বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বিশ্লেষণাত্মক মনোবিজ্ঞান
বিশ্লেষণাত্মক মনোবিজ্ঞানক (Analytical psychology, জাৰ্মান: Analytische Psychologie) কেতিয়াবা বিশ্লেষণাত্মক মনোবিজ্ঞান বুলি অনুবাদ কৰা হয় আৰু ইয়াক জংগিয়ান বিশ্লেষণ বুলিও কোৱা হয়।
-
বীজকোষ
বীজকোষ (Germ cell) বুলিলে সেইবোৰ জৈৱিক কোষক বুজোৱা হয় যিবোৰে যৌন প্ৰজনন কৰা প্ৰাণীৰ শৰীৰত জনন কোষৰ সৃষ্টি কৰে। পুৰুষ আৰু স্ত্ৰী প্ৰাণীৰ শৰীৰত থকা (উভয়লিংগ প্ৰাণীৰ ক্ষেত্ৰত একেটা প্ৰাণীৰ শৰীৰত থকা) প্ৰাথমিক জননাংগ (Primary sex organ) শুক্ৰাশয় (Testis) আৰু ডিম্বাশয়ত (Ovary) থকা এই বিশেষ কোষবোৰৰ…
-
বেণ্ডৱাগন প্ৰভাৱ
বেণ্ডৱাগন প্ৰভাৱ হৈছে এটা বিশেষ প্ৰপঞ্চ। কোনো এটা বিশেষ সিদ্ধান্ত, ধাৰণা অথবা বিশ্বাসত পতিয়ন যোৱা মানুহৰ সংখ্যাটো বেছি হোৱাৰ লগে লগে সেইবোৰৰ গ্ৰহণযোগ্যতাৰ হাৰো বৃদ্ধি পাবলৈ ধৰে।
-
ব্যক্তিত্ব
ব্যক্তিত্ব (Personality) হৈছে জৈৱিক আৰু পৰিৱেশগত কাৰকৰ পৰা গঠিত আচৰণ, জ্ঞান আৰু আৱেগিক আৰ্হিৰ বৈশিষ্ট্যপূৰ্ণ সমষ্টি, আৰু যিবোৰ সময়ৰ লগে লগে সলনি হয়। ব্যক্তিত্বৰ কোনো সাধাৰণভাৱে একমত সংজ্ঞা নাই যদিও বেছিভাগ তত্ত্বই কোনোবাই আগুৰি থকা পৰিৱেশৰ সৈতে প্ৰেৰণা আৰু মানসিক পাৰস্পৰিক ক্ৰিয়াৰ ওপৰত গুৰুত্ব…
-
ব্যৱহাৰিক মনোবিজ্ঞান
ব্যৱহাৰিক মনোবিজ্ঞান (Applied Psychology)হৈছে মানৱ আৰু প্ৰাণীৰ আচৰণ আৰু অভিজ্ঞতাৰ ব্যৱহাৰিক সমস্যা সমাধানৰ বাবে মানসিক পদ্ধতি আৰু বৈজ্ঞানিক মনোবিজ্ঞানৰ তথ্যৰ ব্যৱহাৰ।
-
ভয়েজাৰ ১
ভয়েজাৰ ১ হৈছে নাছাই সৌৰজগতৰ বহিৰাংশৰ গ্ৰহকেইটা অধ্যয়নৰ উদ্দেশ্যে প্ৰেৰণ কৰা এখন মহাকাশযান। ১৯৭৭ চনৰ ৫ চেপ্টেম্বৰত এই যানখন উৎক্ষেপণ কৰা হৈছিল। নাছাই সৌৰজগতৰ বহিৰাংশ অধ্যয়নৰ বাবে "ভয়েজাৰ প্ৰগ্ৰেম" নামৰ যি পৰিকল্পনা হাতত লৈছিল, ভয়েজাৰ ১ মহাকাশযানখনো ইয়াৰ অন্যতম অংশ।
-
ভেঁটি
ভূমি, নিধান, মূল বা ভেঁটি (radix বা base) হ’ল সংখ্যা প্ৰণালী এটাক তথা গণনা প্ৰণালীক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা এটা একক (unique) সংখ্যা। উদাহৰণস্বৰূপে, দশমিক প্ৰণালীত ভূমি হ’ল ১০ আৰু ইয়াত অংকসমূহ হ’ল ০, ১, ২, ৩, ৪, ৫, ৬, ৭, ৮ আৰু ৯; আকৌ দ্বৈত প্ৰণালীত ভূমি হ’ল ২ আৰু ইয়াত অংকসমূহ হ’ল ০ আৰু ১।
-
ভেকুৱাম
ভেকুৱাম বুলিলে অন্তৰিক্ষকভাবে দ্ৰব্যশূন্য অৰ্থ বুজোৱা হয়। এই শব্দটো লেটিন ভাষাৰ vacuus (নপুংসকলিঙ্গ vacuum) শব্দৰ পৰা আহৰণ কৰা, যাৰ অৰ্থ "খালী" বা "শূন্য" বা "ৰিক্ত।" এনেধৰণৰ ভেকুৱামৰ এটা প্ৰায় প্ৰাপ্তিসাধ্য ৰূপ হৈছে এনে অঞ্চল য'ত গেছৰ চাপ বায়ুমণ্ডলীয় চাপতকৈ অনেক কম।
-
মৃগশিৰা
মৃগশিৰা (দেৱনাগৰী: मृगशीर्ष) হৈছে হিন্দু জ্যোতিষ আৰু জ্যোতিষ বিজ্ঞানত ব্যৱহৃত চন্দ্ৰ ভৱনৰ ৫ম নক্ষত্ৰ ইয়াৰ অৱস্থান সূৰ্য্য সিদ্ধান্তত বৰ্ণনা কৰা হৈছে। এই নক্ষত্ৰৰ প্ৰথম দুটা পদ বৃষভ ৰাশিৰ অংশ, যিটো হৈছে বৃষ ৰাশি।
-
মেল গে'জ
নাৰীবাদী তত্ত্বত পুৰুষৰ দৃষ্টি (Male Gaze) হৈছে দৃশ্য কলা আৰু সাহিত্যত নাৰী আৰু জগতখনক পুৰুষতান্ত্ৰিক, বিপৰীতকামি যৌন দৃষ্টিভংগীৰে চিত্ৰিত কৰা কাৰ্য যিয়ে নাৰীক বিপৰীতকামি পুৰুষৰ আনন্দৰ বাবে কামুক বস্তু বা বিষয় হিচাপে দৰ্শকৰ সন্মুখত উপস্থাপন আৰু প্ৰতিনিধিত্ব কৰে।
-
মৰীচিকা
মৰীচিকা (ইংৰাজী: Mirage) উত্তপ্ত মৰুভূমি অঞ্চলত সম্পূৰ্ণ বিজ্ঞানসন্মত কাৰণত হোৱা এক দৃষ্টি বিভ্ৰম। মৰীচিকাৰ সংঘটিত হয় পোহৰৰ পূৰ্ণ প্ৰতিফলনৰ ফলত। এই পৰিঘটনাত অদূৰত পানীৰ উৎস থকা যেন বোধ হয়, যদিও দৰাচলতে তেনে ধৰণৰ একো নাথাকে।
-
যুগ্ম সংখ্যা
যুগ্ম সংখ্যা যুগ্ম সংখ্যা হৈছে এনে কিছুমান বাস্তৱ সংখ্যা যি সমূহক ২ৰে সম্পূৰ্ণকৈ হৰণ কৰিব পাৰি। বা, এককৰ স্থানত ০,২,৪,৬,৮ অংক থকা সংখ্যা বোৰকে যুগ্ম সংখ্যা বোলে। উদাহৰণ স্বৰূপে ১২ এটা যুগ্ম সংখ্যা, কিয়নো ১২ ক ২ ৰে হৰণ কৰিলে কোনো ভাগশেষ নাথাকে। ইয়াৰোপৰি ১২ৰ এককৰ স্থানৰ অংকটো হৈছে ২।
-
সংহতি তত্ত্ব
সংহতি তত্ত্ব (Set theory) গাণিতিক লজিকৰ এটি শাখা য'ত কোনো একে বৈশিষ্ট্য যুক্ত উপাদানৰ গোট সম্পৰ্কীয় আলোচনা কৰা হয়। বাস্তৱ বা চিন্তা জগতৰ সু-সংজ্ঞাবদ্ধ বস্তুৰ সমাৱেশ বা সংগ্ৰহকে সংহতি বোলে। যেনেঃ অসমীয়া, ইংৰাজি আৰু গণিত এই তিনিটা শিক্ষা বিষয়ক এটা সংহতি।
-
সেউজ গৃহ গেছ নিৰীক্ষণ
সেউজ গৃহ গেছ নিৰীক্ষণ হৈছে সেউজ গৃহ গেছৰ নিৰ্গমন আৰু মাত্ৰাৰ প্ৰত্যক্ষ জোখ। বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ ঘনত্ব জুখিবলৈ ইনফ্ৰাৰেড বিশ্লেষণ আৰু মেন’মেট্ৰিকে ধৰি কেইবাটাও ভিন্ন পদ্ধতি আছে। মিথেন আৰু নাইট্ৰাছ অক্সাইড আন যন্ত্ৰৰদ্বাৰা জুখিব পাৰি।
-
সেউজ গৃহ গেছ পৰ্যবেক্ষণ উপগ্ৰহ
সেউজ গৃহ গেছ পৰ্যবেক্ষণ উপগ্ৰহ (GOSAT), ইবুক (জাপানী: いぶき, হেপবাৰ্ন: ইবুকি; অৰ্থাৎ "উশাহ") নামেৰেও জনাজাত, হৈছে পৃথিৱী পৰ্যবেক্ষণ উপগ্ৰহ আৰু সেউজ গৃহ গেছ নিৰীক্ষণৰ বাবে নিবেদিত বিশ্বৰ প্ৰথম উপগ্ৰহ। ই পৃথিৱীৰ বায়ুমণ্ডলৰ ৫৬,০০০ স্থানৰপৰা কাৰ্বন ডাই অক্সাইড আৰু মিথেনৰ ঘনত্ব জুখিব পাৰে।
-
স্থিতি শক্তি
পদাৰ্থ বিজ্ঞানত স্থিতি শক্তি হৈছে কোনো বস্তু বা পদাৰ্থই অন্যৰ সাপেক্ষে নিজৰ স্থানৰ পৰা লাভ কৰা শক্তি। উদাহৰণস্বৰূপে, মহাকৰ্ষণীয় স্থিতি শক্তি, টানি থোৱা স্প্ৰিং এডালৰ ইলাষ্টিক স্থিতি শক্তি, বৈদ্যুতিক ক্ষেত্ৰ এখনত বৈদ্যুতিক আধানৰ বৈদ্যুতিক বিভৱ শক্তি। এছ আই এককত শক্তিৰ একক জুল, আৰু ইয়াক ইংৰাজী J.
-
ৰস (নন্দনতত্ত্ব)
ভাৰতীয় নন্দনতত্ত্বত, ৰস (रस)ৰ আক্ষৰিক অৰ্থ হৈছে "ৰস, সাৰ বা সোৱাদ।" ই ভাৰতীয় কলাত এটা ধাৰণা যিয়ে যিকোনো দৃশ্য, সাহিত্যিক বা সংগীতৰ কামৰ নান্দনিক সোৱাদক বুজায়, যিয়ে পাঠক বা দৰ্শকত এটা অবৰ্ণনীয় অনুভৱ জাগ্ৰত কৰে।
-
EMD GT46PAC
EMD GT46PAC একপ্ৰকাৰৰ ডিজেল-বৈদ্যুতিক যাত্ৰীবাহী ৰেলৰ ইঞ্জিন। মূল-চালিকা এটি ডিজেল ইঞ্জিনে চলোৱা পৰিৱৰ্তী বিদ্যুতাধাৰ (AC Alternator or generator) ৰ পৰা পোৱা পৰিৱৰ্তী বিদ্যুত-প্ৰবাহৰ (AC) দ্বাৰা চালিত উভমুখী বৈদ্যুতিক মটৰে (AC Motor) ইয়াক গতিশীল কৰি তোলে।
-
WDM2
WDM-2 ভাৰতীয় ৰেলৰ এক দীৰ্ঘ সময়ৰ প্ৰধান ডিজেল ইঞ্জিন। এই ইঞ্জিনশ্ৰেণীৰ প্ৰথম কেইটামান এলকোৰদ্বাৰা (আমেৰিকান ল'ক'মটিভ কোম্পানী) নিৰ্মিত আছিল আৰু ১৯৬২ চনত আমদানি কৰা হৈছিল।
-
অকোষীয় জীৱন
অকোষীয় জীৱন, যাক অনা-কোষীয় জীৱন বুলিও কোৱা হয়, জীৱনচক্ৰৰ অন্ততঃ কিছু অংশ কোষীয় গঠন অবিহনে জীয়াই থকা জীৱন। ঐতিহাসিকভাৱে প্ৰাণীৰ প্ৰাণৰ বেছিভাগ সংজ্ঞাই ধাৰণা কৰিছিল যে এটা জীৱ এটা বা ততোধিক কোষেৰে গঠিত হ'ব লাগিব, কিন্তু কিছুমানৰ বাবে ইয়াক আৰু প্ৰয়োজনীয় বুলি গণ্য কৰা নহয় আৰু আধুনিক…
-
অনাচাৰৰ নিষেধাজ্ঞা
অনাচাৰৰ নিষেধাজ্ঞা (Incest taboo) হ’ল এনে এক সাংস্কৃতিক নিয়ম বা নীতি যিয়ে একেটা পৰিয়ালৰ কিছুমান সদস্যৰ মাজত, মূলতঃ তেজৰ দ্বাৰা সম্পৰ্কিত ব্যক্তিৰ মাজত যৌন সম্পৰ্ক নিষিদ্ধ কৰে।
-
অন্তৰ্দাহী ইঞ্জিন
অন্তৰ্দাহী ইঞ্জিন (ICE বা IC ইঞ্জিন) হৈছে এটা তাপ ইঞ্জিন, য’ত জ্বালানীৰ দাহ অক্সিডাইজাৰৰ (সাধাৰণতে বায়ু) সৈতে দাহন কক্ষত হয়, যি কাৰ্য্য তৰলৰ প্ৰবাহ চক্ৰৰ এটা অঙ্গভূত অংশ। অন্তৰ্দাহী ইঞ্জিনত, দাহৰ ফলত উৎপন্ন হোৱা উচ্চ-তাপমাত্ৰা আৰু উচ্চ-চাপৰ গেছবোৰে ইঞ্জিনৰ কোনো উপাদানত পোনপটীয়াকৈ বল প্ৰয়োগ কৰে।
-
অন্ধকাৰ ত্ৰয়ী
অন্ধকাৰ ত্ৰয়ী(Dark Triad) হৈছে ব্যক্তিত্বৰ এক মানসিক তত্ত্ব, যাক প্ৰথমবাৰৰ বাবে ডেলৰয় এল পলহাছ আৰু কেভিন এম উইলিয়ামছে ২০০২ চনত প্ৰকাশ কৰিছিল, অন্ধকাৰ ত্ৰয়ীয়ে তিনিটা উল্লেখযোগ্যভাৱে আপত্তিজনক, কিন্তু অ-ৰোগজনিত ব্যক্তিত্বৰ প্ৰকাৰৰ বৰ্ণনা কৰে: কপটতা (Machiavellianism), আত্মমুগ্ধতা(sub-clinical…
-
অভিজিৎ (নক্ষত্ৰ)
অভিজিৎ এক অনন্য নক্ষত্ৰ আৰু ভাৰতীয় জ্যোতিষশাস্ত্ৰত ২৮টা নক্ষত্ৰৰ ২২সংখ্যক নক্ষত্ৰ, ইয়াৰে ২৭টা পৰম্পৰাগত নক্ষত্ৰ আৰু এইটো এটা আন্তঃকেলাৰী নক্ষত্ৰ। ই চাইডেৰিয়েল মকৰ ৰাশিত (গ্ৰীষ্মমণ্ডলীয় কুম্ভ ৰাশিৰ আৰম্ভণিৰ অংশৰ সৈতে মিল থকা) অৱস্থিত, উত্তৰ অশ্বধ চতুৰ্থ পদৰপৰা শ্ৰৱণৰ প্ৰথম পদলৈকে বিস্তৃত।
-
অমৰ জোৱান জ্যোতি
অমৰ জোৱান জ্যোতি ( Amar Jawan Jyoti; অৰ্থাৎ অমৰ সৈনিক শিখা বা পোহৰ ) ১৯৭১ চনৰ ভাৰত-পাকিস্তানী যুদ্ধৰ পিছত নিৰ্মাণ কৰা আৰু ১৯৭২ চনৰ ২৬ জানুৱাৰীত উদ্বোধন কৰা ভাৰতীয় স্মাৰক।
-
অস্তিত্বৰ সংকট
অস্তিত্বৰ সংকট (অস্তিত্বৰ ভীতি হিচাপেও জনা যায়; Existential crisis) ব্যক্তিবিশেষৰ জীৱনৰ কিছুমান মুহূৰ্ত যেতিয়া তেওঁ নিজৰ জীৱনৰ অৰ্থ, উদ্দেশ্য আৰু মূল্য সম্পৰ্কে সন্দিগ্ধ হৈ উঠে আৰু এই মননসমূহৰ যোগেদি ঋণাত্মকভাৱে প্ৰভাৱান্বিত হয়।
-
অৱচেতনা
মনোবিজ্ঞানত বৰ্তমান চেতনাৰ (focal awareness) পৰিসৰত নথকা চেতনাকে অৱচেতনা (subconcious) বোলা হয়। অৱচেতনা হ'ল মানৱ চেতনাৰেই এটা অংশ। অৱচেতনা (Subconscious) -অৰ ধাৰণাৰ উৎপত্তি হৈছিল উনৈশ শতিকাত।
-
ইথেল কলিন্স ডানহাম
ইথেল কলিন্স ডানহাম (Ethel Collins Dunham; জন্ম: ১৮৮৩–১৯৬৯) এগৰাকী আমেৰিকান শিশু ৰোগ বিশেষজ্ঞ আছিল। ডানহামে অকালপক্ক শিশু আৰু কেঁচুৱাৰ যত্নৰ ক্ষেত্ৰত বিশেষজ্ঞতা লাভ কৰিছিল আৰু ১৯৩৫ চনত ইউনাইটেড ষ্টেটছ চিলড্ৰেনছ ব্যুৰোৰ শিশু বিকাশ শাখাৰ মুৰব্বী হৈছিল।
-
উৎপাদক বিশ্লেষণ
উৎপাদক বিশ্লেষণ হৈছে উৎপাদক নিৰ্ণয়ৰ এক পদ্ধতি। গণিতত উৎপাদক বিশ্লেষণ বা উৎপাদকীকৰণ বুলিলে এটা সংখ্যা বা কোনো গাণিতিক বস্তুক বিভিন্ন উৎপাদকৰ গুণফল ৰূপে প্ৰকাশ কৰাকে বুজায়। অৰ্থাৎ এই উৎপাদক হৈছে সৰলতম বা ক্ষুদ্ৰতম ৰূপ। উদাহৰণস্বৰূপে, পূৰ্ণ সংখ্যা ৰ বিশ্লেষিত ৰূপ, আৰু বহুপদৰ এটা বিশ্লেষিত ৰূপ।
-
ঋতুস্ৰাৱৰ সমন্বয়
ঋতুস্ৰাৱৰ সমন্বয় (Menstrual synchrony), যাক মেকক্লিনটক প্ৰভাৱ বা ৱেলেছলি প্ৰভাৱ বুলিও কোৱা হয়, হৈছে এক প্ৰতিদ্বন্দ্বিতামূলক প্ৰক্ৰিয়া য'ত যিসকল মহিলাই ওচৰা-ওচৰিকৈ বা একেলগে থাকিবলৈ আৰম্ভ কৰে তেওঁলোকে তেওঁলোকৰ ঋতুচক্ৰৰ আৰম্ভণিৰ ক্ষেত্ৰত পূৰ্বৰ পৃথককৈ থকাৰ তুলনাত অধিক সমন্বয়ৰ অভিজ্ঞতা লাভ কৰে।