বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
পুৰাতত্ত্ব
পুৰাতত্ত্ব বা প্ৰত্নতত্ত্ব (Archaeology) হৈছে ভৌতিক সংস্কৃতিৰ উদ্ধাৰ আৰু বিশ্লেষণৰ জৰিয়তে মানুহৰ কাৰ্যকলাপৰ অধ্যয়ন। প্ৰত্নতাত্ত্বিক অভিলেখসমূহ উপাদান, স্থাপত্য, জৈৱিক সমল বা পৰিৱেশীয় সমল, প্ৰত্নতাত্ত্বিক স্থান আৰু সাংস্কৃতিক ভূচিত্ৰৰ দ্বাৰা গঠিত।
-
প্ৰদূষণ
প্ৰদূষণ হ’ল প্ৰাকৃতিক পৰিৱেশত দূষিত পদাৰ্থৰ প্ৰৱেশ ঘটাৰ ফলত হোৱা পৰিৱেশৰ বিৰূপ পৰিবৰ্তন। প্ৰদূষণে যিকোনো পদাৰ্থ (কঠিন, তৰল বা গেছ) বা শক্তি (যেনে তেজস্ক্ৰিয়তা, তাপ, শব্দ বা পোহৰ)ৰ ৰূপ ল’ব পাৰে। প্ৰদূষণৰ কাৰক অৰ্থাৎ প্ৰদূষকসমূহ বিদেশী পদাৰ্থ/শক্তি বা প্ৰাকৃতিকভাৱে পোৱা যিকোনো কাৰক হ’ব পাৰে।
-
বংশ
বংশ (Clan) বুলিলে প্ৰকৃত বা অনুভূত আত্মীয়তা আৰু তেজৰ সম্পৰ্কৰ দ্বাৰা একত্ৰিত হোৱা মানুহৰ এটা গোটক বুজোৱা হয়। বংশৰ বিৱৰণ অজ্ঞাত হ’লেও বংশই প্ৰতিষ্ঠাপক সদস্য বা এপিকেল পূৰ্বপুৰুষৰ পৰা বংশবৃক্ষ দাবী কৰিব পাৰে।
-
বিপাক ক্ৰিয়া
বিপাক হৈছে কোনো জীৱৰ দেহত সংঘটিত সমষ্ট ৰাসায়নিক বিক্ৰিয়া। বিপাক ২ প্ৰকাৰ। বিশ্লেষণ বা কেটাবলিক, যি বৃহৎ জৈৱ পদাৰ্থক ক্ষুদ্ৰ ক্ষুদ্ৰ অংশলৈ বিভক্ত কৰে আৰু সংশ্লেষণ বা এনাবলিক, যি অসংখ্য ক্ষুদ্ৰ অংশ সংযুক্ত কৰি বৃহৎ পদাৰ্থৰ গঠন কৰে, যেনে প্ৰ'টিন আৰু নিউক্লিক এচিড।
-
ভূ-বিজ্ঞান
ভূ-বিজ্ঞান হৈছে পৃথিৱী সৈতে জড়িত বিজ্ঞানৰ বাবে সৰ্বাংগীণ শব্দ। তৰ্কসাপেক্ষভাৱে ই গ্ৰহ বিজ্ঞানৰ এক বিশেষ ক্ষেত্ৰ, পৃথিৱী একমাত্ৰ জীৱ-জন্তু গ্ৰহ বুলি জনা যায়। ভূ-বিজ্ঞান বিজ্ঞানৰ ক্ষেত্ৰত হ্ৰাসবাদী আৰু সামগ্ৰিক দুয়োটা দৃষ্টিভংগী আছে।
-
মাতৃতন্ত্ৰ
মাতৃতন্ত্ৰ (matriarchy) হৈছে এনে এক সামাজিক ব্যৱস্থা য’ত মহিলাসকলে কৰ্তৃত্বৰ ভূমিকাত প্ৰাথমিক ক্ষমতাৰ পদবী গ্ৰহণ কৰে। বহল অৰ্থত ই নৈতিক কৰ্তৃত্ব, সামাজিক বিশেষাধিকাৰ আৰু সম্পত্তিৰ নিয়ন্ত্ৰণলৈকে বিস্তৃত হ’ব পাৰে।
-
মাধ্যিকা মতদাতা উপপাদ্য
অৰ্থনীতি আৰু ৰাজনীতি বিজ্ঞানত মাধ্যিকা মতদাতা উপপাদ্যই কয় যে যদি কোনো সমষ্টিত অধিকতা মতদান ব্যৱহাৰ কৰা হয় (অৰ্থাৎ, সৰ্বাধিক ভোট লাভ কৰা প্ৰতিযোগী বিজয়ী হয়), কেৱল দুই প্ৰতিদ্বন্দ্বী আছে আৰু সকলো মতদাতাৰ অগ্ৰাধিকাৰ সম্বন্ধৰ এটি শৃংগ আছে, তেন্তে দুয়ো প্ৰতিদ্বন্দ্বীয়ে প্ৰত্যেক নীতিত একেই স্থিতি…
-
শেন
শেন (Shaheen Falcon,বৈজ্ঞানিক নাম-Falco peregrinus peregrinator) ভাৰত উপ-মহাদেশ তথা শ্ৰীলংকাত দেখা পোৱা এটা মাংসভোজী চৰাইৰ প্ৰজাতি৷ শেন চৰাইৰ বিষয়ে পোনপ্ৰথমে বৰ্ণনা কৰিছিল ১৮৩৭ চনত কাৰ্ল জেকব সুন্দাভল (Karl Jakob Sundevall) এ৷ ইয়াক মাজে সময়ে Falco atriceps বা Falco shaheen বুলিও উল্লেখ কৰা দেখা…
-
ৰাজতন্ত্ৰ
ৰাজতন্ত্ৰ (Monarchy) হৈছে একপ্ৰকাৰ শাসন ব্যৱস্থা, য'ত এজন ব্যক্তি, অৰ্থাৎ ৰজা বা ৰাণীয়ে নিজৰ জীৱনকালৰ শেষলৈকে, বা পদত্যাগ নকৰা পৰ্যন্ত, ৰাষ্ট্ৰপ্ৰমুখ হিচাপে শাসন কৰে।
-
ৰাসায়নিক অভিযান্ত্ৰিকী
ৰাসায়নিক অভিযান্ত্ৰিকী (Chemical Engineering, কেমিকেল ইঞ্জিনিয়াৰিং) হ'ল প্ৰকৃতি অথবা ব্যৱহাৰিক বিজ্ঞান (ৰসায়ন বিজ্ঞান আৰু পদাৰ্থ বিজ্ঞান), জৈৱ বিজ্ঞান (জীৱবিজ্ঞান, অণুজীৱবিজ্ঞান, জৈৱ ৰসায়ন)ৰ সতে গণিতবিদ্যা আৰু অৰ্থনীতিৰ সমন্বয়ত গঢ় লোৱা অভিযান্ৰিক বিষয়ৰ এটা শাখা য'ত বিভিন্ন ৰাসায়নিক পদাৰ্থ…
-
আলোক বিদ্যুৎ পৰিঘটনা
যেতিয়া কোনো ধাতৱ পৃষ্ঠত উপযুক্ত তৰংগদৈৰ্ঘ্যৰ পোহৰ (উদাহৰণস্বৰূপে জিংক পাটত অতিবেঙুনী পোহৰ আৰু ছডিয়াম, পটাছিয়াম, লিথিয়ামত দৃশ্যমান পোহৰ) পৰে, তেতিয়া পৃষ্ঠখনৰ পৰা ইলেকট্ৰন নিৰ্গমণ হয়। এই পৰিঘটনাটোকেই আলোক-বিদ্যুৎ পৰিঘটনা (ইংৰাজী: Photoelectric effect) বুলি কোৱা হয়।
-
উশাহ লোৱা
শ্বাসক্ৰিয়া বা উশাহ লোৱা হৈছে বায়ুমণ্ডলৰ পৰা হাঁওফাঁওলৈ বায়ু বিনিময়ৰ প্ৰক্ৰিয়া, যত মূলত: অক্সিজেন গ্ৰহণ কৰি কাৰ্বন ডাই-অক্সাইড উলিয়াই দিয়া হয়। সকলো বায়ুজীৱি প্ৰাণীকেই কোষীয় শ্বসনৰ বাবে অক্সিজেনৰ প্ৰয়োজন, যি খাদ্যবস্তুক ভাঙি শক্তি উৎপাদনত সহায় কৰে আৰু অপদ্ৰব্য হিচাপে কাৰ্বন ডাই-অক্সাইড…
-
এনুৰিয়া
এনুৰিয়া (ইংৰাজীত এনুৰিয়া) হৈছে প্ৰস্ৰাৱ নোহোৱা, বা কাৰ্যক্ষেত্ৰত ইয়াক এদিনত ১০০ মিলিলিটাৰতকৈ কম প্ৰস্ৰাৱ হোৱাক কোৱা হয়। প্ৰায়ে বৃক্কৰ কাৰ্যক্ষমতা বিকল হোৱাৰ বাবে এনুৰিয়া হয়। বৃক্কত পাথৰ বা টিউমাৰৰ দৰে কিছুমান গুৰুতৰ বিকাৰৰ বাবেও এনুৰিয়া হ’ব পাৰে। শেষ পৰ্যায়ত ই বৃক্কৰ ৰোগৰ লগত লগ হ’ব পাৰে।
-
এপ'ল' ১১
এপ'ল ১১ আছিল প্ৰথম মহাকাশ অভিযান যাৰ সহায়ত প্ৰথম বাৰৰ বাবে মানুহে চন্দ্ৰত ভৰি দিছিল। নীল আৰ্মষ্ট্ৰং আৰু বুজ এলড্ৰিনে ২০ জুলাই ১৯৬৯ চনত এপ'ল' লুনাৰ মডুল ঈগলক চন্দ্ৰপৃষ্ঠত নমাইছিল। ইয়াৰ প্ৰায় ৬ঘণ্টাৰ পাছত নীল আৰ্মষ্ট্ৰঙে প্ৰথম বাৰৰ বাবে চন্দ্ৰপৃষ্ঠত ভৰি ৰাখিছিল ২১ জুলাইৰ দিনা।
-
ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান
ঔদ্যোগিক আৰু সাংগঠনিক মনোবিজ্ঞান (Industrial and organizational psychology) হৈছে মনোবিজ্ঞানৰ ভিতৰত এক প্ৰয়োগ শৃঙ্খলা যি ঔদ্যোগিক, কৰ্ম আৰু সংস্থাগত ক্ষেত্ৰত মানুহৰ মনোভাৱ আৰু আচৰণ ব্যাখ্যা কৰে।
-
কাঠামোবদ্ধ প্ৰভাৱ
কাঠামোবদ্ধ প্ৰভাৱ হৈছে একধৰণৰ বোধগত পক্ষপাতিতা য'ত মানুহে বিকল্প এটা নিৰ্বাচনৰ সময়ত সেইটো যোগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত নে বিয়োগাত্মক সংকেতৰ দ্বাৰা উপস্থাপিত-তাৰ ওপৰত গুৰুত্ব দিয়ে। উদাহৰণস্বৰূপে-পৰাজয় অথবা প্ৰাপ্তিৰ বিষয়টো।
-
কৃত্তিকা
নক্ষত্ৰ থুপ কৃতিকা, (জনপ্ৰিয়ভাৱে লিপিবদ্ধ কৰা কৃত্তিকা), কেতিয়াবা কাৰ্তিকা বুলিও জনা যায়, পশ্চিম জ্যোতিৰ্বিজ্ঞানত প্লেইডেছ নামৰ মুকলি তৰাৰ থুপৰ সৈতে মিল আছে; ই বৃষ নক্ষত্ৰমণ্ডল গঠন কৰা থুপবোৰৰ ভিতৰত এটা।
-
চুম্বক
চুম্বক (গ্ৰীকৰ পৰা μαγνήτις λίθος magnḗtis líthos, "মেগনেছিয়া শিল") হৈছে এবিধ পদাৰ্থ যি চুম্বকীয় ক্ষেত্ৰ ক্ষেত্ৰ সৃষ্টি কৰিব পাৰে। এই চুম্বকীয় ক্ষেত্ৰ অদৃশ্য যদিও চুম্বকৰ এটা তাৎপৰ্যপূৰ্ণ বৈশিষ্টৰ বাবে দায়বদ্ধ, এই শক্তিৰ বাবে চুম্বকে অন্য পদাৰ্থ যেনে লো, নিকেল,ক'বাল্ট ইত্যাদি আকৰ্ষণ আৰু অন্য…
-
চ্যুতি (ভূতাত্ত্বিক)
চ্যুতি(Fault) হৈছে শিলৰ ফলকত হোৱা ফাঁট য’ত ফাঁট মেলা সমতলৰ সমান্তৰালভাৱে ফলক দুখনৰ আপেক্ষিক স্নানান্তৰ ঘটে। চ্যুতিসমূহ ভূমিকম্পৰ সৃষ্টিৰ এক উৎস। চ্যুতিৰ ফাঁট মেলা পৃষ্ঠতলখনক চ্যুতি-সমতল (Fault plane) বোলা হয়। চ্যুতি-সমতলে অনুভূমিক সমতল এখনৰ লগত যি কোণ কৰি থাকে নতি বোলা হয়।
-
ছন্দঃপূৰ্ণ চক্ৰ
ছন্দঃপূৰ্ণ চক্ৰ প্ৰতি ২৪ ঘণ্টাৰ বাবে নিদ্ৰা-জাগ্ৰত চক্ৰ আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা এক প্ৰাকৃতিক আৰু অভ্যন্তৰীণ প্ৰক্ৰিয়া। ই ২৪ ঘণ্টাজুৰি চলা যিকোনো অভ্যন্তৰীণ জৈৱিক প্ৰক্ৰিয়াক সূচায়। জৈৱিক ঘড়ীয়ে নিয়ন্ত্ৰণ কৰা এনে কাৰ্য উদ্ভিদ, প্ৰাণী, ভেঁকুৰ আৰু চায়ান'বেক্টেৰিয়াত দেখা পোৱা যায়।
-
ডায়ড
ডায়ড (Diode) এক প্ৰকাৰৰ দুই প্ৰান্ত বিশিষ্ট অণুবৈদ্যুতিক (ইলেক্ট্ৰনিক) যন্ত্ৰাংশ যি বৰ্তনীত একমুখী বিদ্যুৎপ্ৰবাহ সৃষ্টি কৰে। ইয়াৰোপৰি বৈদ্যুতিক উপায়ে ধাৰকত্ব নিয়ন্ত্ৰণ আৰু বিকিৰণ, নিঃসৰণ আৰু কম্পন সংবেদী ইলেকট্ৰনিক্স চুইচ তৈয়াৰ কৰোঁতে ডায়ড ব্যৱহৃত হয়।
-
নিউটনৰ গতিৰ সূত্ৰ
নিউটনৰ গতিৰ সূত্ৰ সমূহ হৈছে ধ্ৰুপদী বলবিদ্যা বা ধ্ৰুপদী বলবিজ্ঞান (Classical Mechanics)ৰ তিনিটা ভৌতিক সূত্ৰৰ সমষ্টি। এই সূত্ৰসমূহে কোনো বস্তুত ক্ৰিয়া কৰা বল আৰু এই বলৰ বাবে সৃষ্টি হোৱা বস্তুটোৰ গতিৰ সম্পৰ্ক প্ৰকাশ কৰে।
-
নিশ্চিতকৰণ পক্ষপাতিতা
নিশ্চিতকৰণ পক্ষপাতিতা (en-Confirmation bias) হৈছে এনে এটা প্ৰৱণতা যাৰ তাড়নাত মানুহ এজনে সেইবোৰ তথ্যকে স্মৰণ কৰে, সন্ধান কৰে, অথবা সেইবোৰ তথ্যৰ পক্ষেই সমৰ্থন আগবঢ়ায় যিবোৰে তথ্যয়েই তেওঁৰ পূৰ্ব-আৰোপিত ব্যক্তিগত বিশ্বাস অথবা প্ৰমূল্যবোৰক শক্তি যোগাব। ই একপ্ৰকাৰৰ বোধগত বা জ্ঞানীয় পক্ষপাতিতা।
-
প্ৰ'কোষকেন্দ্ৰীয় জীৱ
প্ৰ'কোষকেন্দ্ৰীয় বা prokaryote হ'ল এককোষী জীৱ যাৰ জিনীয় পদাৰ্থ, মাইট'কন্দ্ৰিয়া আৰু আন কোষাঙ্গৰ কোনো আৱৰণ নাথাকে। prokaryote নামটো গ্ৰীক πρό (pro) "আগত" আৰু κάρυον (karyon) "ফল বা বীজ"ৰ পৰা আহিছে। প্ৰ'কোষকেন্দ্ৰীয় জীৱসমূহক আৰ্কিয়া আৰু বেক্টেৰিয়া এই দুটা ভাগত ভগোৱা হয়।
-
প্ৰতিলোম
প্ৰতিলোম মনুস্মৃতি অৰ্থাৎ মনুৰ নিয়ম (শ্ৰাদ্ধদেৱ মনু)ত অনুলোমৰ বিপৰীত অৰ্থত ব্যৱহৃত এটা সংস্কৃত শব্দ, উচ্চ জন্মৰ নাৰী আৰু নাৰীৰ নিজৰ তুলনাত নিম্ন জাতৰ (জন্ম অনুসৰি) পুৰুষৰ মাজত হোৱা বিবাহক বৰ্ণনা কৰিবলৈ এই শব্দটো ব্যৱহাৰ কৰা হয়।
-
বলয়ী প্ৰাণী
বলয়ী প্ৰাণী বা এনিলিডা হৈছে প্ৰাণীৰাজ্যৰ এটা পৰ্ব। ইহঁতৰ দেহ নলাকাৰ, খণ্ডিত দেখিবলৈ সৰু সৰু আঙুঠিৰ (বলয়) মালাৰ দৰে, সেইবাবে নাম "বলয়ী প্ৰাণী" নাম দিয়া হৈছে। উদাহৰণ- কেচু, জোক, নেৰিছ। দেহ আঙুঠিৰ দৰে বহুটো খণ্ডেৰে গঠিত আৰু এইবোৰকে মেটামিয়েৰ (metamere) বা ছ'মাইট (somite) বোলে।
-
বসু-আইনষ্টাইন পৰিসংখ্যা
পৰিসাংখ্যিক পদাৰ্থ বিজ্ঞান বা পৰিসাংখ্যিক বল বিজ্ঞানত বসু-আইনষ্টাইন পৰিসংখ্যা বা "B–E পৰিসংখ্যা"ই তাপীয় সাম্য অৱস্থাত একে আৰু পৰষ্পৰৰ পৰা পৃথক বুলি দেখুৱাব নোৱৰা ব'ছন কণাৰ বিভিন্ন শক্তি স্তৰত পৰিসাংখ্যিক বিতৰণ নিৰ্ণয় কৰে।
-
ভূমিস্খলন
ভূমিস্খলন, বা যাক ইংৰাজীত landslips বুলিও কোৱা হয়, মাটিৰ কেইবাধৰণৰ বৃহৎ অপচয়, য'ত মাটিৰ বিস্তৃত পৰিসৰৰ গতিবিধি, যেনে শৈল-পতন, বোকাময় প্ৰবাহ, গভীৰ বা অগভীৰভাৱে থকা ঢাল অংশ নষ্ট হোৱা আৰু ধ্বংসাৱশেষৰ প্ৰবাহ আদি অন্তৰ্ভুক্ত হ'ব পাৰে।
-
মহাকাশ যাত্ৰা
মহাকাশ যাত্ৰা (Spaceflight বা space flight) হৈছে মহাকাশত বা বহিঃ মহাকাশলৈ কৰা যাত্ৰা। মহাকাশ যাত্ৰা মানৱবিহীন নাইবা মানৱ পৰিবাহী হ'ব পাৰে। ছ'ভিয়েট সংঘৰ য়ুৰি গেগেৰিন আছিল মহাকাশ যাত্ৰা কৰা প্ৰথম মহাকাশচাৰী।
-
মানৱ বিষ্ঠা
মানৱ বিষ্ঠা (Human faeces; fæx), বা মল) হৈছে মানুহৰ পাচন তন্ত্ৰৰ পেলনীয়া দ্ৰব্য। পাচন তন্ত্ৰৰ অৱস্থা, খাদ্য আৰু স্বাস্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ইয়াৰ গুণাগুণ বেলেগ বেলেগ হ'ব পাৰে। সাধাৰণতে বিষ্ঠা এখন শ্লেষ্মা আৱৰণেৰে অৰ্ধকঠিন হয়। অলপ কঠিন, বাষ্প কম থকা বিষ্ঠা খাদ্যনলীৰ সিটো মূৰত থাকিব পাৰে।