অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

লঙ্গৰকৰণ

লঙ্গৰকৰণ বা কেন্দ্ৰীকৰণ(en: Anchoring or Focalism) হৈছে একধৰণৰ বোধগত পক্ষপাতিতা য'ত এগৰাকী ব্যক্তিয়ে আহৰণ কৰা তথ্যৰ প্ৰথমাংশত অধিক গুৰুত্ব প্ৰদান কৰে। লঙ্গৰকৰণ উদ্ভৱ হয় তেতিয়া, যেতিয়া সিদ্ধান্তগঠনৰ সময়ত, কোনো ব্যক্তিবিশেষে এটা তথ্যৰ প্ৰথমতে পোৱা অংশটোক অগ্ৰাধিকাৰ দিয়ে আৰু তাৰ ওপৰত ভিত্তি…

হালনাগাদ: ৭ আগষ্ট ২০২৬ ২২১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

লঙ্গৰকৰণ বা কেন্দ্ৰীকৰণ(en: Anchoring or Focalism) হৈছে একধৰণৰ বোধগত পক্ষপাতিতা য'ত এগৰাকী ব্যক্তিয়ে আহৰণ কৰা তথ্যৰ প্ৰথমাংশত অধিক গুৰুত্ব প্ৰদান কৰে। ১

লঙ্গৰকৰণ উদ্ভৱ হয় তেতিয়া, যেতিয়া সিদ্ধান্তগঠনৰ সময়ত, কোনো ব্যক্তিবিশেষে এটা তথ্যৰ প্ৰথমতে পোৱা অংশটোক অগ্ৰাধিকাৰ দিয়ে আৰু তাৰ ওপৰত ভিত্তি কৰিয়েই পৰৱৰ্তী সিদ্ধান্তবোৰ গ্ৰহণ কৰে। লঙ্গৰৰ ওচৰত থকা বস্তু বা বিষয়বোৰ তেতিয়া লংগৰৰ অন্তৰ্ভুক্ত হয় আৰু আঁতৰত থকা বিষয়বোৰ অইন এটা দিশলৈ গতি কৰে। যেতিয়াই লঙ্গৰৰ এটা মান বা অৱস্থান নিৰ্ধাৰিত হয়, তেতিয়া নিকট ভৱিষ্যতৰ সকলো লেনদেন, যুক্তি-তৰ্ক, অনুমান আদিও সেই লঙ্গৰৰ ভিত্তিতেই আলোচিত হয়। লঙ্গৰ ব্যৱহাৰ কৰি ভৱিষ্যতৰ তথ্যপাতি নিৰ্ণয় কৰা সময়ত এই পক্ষপাতিতাটোৰ উদ্ভৱ হয়। উদাহৰণস্বৰূপে, এখন ব্যৱহৃত গাড়ীৰ প্ৰাৰম্ভিক মূল্য দৰদামৰ পূৰ্বে বা দৰদামৰ সময়ত নিৰ্ধাৰণ কৰিলে, পৰৱৰ্তী সকলো আলোচনাৰ বাবে এটা নিয়ন্ত্ৰণবিহীন কেন্দ্ৰবিন্দুৰ (arbitrary focal point) সৃষ্টি হয়। দৰদামৰ সময়ত শুনিবলৈ পোৱা মূল্যবোৰ-যিবোৰ লঙ্গৰতকৈ অৰ্থাৎ প্ৰথমতেই নিৰ্দ্ধাৰণ কৰা মূল্যটোতকৈ কম মূল্যৰ, তেন্তে সেইবোৰ মূল্য যুক্তিসংগত যেন অনুভৱ হয়। আনকি কিনোতাজনৰ বাবেও সেইয়া কম মূল্যৰ যেন লাগে। অথচ সেইটো মূল্য গাড়ীখনৰ প্ৰকৃত বজাৰ মূল্যতকৈ তুলনামূলকভাৱে বেছিহে হ'ব পাৰে। ২

প্ৰভাৱশালী কাৰকসমূহ

মেজাজ

এক বিস্তৰ গৱেষণাই কৈছে যে-দুখী আৰু বিষণ্ণ মন এটাই সমস্যাৰ বিস্তৃত আৰু শুদ্ধ মূল্যাঙ্কন কৰিব পাৰে। ৩ ইয়াৰ পৰিণতিহিচাপে, প্ৰাৰম্ভিক পৰ্যায়ৰ অধ্যয়নসমূহে ঠাৱৰ কৰিছিল যে, অধিক বিষণ্ণ মেজাজৰ মানুহে সুখী মানুহৰ তুলনাত লঙ্গৰকৰণক কমকৈ ব্যৱহাৰ কৰিব। অৱশ্যে শেহতীয়া অধ্যয়নে ইয়াৰ বিপৰীত মত এটাহে প্ৰদান কৰিছে। অৰ্থাৎ, সুখী বা নিৰপেক্ষ মানুহৰ তুলনাত দুখী মেজাজৰ মানুহ এজনে লঙ্গৰকৰণ ব্যৱহাৰ কৰাৰ সম্ভাৱনা বেছি। ৪

তথ্যসূত্ৰ

  1. ↑ (Nov 26th, 2019). The Anchoring Effect and How it Can Impact Your Negotiation. harvard
  2. ↑ Anchoring Definition. Investopedia
  3. ↑ Bodenhausen, G. V.; Gabriel, S.; Lineberger, M. (2000). Sadness and Susceptibility to Judgmental Bias: The Case of Anchoring. Psychological Science. পৃ. 320–323
  4. ↑ Englich, B.; Soder, K. (2009). Moody experts: How mood and expertise influence judgmental anchoring. Judgment and Decision Making. পৃ. 41–50

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞানবোধগত পক্ষপাতিতা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লঙ্গৰকৰণ” প্ৰবন্ধৰ সংশোধন ৬২৪২০০ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।