আদিত্য-এল১ (Aditya-L1) হৈছে সূৰ্যৰ বায়ুমণ্ডলৰ অধ্যয়নৰ বাবে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) আৰু অন্যান্য বহুকেইটা ভাৰতীয় গৱেষণা সংস্থাৰ সমন্বয়ত ৰূপাংকণ তথা বিকাশ কৰা এখন ক'ৰ'ণাগ্ৰাফি মহাকাশযান (coronagraphy spacecraft)।১ এই যানখন পৃথিৱীৰ পৰা প্ৰায় ১.৫ নিযুত কিলোমিটাৰ আঁতৰত থকা সূৰ্য আৰু পৃথিৱীৰ মাজৰ এক এল১ লাগ্ৰাঁজ বিন্দুৰ (L1 Lagrange point) চাৰিওকাশে থকা প্ৰভামণ্ডলীয় কক্ষপথলৈ (halo orbit) গৈ সৌৰ বায়ুমণ্ডল, সৌৰ চুম্বকীয় ধুমুহা আৰু পৃথিৱীৰ পৰিৱেশত ইয়াৰ প্ৰভাৱ সম্পৰ্কে অধ্যয়ন কৰিবলৈ পঠিওৱা হৈছে।২
আদিত্য হৈছে সূৰ্যৰ গতিবিধি নিৰীক্ষণৰ বাবে প্ৰথম ভাৰতীয় অভিযান আৰু ২০২৩ চনৰ ছেপ্তেম্বৰ মাহৰ ১১:৫০ বজাত৩৪৫ (ভা. মা. স.) পিএছএলভি-এক্সএল১ (PSLV-XL) নামৰ এখন উৎক্ষেপণ বাহনৰ দ্বাৰা উৎক্ষেপণ কৰা হয়। ঐতিসাহিক চন্দ্ৰযান-৩ৰ সফলতাৰ মাত্ৰ ১০ দিনৰ পিছতেই ভাৰতে এই সৌৰযান উৎক্ষেপন কৰে আৰু কেৱল এঘণ্টাৰ পিছতে যানখতে তাৰ আকাংশিত কক্ষত সফলতাৰে উপনীত হয়।৬ যানখনে ভাৰতীয় মান সময়মতে পিছবেলা ১২:৫৪ বজাত ইয়াৰ চতুৰ্থ স্তৰৰ পৰা পৃথক হ’ব।
অভিযানৰ উদ্দেশ্য
আদিত্য-এল১ অভিযানৰ প্ৰধান লক্ষ্যসমূহ হ’ল-
- সূৰ্যৰ ওপৰৰ সৌৰ বায়ুমণ্ডলীয় (ক্ৰম’স্ফিয়াৰ আৰু ক’ৰ’না) গতিবিদ্যাৰ অধ্যয়ন
- ক্ৰম'স্ফিয়াৰিক আৰু ক'ৰ'নেল উত্তাপন, আংশিকভাৱে আয়নীকৃত প্লাজমাৰ পদাৰ্থবিজ্ঞান, ক'ৰ'নেল ভৰ নিৰ্গমনৰ আৰম্ভণি আৰু সৌৰ ফ্লেয়াৰৰ অধ্যয়ন
- সূৰ্য্যৰ পৰা কণিকাৰ গতিবিদ্যাৰ অধ্যয়নৰ বাবে তথ্য প্ৰদান কৰা স্থানীয় কণা আৰু প্লাজমা পৰিৱেশ পৰ্যবেক্ষণ কৰা
- সৌৰ ক’ৰ’নাৰ পদাৰ্থ বিজ্ঞান আৰু ইয়াৰ উত্তাপন ব্যৱস্থা
- ক’ৰ’নেল আৰু ক’ৰ’নেল লুপ প্লাজমাৰ নিদান: তাপমাত্ৰা, বেগ আৰু ঘনত্ব
- চিএমইৰ উন্নয়ন, গতিশীলতা আৰু উৎপত্তি
- একাধিক সৌৰ স্তৰত (ক্ৰম’স্ফিয়াৰ, ভূমি আৰু বৰ্ধিত ক’ৰ’না) সংঘটিত হোৱা প্ৰক্ৰিয়াৰ ক্ৰম চিনাক্ত কৰা যিয়ে পিছলৈ সৌৰ বিস্ফোৰণৰ পৰিঘটনাৰ সৃষ্টি কৰে।
- সৌৰ ক'ৰ'নাত চুম্বকীয় ক্ষেত্ৰৰ ট'প'লজি আৰু চুম্বকীয় ক্ষেত্ৰৰ জোখ
- মহাকাশৰ বতৰৰ বাবে চালক হিচাপে সৌৰ বতাহৰ উৎপত্তি, গঠন আৰু গতিশীলতা অধ্যয়ন৭
ইতিহাস

২০০৮ চনৰ জানুৱাৰী মাহত মহাকাশ গৱেষণাৰ পৰামৰ্শদাতা সমিতিয়ে প্ৰথমবাৰৰ বাবে সূৰ্যক অধ্যয়ন কৰা আদিত্যৰ বিষয়ে ধাৰণা কৰিছিল। প্ৰথমতে ইয়াক সৌৰ ক’ৰ’না অধ্যয়নৰ বাবে ক’ৰ’নাগ্ৰাফৰ সৈতে ৪০০ কিলোগ্ৰাম (৮৮০ পাউণ্ড) ভৰৰ পৃথিৱীৰ নিম্ন কক্ষপথত স্থাপন কৰা (৮০০ কিলোমিটাৰ) সৰু উপগ্ৰহ হিচাপে কল্পনা কৰা হৈছিল। এই মিছনৰ বাবে ২০১৬–২০১৭ বিত্তীয় বৰ্ষৰ বাবে ৩ কোটি টকাৰ পৰীক্ষামূলক বাজেট আবণ্টন দিয়া হৈছিল।৮৯১০ তাৰ পিছত এই অভিযানৰ পৰিসৰ সম্প্ৰসাৰিত কৰা হৈছে আৰু এতিয়া ইয়াক লাগ্ৰাঁজ বিন্দু এল ১ত স্থাপন কৰিবলৈ এটা বিস্তৃত সৌৰ আৰু মহাকাশ পৰিৱেশ মানৱ নিৰীক্ষণ কেন্দ্ৰ হিচাপে পৰিকল্পনা কৰা হৈছে।১১ সেয়ে এই অভিযানৰ নাম "আদিত্য-এল১" ৰখা হয়। ২০১৯ চনৰ জুলাই মাহলৈকে এই অভিযানৰ আবণ্টিত খৰচ হৈছে উৎক্ষেপণৰ খৰচ বাদ দি ₹৭৮.৫৩ কোটি টকা।১২

নাম
"আদিত্য" সূৰ্য্যক প্ৰতিনিধিত্ব কৰা হিন্দু দেৱতা সূৰ্য্যৰ পৰা উদ্ভৱ হৈছে। আদিত্য সূৰ্যৰ আন এটা নাম। "L1" (অসমীয়াত এল১) চিহ্নটোৱে লাগ্ৰাঁজ বিন্দু ১ বুজায়। এল১ বিন্দুয়ে সূৰ্য্য আৰু পৃথিৱীৰ মাজত অৱস্থিত নিৰ্দিষ্ট স্থানক বুজায়। মহাকাশযানখনে যাত্ৰা কৰিবলৈ নিৰ্ধাৰণ কৰা এই বিন্দুৰ নামেৰে যানখনৰ নাম আদিত্য-এল১ ৰখা হৈছে।৫
সংক্ষিপ্ত বিৱৰণ
[[চিত্ৰ:Lagrange-better.png|সূৰ্য্য–পৃথিৱী ব্যৱস্থাৰ লাগ্ৰাঁজ বিন্দুসমূহ (মাপনী অনুসৰি নহয়) – এই পাঁচটা বিন্দুৰ যিকোনো এটাত থকা সৰু বস্তু এটাই সূৰ্য আৰু পৃথিৱীৰ মহাকৰ্ষণ আৰু ঘূৰ্ণন বলৰ পৰস্পৰে প্ৰশমিত কৰাৰ বাবে নিজৰ আপেক্ষিক অৱস্থানত থাকিবলৈ সক্ষম হয়]]
আদিত্য-এল১ অভিযানে পৃথিৱীৰ পৰা প্ৰায় ১৫০০,০০০ কিলোমিটাৰ (৯৩০,০০০ মাইল) দূৰত্বত থকা এল১ বিন্দুৰ চাৰিওফালে থকা প্ৰভা কক্ষপথত উপনীত হ’বলৈ পৃথিৱীৰ প্ৰায় ১০৯ দিন১৩ সময় লাগিব। মহাকাশযানখনে পৰিকল্পিত অভিযানৰ সময়ছোৱাৰ বাবে প্ৰভা কক্ষপথত থাকিব আৰু প্ৰতি বছৰে ০.২ – ৪ মিটাৰ প্ৰতি ছেকেণ্ডৰ ষ্টেচনকিপিং কষ্ট্ (Orbital station-keeping cost)ত ৰক্ষণাবেক্ষণ কৰিব।১৪ ১৫০০ কিলোগ্ৰাম (৩,৩০০ পাউণ্ড) ওজনৰ এই উপগ্ৰহটোৱে বিভিন্ন উদ্দেশ্যৰে সাতটা বৈজ্ঞানিক সঁজুলি বা পেল'ড কঢ়িয়াই লৈ গৈছে। এই সঁজুলিসমূহে ক'ৰ'নেল উত্তাপ, সৌৰ বতাহৰ ত্বৰণ, ক'ৰ'নেল মেগনেট'মেট্ৰি, যিয়ে পৃথিৱীৰ ওপৰৰ বায়ুমণ্ডলীয় গতিশীলতা আৰু বিশ্ব জলবায়ুক পৰিচালিত কৰা নিম্ন অতিবেঙুনী বিকিৰণৰ উৎপত্তি আৰু নিৰীক্ষণ, সৌৰ আলোকমণ্ডলৰ ক্ৰম'স্ফিয়াৰ আৰু ক'ৰ'নাৰ সৈতে সংযোজন, মহাকাশ আৰু ভূমিভিত্তিক সৌৰ বতাহ আৰু সৌৰ চুম্বকীয় ধুমুহাৰ শক্তিশালী কণিকাৰ প্ৰবাহ আৰু চুম্বকীয় ক্ষেত্ৰ জুখি পৃথিৱীৰ চাৰিওফালে থকা মহাকাশ পৰিৱেশৰ স্থানীয় বৈশিষ্ট্য নিৰ্ণয় কৰিবলৈ ব্যৱহাৰ কৰা হ'ব।১
আদিত্য-এল১ অভিযানে সূৰ্য্যৰ আলোকমণ্ডল, ক্ৰম’স্ফিয়াৰ আৰু ক’ৰ’নাৰ পৰ্যবেক্ষণ প্ৰদান কৰিবলৈ সক্ষম হ’ব। ইয়াৰ উপৰিও এটা যন্ত্ৰই এল১ কক্ষপথত উপনীত হোৱা সৌৰ শক্তিশালী কণিকাৰ প্ৰবাহ অধ্যয়ন কৰিব। আনহাতে মেগনেটোমিটাৰ পেল'ডে এল১ৰ চাৰিওফালে থকা প্ৰভা কক্ষপথত চুম্বকীয় ক্ষেত্ৰৰ শক্তিৰ তাৰতম্য জুখিব। এই পেল'ডবোৰ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰৰ পৰা হোৱা হস্তক্ষেপৰ বাহিৰত ৰাখিব লাগে আৰু সেয়েহে মূল আদিত্য অভিযানৰ ধাৰণাত প্ৰস্তাৱিত ধৰণে পৃথিৱীৰ নিম্ন কক্ষপথত উপযোগী হ’ব নোৱাৰিলেহেঁতেন।১৫
সৌৰ পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত সমাধান নোহোৱা এটা প্ৰধান সমস্যা হ'ল সূৰ্য্যৰ উচ্চ বায়ুমণ্ডলীয় অঞ্চল ১,০০০,০০০ কেলভিন উষ্ণ হোৱাৰ বিপৰীতে নিম্ন বায়ুমণ্ডলীয় অঞ্চল মাত্ৰ ৬,০০০ কেলভিন উষ্ণ। ইয়াৰ উপৰিও সূৰ্যৰ বিকিৰণে পৃথিৱীৰ বায়ুমণ্ডলৰ গতিশীলতাক কম সময়ৰ লগতে দীৰ্ঘ সময়ৰ স্কেলত সঠিকভাৱে কেনেদৰে প্ৰভাৱিত কৰে সেয়াও বুজা হোৱা নাই। এই অভিযানে সূৰ্য্যৰ বায়ুমণ্ডলৰ বিভিন্ন স্তৰৰ প্ৰায় একেলগে থকা ছবি লাভ কৰিব। ইয়াৰ ফলত শক্তিক এটা স্তৰৰ পৰা আন এটা স্তৰলৈ চেনেল আৰু স্থানান্তৰ কৰাৰ উপায়সমূহ উন্মোচন কৰিব পৰা যাব। এইদৰে আদিত্য-এল১ অভিযানে সূৰ্য্যৰ গতিশীল প্ৰক্ৰিয়াসমূহৰ বিষয়ে ব্যাপক বুজাবুজিৰ সুবিধা প্ৰদান কৰিব আৰু সৌৰ পদাৰ্থ বিজ্ঞান আৰু সূৰ্য্যপদাৰ্থ বিজ্ঞানৰ কিছুমান অসাধাৰণ সমস্যাৰ সমাধান কৰিব।
তাৎপৰ্য্য আৰু সম্ভাৱ্য আৱিষ্কাৰ
আদিত্য-এল১ অভিযানে সূৰ্য্যৰ আচৰণ আৰু পৃথিৱী আৰু মহাকাশৰ পৰিৱেশৰ সৈতে ইয়াৰ পাৰস্পৰিক ক্ৰিয়াৰ বিষয়ে আমাৰ বুজাবুজিক যথেষ্ট উন্নত কৰাৰ প্ৰতিশ্ৰুতি বহন কৰিছে। এই অভিযানৰ পৰা পৰিকল্পিত পৰ্যবেক্ষণ আৰু তথ্য সংগ্ৰহৰ ফলত সৌৰ আৰু সৌৰপদাৰ্থবিজ্ঞানৰ ক্ষেত্ৰত কেইবাটাও যুগান্তকাৰী আৱিষ্কাৰ আৰু পৰিঘটনা উজাগৰ হোৱাৰ সম্ভাৱনা আছে।
- ক'ৰ'নেল উত্তাপন তন্ত্ৰ:১৬ সৌৰ পদাৰ্থ বিজ্ঞানৰ এটা কেন্দ্ৰীয় প্ৰহেলিকা হ'ল ক'ৰ'নেল উত্তাপন সমস্যা। কিয় সূৰ্য্যৰ ক'ৰ'না ইয়াৰ পৃষ্ঠতকৈ বহুত বেছি উষ্ণ সেয়া এতিয়াও সাঁথৰ হৈ আছে। আদিত্য-এল১ৰ বৈজ্ঞানিক যন্ত্ৰ বিশেষকৈ সৌৰ অতিবেঙুনীয়া ইমেজিং দুৰবীক্ষণ (SUIT) আৰু দৃশ্যমান নিৰ্গমন লাইন ক’ৰ’নাগ্ৰাফ (VELC)ৰ দ্বাৰা ক’ৰ’নাৰ গতিশীলতা আৰু গঠনৰ বিশদ অধ্যয়ন সম্ভৱ হ’ব। কৰ’নাৰ আচৰণ ভালদৰে পৰীক্ষা কৰি বিজ্ঞানীসকলে সূৰ্যৰ এই বাহ্যিক স্তৰটো উষ্ণ কৰাৰ বাবে দায়বদ্ধ ব্যৱস্থাসমূহ উন্মোচন কৰাৰ আশা কৰিছে।
- মহাকাশৰ বতৰৰ আগজাননী:১৭ মহাকাশৰ বতৰৰ পৰিঘটনাৰ আগজাননীৰ বাবে সূৰ্য্যৰ আচৰণ বুজাটো অতি গুৰুত্বপূৰ্ণ। ই পৃথিৱীৰ প্ৰযুক্তি আৰু আন্তঃগাঁথনিৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে। মিছনৰ তথ্যই সৌৰ ফ্লেয়াৰ, ক’ৰ’নেল মাছ ইজেকচন (চিএমই), আৰু সৌৰ শক্তিশালী কণা (এছইপি)ৰ পৰিঘটনাৰ সূচনা কৰা প্ৰক্ৰিয়াসমূহৰ বিষয়ে তথ্য প্ৰদান কৰিব। এই তথ্যসমূহে মহাকাশৰ বতৰৰ পৰিঘটনা আৰু যোগাযোগ ব্যৱস্থা, উপগ্ৰহ আৰু শক্তি গ্ৰীডৰ ওপৰত ইয়াৰ সম্ভাৱ্য প্ৰভাৱৰ অধিক সঠিক পূৰ্বাভাসত অৰিহণা যোগাব পাৰে।
- সৌৰ বতাহ আৰু চুম্বকীয় ক্ষেত্ৰ অধ্যয়ন: আদিত্য-এল১ৰ যন্ত্ৰ যেনে আদিত্য সৌৰ বতাহৰ কণিকা পৰীক্ষা (ASPEX) আৰু মেগনেট’মিটাৰ, সৌৰ বতাহৰ ধৰ্ম আৰু আন্তঃগ্ৰহ চুম্বকীয় ক্ষেত্ৰৰ এক বিস্তৃত দৃশ্য প্ৰদান কৰিব। এই তথ্যই সৌৰ বতাহৰ আচৰণ আৰু পৃথিৱীৰ চুম্বকমণ্ডলৰ সৈতে ইয়াৰ পাৰস্পৰিক ক্ৰিয়াৰ আৰ্হি পৰিশোধন কৰাত সহায় কৰিব। এই জটিল মহাকাশ পৰিৱেশৰ গতিশীলতাৰ নানা তথ্য উজাগৰ কৰিব।
- পৃথিৱীৰ জলবায়ুৰ বুজাবুজিঃ সূৰ্যৰ কাৰ্যকলাপে পৃথিৱীৰ জলবায়ুক দীৰ্ঘ সময়ৰ মাপকাঠিত প্ৰভাৱিত কৰিব পাৰে। আদিত্য-এল১ৰ নিম্ন অতিবেঙুনী সৌৰ বিকিৰণ আৰু পৃথিৱীৰ ওপৰৰ বায়ুমণ্ডলত ইয়াৰ প্ৰভাৱৰ পৰ্যবেক্ষণে সৌৰ পৰিৱৰ্তনশীলতাই পৃথিৱীৰ জলবায়ুৰ আৰ্হিত কেনে প্ৰভাৱ পেলাব পাৰে সেই কথা বুজিবলৈ অৰিহণা যোগাব পাৰে। জলবায়ু পৰিৱৰ্তনৰ সূচনা কৰা প্ৰাকৃতিক আৰু মানৱজনীত কাৰকৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱা জলবায়ু গৱেষকসকলৰ বাবে ইয়াৰ দ্বাৰা মূল্যৱান তথ্য লাভ কৰিবলৈ সক্ষম হ'ব।
- বিস্তৃত সৌৰ বায়ুমণ্ডলৰ প্ৰতিচ্ছবি: আদিত্য-এল১ত থকা যন্ত্ৰয়ে সূৰ্য্যৰ বায়ুমণ্ডলৰ ফটোস্ফীয়াৰৰ পৰা কৰ'নালৈকে বহু তৰংগদৈৰ্ঘ্যৰ পৰ্যবেক্ষণ প্ৰদান কৰিব। এই একেলগে কৰা পৰ্যবেক্ষণসমূহে বিজ্ঞানীসকলক বিভিন্ন স্তৰৰ মাজত শক্তি আৰু পদাৰ্থৰ প্ৰবাহ অনুসন্ধান কৰিবলৈ অনুমতি দিব। ইয়াৰ ফলত সূৰ্য্যৰ আচৰণ নিয়ন্ত্ৰণ কৰা জটিল প্ৰক্ৰিয়াসমূহৰ বিষয়ে বহু তথ্য লাভ কৰিব পৰা যাব।
- চিএমইৰ উৎপত্তি আৰু গতিশীলতা: ক’ৰ’নেল মাচ ইজেকচন (CME) হৈছে শক্তিশালী আৰু সম্ভাৱ্যভাৱে বিঘ্নিতকাৰী সৌৰ পৰিঘটনা। আদিত্য-এল১ৰ চিএমইৰ আৰম্ভণি আৰু বিৱৰ্তনৰ পৰ্যবেক্ষণে ইহঁতৰ উৎপত্তি আৰু আচৰণৰ বিষয়ে আমাৰ বুজাবুজিত অৰিহণা যোগাব। ইয়াৰ ফলত সম্ভাৱনাময়ভাৱে ইয়াৰ সংঘটন আৰু প্ৰভাৱৰ আগজাননীৰ বাবে উন্নত আৰ্হিৰ সৃষ্টি হ’ব।
বৈজ্ঞানিক সঁজুলিসমূহ
আদিত্য-এল১য়ে কঢ়িয়াই নিয়া বৈজ্ঞানিক সঁজুলিসমূহে সৌৰ বায়ুমণ্ডল মূলতঃ ক্ৰম’স্ফিয়াৰ আৰু ক’ৰ’না পৰ্যবেক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব। এই বৈজ্ঞানিক যন্ত্ৰসমূহে এল১ বিন্দুৰ স্থানীয় পৰিৱেশ পৰ্যবেক্ষণ কৰিব। ইয়াৰ অন-বৰ্ডত সাতটা বৈজ্ঞানিক সঁজুলি বা পেল'ড আছে তাৰে চাৰিটা সূৰ্য্যৰ ৰিম'ট চেন্সিঙৰ বাবে আৰু তিনিটা ইন-চিটু (In Situ) পৰ্যবেক্ষণৰ বাবে ব্যৱহৃত হ'ব।১৮
| প্ৰকাৰ | ক্ৰমিক নং | বৈজ্ঞানিক সঁজুলি | সামৰ্থ্য |
|---|---|---|---|
| ৰিম'ট চেন্সিং পেল'ড | ১ | দৃশ্যমান নিৰ্গমন লাইন ক'ৰ'নাগ্ৰাফ (Visible Emission Line Coronagraph, VELC) | ক'ৰ'না/ইমেজিং আৰু স্পেকট্ৰ'স্কপি |
| ২ | সৌৰ অতিবেঙুনীয়া ইমেজিং দুৰবীক্ষণ (Solar Ultraviolet Imaging Telescope, SUIT) | ফটোস্ফিয়াৰ আৰু ক্ৰম’স্ফিয়াৰ ইমেজিং- নেৰ' আৰু ব্ৰডবেণ্ড | |
| ৩ | সৌৰ নিম্ন শক্তিৰ এক্স-ৰে স্পেকট্ৰমিটাৰ (Solar Low Energy X-ray Spectrometer, SoLEXS) | মৃদু এক্স-ৰে বৰ্ণালীমাপক: সূৰ্য্য-তৰা হিচাপে পৰ্যবেক্ষণ | |
| ৪ | উচ্চ শক্তি এল১ কক্ষপথত চলা এক্স-ৰে স্পেকট্ৰ'মিটাৰ (High Energy L1 Orbiting X-ray Spectrometer, HEL1OS) | দৃঢ় এক্স-ৰে বৰ্ণালীমাপক: সূৰ্য্য-এটা-তৰা হিচাপে পৰ্যবেক্ষণ | |
| ইন-চিটো পেল'ড | ৫ | আদিত্য সৌৰ বতাহৰ কণিকা পৰীক্ষা (Aditya Solar wind Particle Experiment, ASPEX) | সৌৰ বতাহ/কণা বিশ্লেষক প্ৰ’টন আৰু দিশৰ সৈতে গধুৰ আয়ন |
| ৬ | আদিত্যৰ বাবে প্লাজমা বিশ্লেষক পেকেজ (Plasma Analyser Package For Aditya, PAPA) | সৌৰ বতাহ/কণা বিশ্লেষক ইলেক্ট্ৰন আৰু দিশৰ সৈতে গধুৰ আয়ন | |
| ৭ | উন্নত ত্ৰি-অক্ষীয় উচ্চ ৰিজ’লিউচন ডিজিটেল মেগনেট’মিটাৰ (Advanced Tri-axial High Resolution Digital Magnetometers) | ইন-চিটু চুম্বকীয় ক্ষেত্ৰ (Bx, By আৰু Bz) |
আদিত্য-এল১ ত সংস্থাপিত পেল'ডৰ বিকাশ

দেশৰ বিভিন্ন ভাৰতীয় পৰীক্ষাগাৰে আদিত্য-এল১ৰ বৈজ্ঞানিক সঁজুলি বা পেল'ড প্ৰস্তুত কৰিছে। ইছৰোৰ বিভিন্ন কেন্দ্ৰৰ ঘনিষ্ঠ সহযোগিতাৰে সকলো পেল'ড প্ৰস্তুত কৰা হৈছে। ছটা বৈজ্ঞানিক অনুসন্ধানকাৰী পৰীক্ষাগাৰ আৰু সঁজুলিসমূহ হ'ল-
| + | ক্ৰমিক সংখ্যা | বৈজ্ঞানিক সঁজুলি | পৰীক্ষাগাৰ |
| ১ | দৃশ্যমান নিৰ্গমন লাইন ক'ৰ'নাগ্ৰাফ (VELC) | ভাৰতীয় জ্যোতিৰ্পদাৰ্থ বিজ্ঞান প্ৰতিষ্ঠান, বেংগালুৰু | |
| ২ | সৌৰ অতিবেঙুনীয়া ইমেজিং দুৰবীক্ষণ (SUIT) | আন্তঃ বিশ্ববিদ্যালয় জ্যোতিৰ্বিজ্ঞান আৰু জ্যোতিৰ্পদাৰ্থ বিজ্ঞান কেন্দ্ৰ, পুনে | |
| ৩ | আদিত্য সৌৰ বতাহৰ কণিকা পৰীক্ষা | ভৌতিক গৱেষণা পৰীক্ষাগাৰ, আহমেদাবাদ | |
| ৪ | আদিত্যৰ বাবে প্লাজমা বিশ্লেষক পেকেজ | মহাকাশ পদাৰ্থ বিজ্ঞান পৰীক্ষাগাৰ, বিক্ৰম সাৰাভাই মহাকাশ কেন্দ্ৰ, তিৰুৱনন্তপুৰম | |
| ৫ | সৌৰ উচ্চ আৰু নিম্ন শক্তিৰ এক্স-ৰে স্পেকট্ৰমিটাৰ | ইউ আৰ ৰাও উপগ্ৰহ কেন্দ্ৰ, বেংগালুৰু | |
| ৬ | উন্নত ত্ৰি-অক্ষীয় উচ্চ ৰিজ’লিউচন ডিজিটেল মেগনেট’মিটাৰ | ইলেক্ট্ৰ' অপটিক্স চিষ্টেমৰ বাবে পৰীক্ষাগাৰ, বেংগালুৰু |
উৎক্ষেপণ
২০২৩ চনৰ ২ ছেপ্টেম্বৰত ভাৰতীয় মান সময় অনুসৰি ১১:৫০ বজাত মেৰু উপগ্ৰহ উৎক্ষেপণ বাহন (PSLV-C57) য়ে শ্ৰীহৰিকোটাত অৱস্থিত সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ (SDSC) দ্বিতীয় উৎক্ষেপণ পেডৰ পৰা আদিত্য-এল১ৰ সফল উৎক্ষেপণ সম্পন্ন কৰে।৫ উৎক্ষেপণৰ পুৱা লঞ্চ স্থানৰ কাষৰ ভিউইং গেলেৰীত কেইবা হাজাৰ ব্যক্তিয়ে লিফ্ট অফৰ সাক্ষী হ’বলৈ সমবেত হয়। একে সময়তে ইয়াক ৰাষ্ট্ৰীয় টেলিভিছনত লাইভ সম্প্ৰচাৰ কৰা হৈছিল।
৬৩ মিনিট ২০ ছেকেণ্ডৰ উৰণৰ সময়ৰ পিছত আদিত্য-এল১ বিমানে ভাৰতীয় মান সময় অনুসৰি ১২:৫৪ বজাত পৃথিৱীৰ চাৰিওফালে থকা উপবৃত্তাকাৰ কক্ষপথত সফল ইনজেকচন লাভ কৰে। এই কক্ষপথৰ মাত্ৰা ২৩.৫ x ১৯৫০০ কিলোমিটাৰ।
আদিত্য-এল১ক লাগ্ৰাঁজ বিন্দু এল১ৰ ফালে স্থানান্তৰ কক্ষপথত স্থাপন কৰাৰ পূৰ্বে পৃথিৱীৰ ফালে কক্ষপথৰ চাৰিটা কৌশলৰ ধাৰাবাহিকতা অৱলম্বন কৰা হ'ব। আদিত্য-এল১ উৎক্ষেপণৰ প্ৰায় ১২৭ দিনৰ পিছত এল১ বিন্দুত নিজৰ নিৰ্দিষ্ট কক্ষপথত উপনীত হোৱাৰ পৰিকল্পনা কৰা হৈছে।১৯
তথ্যসূত্ৰ
- ↑ Somasundaram, Seetha; Megala, S. (25 August 2017). Aditya-L1 mission. Current Science. পৃ. 610
- ↑ Aditya – L1 First Indian mission to study the Sun. ISRO
- ↑ ISRO. PSLV-C57/Aditya-L1 Mission: The 23-hour 40-minute countdown leading to the launch at 11:50 Hrs. IST on September 2, 2023, has commended today at 12:10 Hrs. The launch can be watched LIVE on ISRO Website isro.gov.in Facebook facebook.com/ISRO YouTube youtube.com/watch?v=_IcgGYZTXQw… DD National TV channel from 11:20 Hrs. IST
- ↑ (28 August 2023). Moon mission done, ISRO aims for the Sun with Aditya-L1 launch on September 2. The Indian Express
- ↑ Pandey, Geeta. (2 September 2023). Aditya-L1: India launches its first mission to Sun. BBC News
- ↑ Aditya L1 Mission: Aditya L1 Launch LIVE Updates: Aditya L1 spacecraft successfully separated from PSLV rocket, now en route to Sun-Earth L1 point. ISRO says mission accomplished. The Economic Times
- ↑ ADITYA-L1. www.isro.gov.in
- ↑ Notes on Demands for Grants, 2016–2017. Department of Space
- ↑ Aditya gets ready to gaze at the sun. The Hindu
- ↑ Gandhi, Divya. (13 January 2008). ISRO planning to launch satellite to study the sun. The Hindu
- ↑ Desikan, Shubashree. (15 November 2015). The sun shines on India's Aditya. The Hindu
- ↑ (3 July 2019). Lok Sabha Unstarred Question No.1972. Lok Sabha
- ↑ (14 February 2020). Department Of Space, Annual Report 2019–2020
- ↑ Muralidharan, Vivek. (2017). Orbit Maintenance Strategies for Sun-Earth/Moon Libration Point Missions: Parameter Selection for Target Point and Cauchy-Green Tensor Approaches. Open Access Theses. M.S. Thesis, Purdue University. পৃ. 183–194
- ↑ Aditya-L1 First Indian mission to study the Sun. isro.gov.in
- ↑ Andrievsky, S. M.; Garbunov, G. A. (1991). The Shock Wave Heating Mechanism of Pulsating Star Chromospheres. Mechanisms of Chromospheric and Coronal Heating. Springer Berlin Heidelberg. পৃ. 356–358. ISBN 978-3-642-87457-4
- ↑ Balch, Christopher C. (January 2008). Updated verification of the Space Weather Prediction Center's solar energetic particle prediction model. Space Weather. পৃ. n/a
- ↑ ISRO ADITYA-L1
- ↑ PSLV-C57/ADITYA-L1 Mission. www.isro.gov.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “আদিত্য-এল১” প্ৰবন্ধৰ সংশোধন ৪৩১৫২৯ (১০ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।