছ একেটা পুখুৰীতে একেলগে পালন কৰা হয়।
-
সেউজ সাৰ
কিছুমান শস্যৰ খেতি কৰি এক নিৰ্দিষ্ট সময়ৰ পাছত এইবোৰৰ ডাল-পাত আদি কাটি মাটিৰ লগত মিহলালে যি সাৰ পোৱা যায় তাকে সেউজ সাৰ (Green Manuer) বোলা হয়। সকলো উদ্ভিদৰ পৰাই এনে সাৰ পাব পৰা যায় যদিও ইয়াৰ বাবে কিছুমান বিশেষ উদ্ভিদ চিনাক্ত কৰা হৈছে।
-
স্ব-সেৱা পক্ষপাতিতা
স্ব-সেৱা পক্ষপাতিতা (self-serving bias) হৈছে এনে একধৰণৰ বোধগত পক্ষপাতিতা যি আত্ম-মৰ্যাদা বৰ্তাই ৰখা আৰু প্ৰোজ্জ্বল কৰাৰ প্ৰৱণতাটোৰ দ্বাৰা কক্ষচ্যুত হয়৷ এইয়া এনে এটা প্ৰৱণতা য'ত মানুহে নিজকে অধিক অনুকূলভাৱে সজাবলৈ যত্নৱান হয়৷ তেওঁলোকে সাফল্যবোৰক নিজৰ সামৰ্থ আৰু প্ৰচেষ্টাৰ লগত সংযুক্ত কৰে আৰু…
-
হিউমাছ
হিউমাছ (humus) এটা লেটিন শব্দ যাৰ অভিধানিক অৰ্থ হ’ল মাটি বা পৃথিৱী। আনহাতে মাটিত থকা জৈৱ পদাৰ্থৰ ওপৰত কিছুমান অণুজীৱই ক্ৰিয়া কৰাৰ বাবে এইবোৰৰ ৰূপান্তৰ ঘটি এনে এটা অৱস্থা পায়গৈ যে আৰু পৰিৱৰ্তন সম্ভৱ নহয়। জৈৱ পদাৰ্থৰ এই ৰূপটোক মাটি বিজ্ঞানীসকলে ‘‘‘ হিউমাছ’’’ বুলি নামাকৰণ কৰিছে।
-
হিন্দু জ্যোতিষবিদ্যা
জ্যোতিষ বা জ্যোতিষ্য (সংস্কৃতত জ্যোতি শব্দৰ অৰ্থ পোহৰ বা দৈৱিক সত্তা) হৈছে হিন্দুসকলৰ মাজত প্ৰচলিত জ্যোতিষবিদ্যাৰ পৰম্পৰাগত ব্যৱস্থা। ইয়াক হিন্দু জ্যোতিষ, ভাৰতীয় জ্যোতিষ বা বৈদিক জ্যোতিষ নামেৰেও জনা যায়। বেদৰ অধ্যয়নৰ সৈতে সম্পৰ্কিত হিন্দু ধৰ্মৰ ছটা সহায়ক শাখাৰ ভিতৰত ই অন্যতম।
-
হোমিঅ’পেথি
হোমিঅ’পেথি(Homeopathy, ৰ ব্যৱহাৰ পৃথিৱীৰ সকলো ঠাইতে হোৱা দেখা যায়। যথেষ্ট নিৰাপদ আৰু ৰোগ নিৰাময়ৰ গুণৰ বাবে ভাৰতবৰ্ষৰ প্ৰতি ঘৰতে ইয়াৰ আদৰ বৃদ্ধি পাবলৈ ধৰিছে।
-
ৰ'দ
ৰ'দ বা বেলিৰ পোহৰ হৈছে বেলিৰ পৰা নিৰ্গত বিদ্যুৎচুম্বকীয় বিকিৰণ যি তৰংগ বা পোহৰ ৰূপে পৃথিৱীত পৰে। পৃথিৱীৰ বায়ুমণ্ডলে ৰ'দৰ বহুখিনি পোহৰ শোষণ কৰে। বেলিৰ ৰশ্মি আৰু তাপ বায়ুমণ্ডলৰ মাজেৰে পৃথিৱীৰ পৃষ্ঠত উপনীত হয়। বেলিৰ পৰা ৰ'দ পৃথিৱী পাবলৈ প্ৰায় ৮.৩ মিনিট সময় লাগে।
-
ৰামন প্ৰভাৱ
ৰামন প্ৰভাৱ বা ৰামন বিক্ষেপণ (Raman effect বা Raman scattering) হৈছে ফ'টন (Photon) কণাসমূহৰ অস্থিতিস্থাপক বিকিৰণ। ১৯২৮ চনত চি ভি ৰামন আৰু তেওঁৰ ছাত্ৰ কে এছ কৃষ্ণণে তৰল পদাৰ্থত "ৰামন প্ৰভাৱ" আৱিষ্কাৰ কৰিছিল।
-
ৰেৱতী (নক্ষত্ৰ)
ৰেৱতী মীন ৰাশিৰ প্ৰান্তত থকা এটা নক্ষত্ৰ। ই পশ্চিমীয়া ৰাশিচক্ৰৰ জিটা পিচিয়ামৰ সৈতে সাদৃশ্য থকা। হিন্দু নক্ষত্ৰীয় জ্যোতিৰ্বিজ্ঞানত এই তৰাটোক মাৰ্চ বিষুৱ বুলি চিনাক্ত কৰা হয়, অৰ্থাৎ যেতিয়া সূৰ্যই এই তৰাটো পাৰ হয়, তেতিয়া এটা নতুন সৌৰবৰ্ষ আৰম্ভ হয়।
-
অচেতন মন
অচেতন মনৰ ধাৰণাটো মনোবিজ্ঞান অথবা মনোবিশ্লেষণৰ অন্তৰ্গত। মনৰ যিটো অংশ আমাৰ জাগ্ৰত চেতনাৰ বাহিৰত অথবা আমাৰ প্ৰত্যক্ষ নিয়ন্ত্ৰণৰ বাহিৰত তাকে সাধাৰণ অৰ্থত অচেতন মন বুলি কোৱা হয়। অচেতন মনে আমাৰ জৈৱিক প্ৰয়োজনৰ যেনে ভোক,পিয়াহ,টোপনি,যৌন-ক্ষুধা আদিৰ বাৰ্তা আমাৰ চেতনালৈ অথবা চেতন মনলৈ কঢ়িয়াই আনে।
-
অপবিজ্ঞান
অপবিজ্ঞান (Pseudoscience) হৈছে এনে বক্তব্য, বিশ্বাস বা প্ৰথা যিবোৰে বৈজ্ঞানিক আৰু বাস্তৱিক দুয়োটা বুলি দাবী কৰে যদিও বৈজ্ঞানিক পদ্ধতিৰ সৈতে ই অসঙ্গতিপূৰ্ণ।
-
অমলা বেজবৰুৱা
অমলা বেজবৰুৱা (Amala Bezbaruah) গণিত বিজ্ঞানত অসমৰ প্ৰথমগৰাকী মহিলা স্নাতকোত্তৰ। তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰথমগৰাকী মহিলা প্ৰবক্তা। অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিষয়ক আলোচনী গণিত বিকাশৰ প্ৰথমগৰাকী সম্পাদক আছিল অমলা বেজবৰুৱা।
-
অস্বাভাৱিক মনোবিজ্ঞান
অস্বাভাৱিক মনোবিজ্ঞান (Abnormal psychology) হৈছে মনোবিজ্ঞানৰ সেই শাখা যিয়ে আচৰণ, আৱেগ আৰু চিন্তাৰ অস্বাভাৱিক আৰ্হিৰ ওপৰত অধ্যয়ন কৰে, যিটোক সম্ভৱতঃ মানসিক বিকাৰ হিচাপে বুজিব পৰা যায়।
-
অৰ্থবিজ্ঞান
অৰ্থবিজ্ঞান বা অৰ্থতত্ত্ব (ইংৰাজী: Sementics) হৈছে ভাষাৰ অন্তৰ্গত ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থৰ তাত্ত্বিক আৰু প্ৰণালীবদ্ধ অধ্যয়ন। ভাষা বিজ্ঞানৰ এই শাখাত মানুহে ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বাক্যৰ অৰ্থ আৰু তাত প্ৰয়োগ কৰা শব্দৰ প্ৰসঙ্গ অনুযায়ী হোৱা বিভিন্ন অৰ্থৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰা হয়।
-
আদিত্য-এল১
আদিত্য-এল১ (Aditya-L1) হৈছে সূৰ্যৰ বায়ুমণ্ডলৰ অধ্যয়নৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু অন্যান্য বহুকেইটা ভাৰতীয় গৱেষণা সংস্থাৰ সমন্বয়ত ৰূপাংকণ তথা বিকাশ কৰা এখন ক'ৰ'ণাগ্ৰাফি মহাকাশযান (coronagraphy spacecraft)।
-
আধুনিক পদাৰ্থবিজ্ঞান
আধুনিক পদাৰ্থবিজ্ঞান বুলিলে নিউটনৰ পৰৱৰ্তী কালছোৱাত বিকশিত হোৱা পদাৰ্থবিজ্ঞানৰ ধাৰণাসমূহক বুজোৱা হয়। আচলতে ভৌতিক পৰিঘটনাসমূহক ধ্ৰুপদী তত্ত্বৰে ব্যাখ্যা আগবঢ়াবলৈ যাওঁতে কিছুমান আসোঁৱাহ ৰৈ গৈছিল।
-
ইডিপাছ কমপ্লেক্স
ইডিপাছ কমপ্লেক্স (Oedipus complex) ধাৰণাটো মনোবিজ্ঞানৰ অৰ্থাৎ মনোবিশ্লষণৰ এটি অন্যতম ধাৰণা। ইয়াৰ অৰ্থ হ'ল পুত্ৰ সন্তানৰ মাতৃৰ প্ৰতি থকা এক ধৰণৰ অৱচেতন অনুৰাগ বা আসক্তি।
-
কঠিন
কঠিন (Solid) বুলি ক'লে পদাৰ্থৰ চাৰিটা মৌলিক অৱস্থাৰ ভিতৰত এটাক বুজোৱা হয় (বাকীবোৰ হ’ল তৰল, গেছ আৰু প্লাজমা)। কঠিন পদাৰ্থত থকা অণুবোৰ একেলগে ঘনিষ্ঠভাৱে লগলাগি থাকে আৰু ইয়াত গতিশক্তিৰ পৰিমাণ কম। কঠিন পদাৰ্থৰ বৈশিষ্ট্য হৈছে গাঁথনিগত কঠিনতা (কঠিন বস্তুৰ দৰে) আৰু পৃষ্ঠত প্ৰয়োগ কৰা বলৰ প্ৰতিৰোধ ক্ষমতা।
-
কালপুৰুষ (তাৰকামণ্ডলী)
কালপুৰুষ বা অৰিয়ন (Orion) হৈছে মহাকাশীয় বিষুৱৰেখাত অৱস্থিত আৰু সমগ্ৰ বিশ্বতে দৃশ্যমান এক নক্ষত্ৰপুঞ্জ বা তাৰকামণ্ডলী। ই নিশাৰ আকাশৰ আটাইতকৈ সুস্পষ্ট আৰু চিনাক্ত কৰিব পৰা তাৰকামণ্ডলীসমূহৰ অন্যতম। ইয়াক গ্ৰীক কিংবদন্তিৰ চিকাৰী অৰিয়নৰ নামেৰে নামকৰণ কৰা হৈছে।
-
ক্ৰম'জমীয় বিশংগতি
ক্ৰম'জমীয় বিসংগতি (Chromosomal disorders): এজন স্বাভাৱিক মানুহৰ কোষত ক্ৰম'জম'ৰ মুঠ সংখ্যা ৪৬ (২৩ যোৰ)। এইবোৰৰ ভিতৰত ২২যোৰ দৈহিক ক্ৰম'জ'ম অথবা অট'জম আৰু এযোৰ ক্ৰম'জ'ম হ'ল লিংগ ক্ৰম'জ'ম।
-
গণৰাজ্য
গণৰাজ্য (republic) শব্দটো লেটিনৰ res publica অৰ্থাৎ 'জনসাধাৰণৰ কথা' বা 'জনতাৰ কথা'ৰ পৰা উদ্ভৱ হৈছে। ই একপ্ৰকাৰ ৰাজ্যৰ ৰূপ, য'ত ৰাজনৈতিক ক্ষমতা জনতাৰ (বা জনতাৰ প্ৰতিনিধিৰ) হাতত থকা দেখা যায়—এই ক্ষেত্ৰত ইয়াক ৰাজতন্ত্ৰৰ বিপৰীত ধাৰণাক বুজোৱা হয়।
-
জীৱবিজ্ঞানী
জীৱবিজ্ঞানী (Biologist) হ’ল এনে এজন বিজ্ঞানী যিয়ে জীৱবিজ্ঞানৰ ক্ষেত্ৰখনত গৱেষণা কৰে। জীৱবিজ্ঞানীসকল পৃথিৱীত বৰ্তি থকা জীৱনৰ বিষয়ে অধ্যয়ন কৰিবলৈ আগ্ৰহী, সেয়া এটা একক কোষেই হওক, বহুকোষী জীৱই হওক বা পাৰস্পৰিক ক্ৰিয়াশীল জনসংখ্যাৰ সম্প্ৰদায়েই হওক।
-
নাৰীবাদী মনোবিজ্ঞান
নাৰীবাদী মনোবিজ্ঞান (Feminist Psychology) হৈছে সামাজিক গাঁথনি আৰু লিংগক কেন্দ্ৰ কৰি গঢ়ি উঠা মনোবিজ্ঞানৰ এক প্ৰকাৰ। নাৰীবাদী মনোবিজ্ঞানে পুৰুষৰ দৃষ্টিকোণৰ পৰা কৰা ঐতিহাসিক মানসিক গৱেষণাৰ সমালোচনা কৰে। নাৰীবাদী মনোবিজ্ঞান নাৰীবাদৰ মূল্যবোধ আৰু নীতিৰ ওপৰত কেন্দ্ৰীভূত।
-
নিউট্ৰিন'
নিউট্ৰিন (Neutrino) হৈছে বৈদ্যুতিক ভাৱে প্ৰশম, দুৰ্বল প্ৰভাৱ (weak interaction) ৰ জৰিয়তে ক্ৰিয়া কৰা, অৰ্ধ-অখণ্ড সাংখ্যিক ঘূৰ্ণন (spin), সোঁ-বাওঁ অপ্ৰতিসমতা (chirality) আৰু অদ্য পৰিমিত অ-নিৰ্ধাৰিত সূক্ষ্ম কিন্তু অশূন্য ভৰ বিশিষ্ট এবিধ উপ-পাৰমাণৱিক কণা।
-
পেৰেনকাইমা
পেৰেনকাইমা হৈছে মগজু বা হাওঁফাওঁৰ দৰে প্ৰাণীৰ অংগ বা টিউমাৰৰ দৰে গঠনত থকা কাৰ্যক্ষম পদাৰ্থৰ ডাঙৰ অংশ। প্ৰাণীবিজ্ঞানত চেপেটা কৃমিৰ ভিতৰৰ অংশ ভৰাই তোলা কলাটোৱেই পেৰেনকাইমা। উদ্ভিদ বিজ্ঞানত ই পাতৰ ক্ৰছ-ছেকচনত কিছুমান স্তৰ থাকে।
-
প্ৰাথমিক আৰোপন ত্ৰুটি
প্ৰাথমিক আৰোপন ত্ৰুটি (fundamental attribution error)ৰ আন দুটা নাম হৈছে সংযুক্তি পক্ষপাতিতা (correspondence bias) আৰু আৰোপন প্ৰভাৱ (attribution effect)৷ সামাজিক মনোবিজ্ঞানত প্ৰাথমিক আৰোপন ত্ৰুটিক একধৰণৰ প্ৰৱণতাৰ জৰিয়তে চিহ্নিত কৰা হয়৷ যাৰ জৰিয়তে মানুহে কোনো ব্যক্তিবিশেষৰ আচৰণৰ ক্ষেত্ৰত…
-
পৰিমিতি
পৰিমিতি হৈছে গণিতৰ এক বৃহৎ শাখা য'ত বিভিন্ন জ্যামিতিক আকৃতি সমূহৰ সৈতে জড়িত বিভিন্ন মাপ বা জোখ-মাখবোৰ লোৱা হয়। মাপ হৈছে কোনো বস্তু বা ঘটনাৰ বিশেষত্ব বুজাবলৈ ব্যৱহাৰৰ কৰা এক সংখ্যাত্মক প্ৰকল্প। যাৰ তুলনা অন্য বস্তু বা ঘটনাৰ সৈতে কৰিব পাৰি।
-
ফাৰ্মাৰ অন্তিম উপপাদ্য
ফাৰ্মাৰ অন্তিম উপপাদ্য (Fermat's Last Theorem) সংখ্যা তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ উপপাদ্য যি ৩৫০ বছৰৰো অধিক কাল অপ্ৰমাণিত হৈ আছিল। ইয়াক ফাৰ্মাৰ অনুমান (Fermat's Conjecture) বুলিও জনা যায়।
-
বতাহ শক্তি
বতাহ শক্তি বা বায়ু শক্তি (Wind Energy) হৈছে বায়ু টাৰ্বাইনৰ যোগেৰে যান্ত্ৰিক শক্তি প্ৰদান কৰি বৈদ্যুতিক জেনেৰেটৰ ঘূৰাবলৈ কৰা বায়ুৰ ব্যৱহাৰ। বায়ু শক্তি হৈছে এক জনপ্ৰিয় বহনক্ষম, নৱীকৰণযোগ্য উৎস যি জীৱাশ্ম ইন্ধনৰো এক উৎকৃষ্ট বিকল্প৷ কাৰণ জীৱাশ্ম ইন্ধনত প্ৰদূষণ অধিক হয়৷ বতাহ শক্তি উৎপাদন-স্থলীত…