অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

জীৱবিজ্ঞানী

জীৱবিজ্ঞানী (Biologist) হ’ল এনে এজন বিজ্ঞানী যিয়ে জীৱবিজ্ঞানৰ ক্ষেত্ৰখনত গৱেষণা কৰে। জীৱবিজ্ঞানীসকল পৃথিৱীত বৰ্তি থকা জীৱনৰ বিষয়ে অধ্যয়ন কৰিবলৈ আগ্ৰহী, সেয়া এটা একক কোষেই হওক, বহুকোষী জীৱই হওক বা পাৰস্পৰিক ক্ৰিয়াশীল জনসংখ্যাৰ সম্প্ৰদায়েই হওক।

হালনাগাদ: ২৭ আগষ্ট ২০২৬ ৪০৮ শব্দ · ২ মিনিট সংগৃহীত ৮৫
সংশোধনৰ পৰামৰ্শ

জীৱবিজ্ঞানী (Biologist) হ’ল এনে এজন বিজ্ঞানী যিয়ে জীৱবিজ্ঞানৰ ক্ষেত্ৰখনত গৱেষণা কৰে।১২ জীৱবিজ্ঞানীসকল পৃথিৱীত বৰ্তি থকা জীৱনৰ বিষয়ে অধ্যয়ন কৰিবলৈ আগ্ৰহী, সেয়া এটা একক কোষেই হওক, বহুকোষী জীৱই হওক বা পাৰস্পৰিক ক্ৰিয়াশীল জনসংখ্যাৰ সম্প্ৰদায়েই হওক।১ সাধাৰণতে তেওঁলোক জীৱবিজ্ঞানৰ এটা বিশেষ শাখাত (যেনে, আণৱিক জীৱবিজ্ঞান, প্ৰাণীবিজ্ঞান, আৰু বিৱৰ্তনীয় জীৱবিজ্ঞান) বিশেষজ্ঞ৩ আৰু এওঁলোকৰ এটা নিৰ্দিষ্ট গৱেষণামূলক কেন্দ্ৰবিন্দু (যেনে, মেলেৰিয়া বা কেন্সাৰ অধ্যয়ন) থাকে।৪

মৌলিক গৱেষণাৰ লগত জড়িত জীৱবিজ্ঞানীসকলৰ লক্ষ্য হৈছে প্ৰাকৃতিক জগতৰ বিষয়ে জ্ঞান আগবঢ়াই নিয়া।১ তেওঁলোকে বৈজ্ঞানিক পদ্ধতিৰে গৱেষণা কৰে। প্ৰকল্পনা পৰীক্ষাৰ বাবে ই এক অভিজ্ঞতাভিত্তিক পদ্ধতি।১৫ তেওঁলোকৰ আৱিষ্কাৰসমূহৰ কোনো নিৰ্দিষ্ট উদ্দেশ্যৰ বাবে অনুপ্ৰয়োগ হ'ব পাৰে যেনে জৈৱ প্ৰযুক্তিবিদ্যাত, যাৰ লক্ষ্য হৈছে মানুহৰ বাবে চিকিৎসাগতভাৱে উপযোগী সামগ্ৰী প্ৰস্তুত কৰা।১৬

আজিকালি বেছিভাগ জীৱবিজ্ঞানীৰে এটা বা ততোধিক, যেনে স্নাতক ডিগ্ৰীৰ লগতে স্নাতকোত্তৰ ডিগ্ৰী বা ডক্টৰেট ডিগ্ৰীৰ দৰে এটি আগশাৰীৰ শৈক্ষিক ডিগ্ৰী থাকে।৩৭৮ আন বিজ্ঞানীসকলৰ দৰেই জীৱবিজ্ঞানীসকলকো অৰ্থনীতিৰ বিভিন্ন খণ্ড, যেনে শিক্ষা, অলাভজনক, বেচৰকাৰী উদ্যোগ বা চৰকাৰী খণ্ডত কাম কৰা দেখা যায়।৯

ইতিহাস

ৰ প্ৰতিষ্ঠাতা ফ্ৰান্সেস্কো ৰেডি]]

জীৱবিজ্ঞানৰ প্ৰতিষ্ঠাতা ফ্ৰান্সেস্কো ৰেডিক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ জীৱবিজ্ঞানী হিচাপে গণ্য কৰা হয়।১০ ইংৰাজ প্ৰাকৃতিক দাৰ্শনিক ৰবাৰ্ট হুকে উদ্ভিদৰ গঠনৰ মৌচাক কোষৰ সৈতে সাদৃশ্য থকাৰ কথা বুজাই কোষ শব্দটোৰ উদ্ভাৱন কৰিছিল।১১

চাৰ্লছ ডাৰউইন আৰু আলফ্ৰেড ৱালেছে স্বতন্ত্ৰভাৱে প্ৰাকৃতিক নিৰ্বাচনৰ দ্বাৰা ক্ৰমবিকাশ তত্ত্ব প্ৰণয়ন কৰিছিল, যাৰ বিষয়ে ১৮৫৯ চনত প্ৰকাশিত ডাৰউইনৰ অন দ্য অৰিজিন অৱ স্পিচিজ নামৰ গ্ৰন্থখনত বিতংভাৱে বৰ্ণনা কৰা হৈছে। ইয়াত ডাৰউইনে প্ৰস্তাৱ দিছিল যে মানুহকে ধৰি সকলো জীৱৰ বৈশিষ্ট্য, দীৰ্ঘ সময়ৰ বাবে বিচ্ছিন্নতাৰ সৃষ্টি কৰা সঞ্চিত পৰিৱৰ্তনৰ সৈতে বংশৰ প্ৰাকৃতিক প্ৰক্ৰিয়াৰ দ্বাৰা গঢ় লৈ উঠিছিল। ক্ৰমবিকাশ তত্ত্বই তাৰ বৰ্তমানৰ ৰূপত জীৱবিজ্ঞানৰ প্ৰায় সকলো ক্ষেত্ৰকে প্ৰভাৱিত কৰে।১২ পৃথককৈ গ্ৰেগ’ৰ মেণ্ডেলে ১৮৬৬ চনত উত্তৰাধিকাৰৰ নীতি প্ৰণয়ন কৰিছিল, যিটো পৰৱৰ্তী সময়ত আধুনিক জিনীয় বিজ্ঞানৰ ভিত্তি হৈ পৰে।

১৯৫৩ চনত জেমছ ডি. ৱাটছন আৰু ফ্ৰান্সিছ ক্ৰিকে মৰিছ উইলকিন্স আৰু ৰোজালিণ্ড ফ্ৰেংকলিনৰ কামৰ ওপৰত ভিত্তি কৰি ডি এন এৰ মৌলিক গঠন,১৩ জীৱনৰ সকলো ৰূপত প্ৰকাশৰ বাবে জিনীয় পদাৰ্থৰ বৰ্ণনা কৰি ডি এন এৰ গঠন দুটা হেলিক্স বুলি মত প্ৰকাশ কৰিছিল।

ইয়ান উইলমুটে এটা গৱেষণা দলৰ নেতৃত্ব দিছিল যিয়ে ১৯৯৬ চনত প্ৰথমবাৰৰ বাবে প্ৰাপ্তবয়স্ক দেহকোষৰ পৰা এটা স্তন্যপায়ী প্ৰাণী, ডলী নামৰ ফিনলেণ্ডৰ ডৰচেট ভেড়াপোৱালি পোৱালি এটাৰ ক্ল’ন কৰিছিল।১৪১৫১৬১৭

শিক্ষা

জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰিবলৈ সাধাৰণতে আণৱিক আৰু কোষীয় জীৱবিজ্ঞান, উন্নয়ন, পৰিস্থিতি বিজ্ঞান, জিনীয় বিজ্ঞান, অণুজীৱবিজ্ঞান, শৰীৰস্থান, শৰীৰতত্ত্ব, উদ্ভিদবিজ্ঞান আৰু প্ৰাণীবিজ্ঞানৰ পাঠ্যক্ৰম অধ্যয়ন কৰিবলগীয়া হয়।৮১৮ অতিৰিক্ত প্ৰয়োজনীয়তাৰ ভিতৰত পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান (সাধাৰণ, জৈৱিক আৰু জৈৱ ৰসায়ন), কেলকুলাছ আৰু পৰিসংখ্যা আদি অন্তৰ্ভুক্ত থাকিব পাৰে।

গৱেষণামুখী কৰ্মজীৱনৰ আকাংক্ষা কৰা ছাত্ৰ-ছাত্ৰীসকলে সাধাৰণতে স্নাতকোত্তৰ বা ডক্টৰেট ডিগ্ৰী (যেনে, পি এইচ ডি)ৰ দৰে স্নাতক ডিগ্ৰী লাভ কৰে। য'ত তেওঁলোকে ১৮০০ দশকৰ পৰা অস্তিত্বত থকা এপ্ৰেণ্টিছশ্বিপ মডেলৰ ওপৰত ভিত্তি কৰি গৱেষণা মুৰব্বীৰ পৰা প্ৰশিক্ষণ লাভ কৰে।৭ এই স্নাতক কাৰ্যসূচীসমূহৰ ছাত্ৰ-ছাত্ৰীসকলে প্ৰায়ে জীৱবিজ্ঞানৰ এটা বিশেষ উপশাখাৰ বিশেষ প্ৰশিক্ষণ লাভ কৰে।৩

গৱেষণা

মাৰ্টিনাছ উইলেম বেইজেৰিংক, এগৰাকী উদ্ভিদবিদ আৰু অণুজীৱবিজ্ঞানী
মাৰ্টিনাছ উইলেম বেইজেৰিংক, এগৰাকী উদ্ভিদবিদ আৰু অণুজীৱবিজ্ঞানীছবি: Mwb_in_lab.JPG: Unknown photographer derivative work: Bff · Public domain

মৌলিক গৱেষণাত কাম কৰা জীৱবিজ্ঞানীসকলে ক্ৰমবিকাশ, জৈৱ ৰসায়ন, আণৱিক জীৱবিজ্ঞান, স্নায়ুবিজ্ঞান আৰু কোষ জীৱবিজ্ঞান আদি বিষয়কে ধৰি জীৱনৰ ওপৰত মানুহৰ জ্ঞানক আগুৱাই নিয়াৰ বাবে বিভিন্ন তত্ত্ব প্ৰণয়ন কৰে আৰু বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ উদ্ভাৱন কৰে।

জীৱবিজ্ঞানীসকলে সাধাৰণতে প্ৰাণী, উদ্ভিদ, অণুজীৱ বা জৈৱ অণুৰ সৈতে জড়িত পৰীক্ষাসমূহ পৰীক্ষাগাৰতে সম্পন্ন কৰে। কিন্তু জৈৱিক গৱেষণাৰ এটা সৰু অংশ পৰীক্ষাগাৰৰ বাহিৰতো কৰা হয় আৰু ইয়াত পৰীক্ষা-নিৰীক্ষাৰ পৰিৱৰ্তে প্ৰাকৃতিক পৰ্যবেক্ষণহে জড়িত থাকে। উদাহৰণস্বৰূপে, উদ্ভিদবিজ্ঞানী এজনে কোনো বিশেষ পৰিৱেশত উপস্থিত উদ্ভিদ প্ৰজাতিৰ অনুসন্ধান কৰিব পাৰে, আনহাতে পৰিৱেশ বিজ্ঞানী এজনে জুই লগাৰ পিছত বনাঞ্চল এটা কেনেকৈ সুস্থ হৈ উঠে সেই বিষয়ে অধ্যয়ন কৰিব পাৰে।

প্ৰয়োগমূলক গৱেষণাত কাম কৰা জীৱবিজ্ঞানীসকলে ইয়াৰ পৰিৱৰ্তে মৌলিক গৱেষণাৰ দ্বাৰা লাভ কৰা সাফল্যসমূহ বিশেষ ক্ষেত্ৰ বা প্ৰয়োগৰ অধিক জ্ঞানৰ বাবে ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে, এই প্ৰয়োগমূলক গৱেষণাৰ সহায়ত নতুন ঔষধ, চিকিৎসা আৰু চিকিৎসা নিদান পৰীক্ষা প্ৰস্তুত কৰিব পাৰি। ব্যক্তিগত উদ্যোগত প্ৰয়োগমূলক গৱেষণা আৰু পণ্য বিকাশ কৰা জীৱবিজ্ঞানীসকলে তেওঁলোকৰ গৱেষণা পৰিকল্পনা বা ফলাফলসমূহ অবিজ্ঞানীসকলৰ আগত বৰ্ণনা কৰিবলগীয়া হ’ব পাৰে যিসকলে তেওঁলোকৰ ধাৰণাক ভেটো বা অনুমোদন দিব পৰা অৱস্থাত আছে। এই বিজ্ঞানীসকলে তেওঁলোকৰ কামৰ ব্যৱসায়িক প্ৰভাৱৰ বিষয়ে বিবেচনা কৰিবলগীয়া হয়।

জিনীয় আৰু জৈৱ অণুৰ জ্ঞানৰ দ্ৰুত অগ্ৰগতিৰ ফলত জৈৱ প্ৰযুক্তিৰ ক্ষেত্ৰখনৰ বৃদ্ধিৰ সূচনা হয়, যাৰ ফলত জীৱবিজ্ঞানীসকলে কাম কৰা উদ্যোগসমূহতো পৰিৱৰ্তন দেখা গ'ল। জীৱবিজ্ঞানীসকলে এতিয়া প্ৰাণী আৰু উদ্ভিদৰ জিনীয় পদাৰ্থৰ লগত হেৰফেৰ কৰিব পাৰে, যাৰ ফলত জীৱসমূহক (মানুহকে ধৰি) অধিক উৎপাদনশীল বা ৰোগ প্ৰতিৰোধী কৰি তোলাৰ চেষ্টা কৰিব পাৰে। জৈৱ প্ৰযুক্তিগত প্ৰক্ৰিয়াৰ ওপৰত মৌলিক আৰু প্ৰয়োগমূলক গৱেষণা, যেনে ডি এন এৰ পুনৰ সংমিশ্ৰণৰ ফলত মানৱ ইনচুলিন আৰু বৃদ্ধি হৰম’নকে ধৰি গুৰুত্বপূৰ্ণ পদাৰ্থৰ উৎপাদন হৈছে। পূৰ্বতে বৃহৎ পৰিমাণে উপলব্ধ নোহোৱা আন বহুতো পদাৰ্থ বৰ্তমান জৈৱ প্ৰযুক্তিগত উপায়েৰে উৎপাদিত হয়। এনে কিছুমান পদাৰ্থ কিছুমান ৰোগৰ চিকিৎসাত উপযোগী।

বিভিন্ন জিনম (ক্ৰ'ম'জ'ম আৰু ইয়াৰ লগত জড়িত জিন) প্ৰজেক্টৰ ওপৰত কাম কৰাসকলে জিনসমূহ পৃথক কৰি ইয়াৰ কাৰ্য্য নিৰ্ণয় কৰে। এনে কাৰ্যই নিৰ্দিষ্ট ৰোগ আৰু বংশগত স্বাস্থ্যজনিত বিপদ, যেনে ছিকেল চেল এনিমিয়াৰ সৈতে জড়িত জিন আৱিষ্কাৰৰ দিশে লৈ যায়। জৈৱ প্ৰযুক্তিৰ অগ্ৰগতিৰ ফলত জীৱবিজ্ঞানৰ প্ৰায় সকলো ক্ষেত্ৰতে গৱেষণাৰ সুযোগৰ সৃষ্টি হৈছে, চিকিৎসা, কৃষি, পৰিৱেশ সংশোধনৰ দৰে ক্ষেত্ৰত ইয়াৰ বাণিজ্যিক প্ৰয়োগ কৰা হৈছে।

বিশেষজ্ঞতা

বেছিভাগ জীৱবিজ্ঞানীয়েই কোনো এটা নিৰ্দিষ্ট ধৰণৰ জীৱৰ অধ্যয়ন বা কোনো নিৰ্দিষ্ট কাৰ্য্যকলাপত বিশেষজ্ঞ হয় যদিও শেহতীয়া অগ্ৰগতিৰ ফলত কিছুমান পৰম্পৰাগত বৰ্গীকৰণ অস্পষ্ট হৈ পৰিছে।

  • জিনীয় বিজ্ঞানীসকলে জিনীয় বিজ্ঞান, জিন বিজ্ঞান, বংশগতি আৰু জীৱৰ তাৰতম্য আদি অধ্যয়ন কৰে।
  • স্নায়ুবিজ্ঞানীসকলে স্নায়ু তন্ত্ৰৰ ওপৰত অধ্যয়ন কৰে।
  • বিকাশশীল জীৱবিজ্ঞানীসকলে জীৱৰ বিকাশ আৰু বৃদ্ধিৰ প্ৰক্ৰিয়াৰ বিষয়ে অধ্যয়ন কৰে।
  • জৈৱ ৰসায়নবিদসকলে জীৱৰ ৰাসায়নিক গঠন অধ্যয়ন কৰে। এওঁলোকে বিপাক ক্ৰিয়া, প্ৰজনন আৰু বৃদ্ধিৰ লগত জড়িত জটিল ৰাসায়নিক সংমিশ্ৰণ আৰু বিক্ৰিয়াসমূহ বিশ্লেষণ কৰে।
  • আণৱিক জীৱবিজ্ঞানীসকলে জৈৱ অণুৰ মাজত জৈৱিক কাৰ্য্যকলাপৰ অধ্যয়ন কৰে।
  • অণুজীৱবিজ্ঞানীসকলে বেক্টেৰিয়া, শেলাই বা ভেঁকুৰৰ দৰে অণুবীক্ষণিক জীৱসমূহৰ বৃদ্ধি আৰু বৈশিষ্ট্যৰ অনুসন্ধান কৰে।
  • শৰীৰতত্ত্ববিদসকলে উদ্ভিদ আৰু প্ৰাণীৰ জীৱন কাৰ্য্য, সমগ্ৰ জীৱটোত আৰু কোষীয় বা আণৱিক স্তৰত, স্বাভাৱিক আৰু অস্বাভাৱিক পৰিস্থিতিত অধ্যয়ন কৰে। শৰীৰতত্ত্ববিদসকল প্ৰায়ে বৃদ্ধি, প্ৰজনন, সালোক সংশ্লেষণ, শ্বাস-প্ৰশ্বাস বা চলন বা জীৱৰ কোনো নিৰ্দিষ্ট অঞ্চল বা ব্যৱস্থাৰ শৰীৰতত্ত্বত বিশেষজ্ঞ হয়।
  • জৈৱ পদাৰ্থবিজ্ঞানীসকলে জৈৱিক প্ৰশ্নসমূহৰ উত্তৰ দিবলৈ পদাৰ্থ বিজ্ঞানত পৰম্পৰাগতভাৱে ব্যৱহাৰ কৰা পৰীক্ষামূলক পদ্ধতিসমূহৰ ব্যৱহাৰ কৰে।
  • কম্পিউটেচনেল জীৱবিজ্ঞানীসকলে জৈৱিক সমস্যাসমূহৰ সমাধানৰ বাবে কম্পিউটাৰ বিজ্ঞান, প্ৰয়োগমূলক গণিত আৰু পৰিসংখ্যাৰ কৌশলসমূহ প্ৰয়োগ কৰে। গাণিতিক আৰ্হি আৰু গণনামূলক অনুকৰণ কৌশল বিকশিত কৰাত মূল গুৰুত্ব দিয়া হয়। এইবোৰৰ দ্বাৰা ই পৰীক্ষাগাৰ অবিহনে বৈজ্ঞানিক গৱেষণাৰ বিষয়সমূহৰ তাত্ত্বিক আৰু পৰীক্ষামূলক প্ৰশ্নসমূহৰ সৈতে সম্বোধন কৰে।
  • প্ৰাণীবিজ্ঞানী আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানীসকলে প্ৰাণী আৰু বন্যপ্ৰাণীৰ ওপৰত অধ্যয়ন কৰে— ইয়ে প্ৰাণীসমূহৰ উৎপত্তি, আচৰণ, ৰোগ আৰু জীৱন প্ৰক্ৰিয়াক সামৰি লয়। কোনোৱে নিয়ন্ত্ৰিত বা প্ৰাকৃতিক পৰিৱেশত জীৱিত প্ৰাণীৰ সৈতে পৰীক্ষা-নিৰীক্ষা কৰে, আন কোনোৱে মৃত প্ৰাণীক বিভাজিত কৰি ইয়াৰ গঠন অধ্যয়ন কৰে। প্ৰাণীবিজ্ঞানী আৰু বন্যপ্ৰাণী জীৱবিজ্ঞানীসকলেও জৈৱিক তথ্য সংগ্ৰহ আৰু বিশ্লেষণ কৰি ভূমি আৰু পানীৰ অঞ্চলৰ বৰ্তমান আৰু সম্ভাৱ্য ব্যৱহাৰৰ পৰিৱেশ প্ৰভাৱ নিৰ্ণয় কৰিব পাৰে। সাধাৰণতে প্ৰাণীবিজ্ঞানীসকলক তেওঁলোকে অধ্যয়ন কৰা প্ৰাণীৰ গোটটোৰ দ্বাৰা চিনাক্ত কৰা হয়। উদাহৰণস্বৰূপে পক্ষীবিজ্ঞানীয়ে চৰাইৰ ওপৰত অধ্যয়ন কৰে, স্তন্যপায়ী বিজ্ঞানীয়ে স্তন্যপায়ী প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰে, হাৰ্পেট’লজিষ্টে সৰীসৃপ আৰু উভচৰ প্ৰাণীৰ বিষয়ে অধ্যয়ন কৰে, ইচথাইঅ’লজিষ্টে মাছৰ অধ্যয়ন কৰে, ক্নিডাৰিঅ’লজিষ্টে জেলিফিছৰ ওপৰত অধ্যয়ন কৰে আৰু পতংগবিজ্ঞানীয়ে পতংগৰ ওপৰত অধ্যয়ন কৰে।
  • উদ্ভিদবিজ্ঞানীসকলে উদ্ভিদ আৰু ইয়াৰ পৰিৱেশৰ বিষয়ে অধ্যয়ন কৰে। কিছুমানে উদ্ভিদ জীৱনৰ সকলো দিশ অধ্যয়ন কৰে, য'ত আছে শেলাই, লাইকেন, শৈবাল, ফাৰ্ণ, কনিফাৰ, আৰু সপুষ্পক উদ্ভিদ; আন কিছুমানে উদ্ভিদৰ চিনাক্তকৰণ আৰু বৰ্গীকৰণ, উদ্ভিদৰ অংশৰ গঠন আৰু কাৰ্য্য, উদ্ভিদৰ প্ৰক্ৰিয়াৰ জৈৱ ৰসায়ন, উদ্ভিদৰ ৰোগৰ কাৰণ আৰু নিৰাময়, উদ্ভিদৰ অন্য জীৱ আৰু পৰিৱেশৰ সৈতে পাৰস্পৰিক ক্ৰিয়া, উদ্ভিদৰ ভূতাত্ত্বিক অভিলেখ আদি ক্ষেত্ৰত বিশেষজ্ঞ আৰু ইহঁতৰ বিৱৰ্তন। মাইক’লজিষ্টসকলে ভেঁকুৰৰ ওপৰত অধ্যয়ন কৰে, যেনে ঈষ্ট, বেংছতা আৰু কাঠফুলা আদি অন্তৰ্ভুক্ত, যিবোৰ উদ্ভিদৰ পৰা পৃথক ৰাজ্য।
  • জলজ জীৱবিজ্ঞানীসকলে পানীত বাস কৰা অণুজীৱ, উদ্ভিদ আৰু প্ৰাণীৰ ওপৰত অধ্যয়ন কৰে। সাগৰীয় জীৱবিজ্ঞানীয়ে নিমখীয়া পানীৰ জীৱৰ অধ্যয়ন কৰে, আৰু লিমন’লজিষ্টে মিঠা পানীৰ জীৱৰ ওপৰত অধ্যয়ন কৰে। সাগৰীয় জীৱবিজ্ঞানৰ বেছিভাগ কামেই আণৱিক জীৱবিজ্ঞানৰ ওপৰত কেন্দ্ৰিত, যিটো জীৱিত কোষৰ ভিতৰত সংঘটিত জৈৱৰাসায়নিক প্ৰক্ৰিয়াৰ অধ্যয়ন। সামুদ্ৰিক জীৱবিজ্ঞান হৈছে সাগৰ আৰু সাগৰৰ তলৰ জৈৱিক, ৰাসায়নিক, ভূতাত্ত্বিক আৰু ভৌতিক বৈশিষ্ট্যৰ অধ্যয়ন। (পৰিৱেশ বিজ্ঞানী আৰু জলবিজ্ঞানী আৰু ভূ-বিজ্ঞানীৰ ওপৰত হাতপুথিৰ বিবৃতি চাওক। )
  • পৰিৱেশবিদসকলে জীৱৰ মাজত আৰু জীৱ আৰু ইয়াৰ পৰিৱেশৰ মাজৰ সম্পৰ্ক অনুসন্ধান কৰে, জনসংখ্যাৰ আকাৰ, প্ৰদূষক, বৰষুণ, উষ্ণতা আৰু উচ্চতাৰ প্ৰভাৱ পৰীক্ষা কৰে। বিভিন্ন বৈজ্ঞানিক শাখাৰ জ্ঞান ব্যৱহাৰ কৰি পৰিৱেশবিদসকলে বায়ু, খাদ্য, মাটি আৰু পানীৰ গুণাগুণৰ তথ্য সংগ্ৰহ, অধ্যয়ন আৰু প্ৰতিবেদন দিব পাৰে।
  • বিৱৰ্তনীয় জীৱবিজ্ঞানীসকলে একক সাধাৰণ পূৰ্বপুৰুষৰ পৰা আৰম্ভ কৰি পৃথিৱীত জৈৱ বৈচিত্ৰ্য সৃষ্টি কৰা বিৱৰ্তন প্ৰক্ৰিয়াসমূহৰ অনুসন্ধান কৰে। এই প্ৰক্ৰিয়াসমূহৰ ভিতৰত প্ৰাকৃতিক নিৰ্বাচন, সাধাৰণ বংশ আৰু প্ৰজাতিকৰণ আদি অন্তৰ্ভুক্ত।

কৰ্মসংস্থান

জীৱবিজ্ঞানীসকলে সাধাৰণতে নিয়মীয়াকৈ কাম কৰে যদিও বেছি সময় কাম কৰাটো অস্বাভাৱিক নহয়। গৱেষকসকলে তেওঁলোকৰ গৱেষণাৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি পৰীক্ষাগাৰ বা অন্যান্য স্থানত (বিশেষকৈ ক্ষেত্ৰত থকাৰ সময়ত) বহুত বেছি সময় কাম কৰিবলগীয়া হ’ব পাৰে।

বহু জীৱবিজ্ঞানীয়ে নিজৰ গৱেষণাৰ বাবে অনুদানৰ ধনৰ ওপৰত নিৰ্ভৰ কৰে। নতুন বা বৰ্ধিত পুঁজি বিচাৰিবলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ সময়ত তেওঁলোকে সময়সীমা পূৰণ কৰিবলৈ আৰু অনুদান-লিখাৰ কঠিন নিৰ্দিষ্টতাসমূহ মানি চলিবলৈ হেঁচাত পৰিব পাৰে।

সাগৰীয় জীৱবিজ্ঞানীসকলে বিভিন্ন ধৰণৰ কৰ্ম পৰিস্থিতিৰ সন্মুখীন হয়। কিছুমানে পৰীক্ষাগাৰত কাম কৰে; আন কিছুমানে গৱেষণা জাহাজত কাম কৰে আৰু পানীৰ তলত কাম কৰাসকলে চোকা প্ৰবাল প্ৰাচীৰ আৰু বিপজ্জনক সাগৰীয় জীৱৰ চাৰিওফালে কাম কৰাৰ সময়ত নিৰাপদভাৱে ডুব যোৱাৰ অভ্যাস কৰিবলগীয়া হয়। যদিও কিছুমান সাগৰীয় জীৱবিজ্ঞানীয়ে নিজৰ নমুনা সাগৰৰ পৰা লাভ কৰে, তথাপিও বহুতে পৰীক্ষাগাৰ আৰু কাৰ্যালয়ত বহুখিনি সময় কটায়, পৰীক্ষা চলায়, ফলাফল লিপিবদ্ধ কৰে আৰু তথ্য সংকলন কৰে।

জীৱবিজ্ঞানীসকল সাধাৰণতে অসুৰক্ষিত বা অস্বাস্থ্যকৰ পৰিস্থিতিৰ সন্মুখীন নহয়। পৰীক্ষাগাৰত বিপজ্জনক জীৱ বা বিষাক্ত পদাৰ্থৰ সৈতে কাম কৰাসকলে দূষণৰ পৰা হাত সাৰিবলৈ কঠোৰ সুৰক্ষা পদ্ধতি মানি চলিবলগীয়া হয়। উদ্ভিদবিজ্ঞানী, পৰিৱেশ বিজ্ঞানী আৰু প্ৰাণীবিজ্ঞানীৰ দৰে বহু জীৱবিজ্ঞানীয়ে এনে ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে য’ত ক্লান্তিকৰ শাৰীৰিক কাৰ্যকলাপ আৰু আদিম জীৱন-যাপনৰ অৱস্থা জড়িত হৈ থাকে। ক্ষেত্ৰখনত জীৱবিজ্ঞানীসকলে উষ্ণ বা ঠাণ্ডা জলবায়ুত, সকলো ধৰণৰ বতৰত কাম কৰিব পাৰে।

সন্মান আৰু বঁটা

জীৱবিজ্ঞানীসকলক প্ৰদান কৰা সৰ্বোচ্চ সন্মান হৈছে ১৯০১ চনৰ পৰা ৰয়েল ছুইডিছ একাডেমী অৱ চাইন্সে প্ৰদান কৰা শৰীৰতত্ত্ব বা চিকিৎসা-বিজ্ঞানৰ ন'বেল বঁটা। আন এটা উল্লেখযোগ্য বঁটা হৈছে জৈৱ বিজ্ঞানৰ ক্ৰেফৰ্ড বঁটা। ১৯৮০ চনৰ পৰা এই বঁটা প্ৰদান কৰা হয়।১৯

লগতে চাওক

  • জীৱবিজ্ঞান
  • জীৱবিজ্ঞানৰ শব্দকোষ
  • জীৱবিজ্ঞানীসকলৰ তালিকা
  • লেখকৰ সংক্ষিপ্ত ৰূপ অনুসৰি জীৱবিজ্ঞানীসকলৰ তালিকা

তথ্য সংগ্ৰহ

Biolog

তথ্যসূত্ৰ

  1. ↑ Urry, Lisa; Cain, Michael; Wasserman, Steven. (2017). Campbell Biology. Pearson. পৃ. 2–26. ISBN 978-0134093413
  2. ↑ Janovy, John Jr. (2004). On becoming a biologist. University of Nebraska Press. পৃ. 1–33. ISBN 9780803276208
  3. ↑ Nurse, Paul. (2015). STEM education: To build a scientist. Nature. পৃ. 371–373
  4. ↑ Tachibana, Chris. (5 October 2017). The scientific swerve: Changing your research focus. Science
  5. ↑ Hofmann, Bjorn; Holm, Soren Breien. (2015). Research Methodology in the Medical and Biological Sciences: From Planning and Preparation to Grant Application and Publication. Elsevier Science. পৃ. 1–42. ISBN 9780128001547
  6. ↑ Hillis, David M.; Sadava, David; Hill, Richard W. (2014). Principles of Life. Sinauer Associates. পৃ. 253–272. ISBN 978-1464175121
  7. ↑ Gould, Julie. (2015). How to build a better PhD. Nature. পৃ. 22–25
  8. ↑ Heppner, Frank; Hammen, Carl; Kass-Simon, G. (1990). A "de facto" Standardized Curriculum for US College Biology and Zoology. BioScience. পৃ. 130–134
  9. ↑ Woolston, Chris. (2018). Satisfaction in science. Nature. পৃ. 611–614
  10. ↑ Mehmet and Turgut. (2014). Hydatidosis of the Central Nervous System: Diagnosis and Treatment. Springer-Verlag Berlin Heidelberg. পৃ. 334. ISBN 978-3-642-54359-3
  11. ↑ Hooke, Robert. (1665). Micrographia: Or Some Physiological Descriptions of Minute Bodies Made by Magnifying Glasses, with Observations and Inquiries Thereupon. Courier Dover Publications. পৃ. 113. ISBN 978-0486495644
  12. ↑ Dobzhansky, Theodosius. (1964). Biology, Molecular and Organismic. American Zoologist. পৃ. 443–452
  13. ↑ James D. Watson and Francis H. Crick. "Letters to Nature: Molecular structure of Nucleic Acid." Nature'171', 737–738 (1953)
  14. ↑ Campbell, K. H. S.; McWhir, J.; Ritchie, W. A. (1996). Sheep cloned by nuclear transfer from a cultured cell line. Nature. পৃ. 64–66
  15. ↑ Schnieke, A. E.; Kind, A. J.; Ritchie, W. A. (1997). Human Factor IX Transgenic Sheep Produced by Transfer of Nuclei from Transfected Fetal Fibroblasts. Science. পৃ. 2130–2133
  16. ↑ The Third Culture: Ian Wilmut. Edge.org
  17. ↑ Giles, J.; Knight, J. (2003). Dolly's death leaves researchers woolly on clone ageing issue. Nature. পৃ. 776
  18. ↑ Cheesman, Kerry; French, Donald; Cheesman, Ian. (2007). Is There Any Common Curriculum for Undergraduate Biology Majors in the 21st Century?. BioScience. পৃ. 516–522
  19. ↑ About the Crafoord Prize - The Royal Swedish Academy of Sciences. www.kva.se

সম্পৰ্কিত শ্ৰেণী

জীৱবিজ্ঞানজীৱবিজ্ঞানী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জীৱবিজ্ঞানী” প্ৰবন্ধৰ সংশোধন ৬৩২৮৪৭ (২৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।