অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

হিউমাছ

হিউমাছ (humus) এটা লেটিন শব্দ যাৰ অভিধানিক অৰ্থ হ’ল মাটি বা পৃথিৱী। আনহাতে মাটিত থকা জৈৱ পদাৰ্থৰ ওপৰত কিছুমান অণুজীৱই ক্ৰিয়া কৰাৰ বাবে এইবোৰৰ ৰূপান্তৰ ঘটি এনে এটা অৱস্থা পায়গৈ যে আৰু পৰিৱৰ্তন সম্ভৱ নহয়। জৈৱ পদাৰ্থৰ এই ৰূপটোক মাটি বিজ্ঞানীসকলে ‘‘‘ হিউমাছ’’’ বুলি নামাকৰণ কৰিছে।

হালনাগাদ: ৩১ জানুৱাৰী ২০২৩ ৩৪৪ শব্দ · ২ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

হিউমাছ (humus) এটা লেটিন শব্দ যাৰ অভিধানিক অৰ্থ হ’ল মাটি বা পৃথিৱী১। আনহাতে মাটিত থকা জৈৱ পদাৰ্থৰ ওপৰত কিছুমান অণুজীৱই ক্ৰিয়া কৰাৰ বাবে এইবোৰৰ ৰূপান্তৰ ঘটি এনে এটা অৱস্থা পায়গৈ যে আৰু পৰিৱৰ্তন সম্ভৱ নহয়। জৈৱ পদাৰ্থৰ এই ৰূপটোক মাটি বিজ্ঞানীসকলে ‘‘‘ হিউমাছ’’’ বুলি নামাকৰণ কৰিছে। বিজ্ঞানীসকলে এই জটিল ৰাসায়নিক পদাৰ্থবিধক এতিয়াও ভালদৰে বুজি নুঠাৰ বাবে ইয়াৰ কোনো সজ্ঞা নিৰুপণ কৰিব পৰা নাই। অৱশ্যে পৰীক্ষাৰ দ্বাৰা দেখা গৈছে যে ‘‘‘হিউমাছ’’’ হ’ল উদ্ভিদৰ পোষকদ্ৰব্যৰ আকৰ; মাটিত ‘‘‘হিউমাছ’’’ৰ পৰিমাণ বাঢ়িলে উৰ্বৰতা শক্তি বৃদ্ধি পায়। সেয়ে শস্যৰ উৎপাদন বঢ়াবলৈ মাটিত ‘‘‘হিউমাছ’’’ গঠন হোৱাত গুৰুত্ব দিয়া হয়।

জৈৱ পদাৰ্থৰ হিউমাছলৈ ৰূপান্তৰ হোৱা প্ৰক্ৰিয়া

মাটিত থকা বিভিন্ন অণুজীৱৰ বাবে উদ্ভিদ কিম্বা প্ৰাণীৰ দেহৰ অৱশিষ্টভাগ পচিবলৈ লয়। এই পচন ক্ৰিয়াত উদ্ভিদ কিম্বা প্ৰাণীৰ দেহত থকা জৈৱ পদাৰ্থভাগৰ বহুতো ৰাসায়নিক পৰিৱৰ্তন ঘটে। প্ৰথমে কেতবোৰ ভেঁকুৰৰ ক্ৰিয়াৰ বাবে জৈৱ পদাৰ্থভাগ পচিবলৈ আৰম্ভ কৰে। এই পচিবলৈ ধৰা পদাৰ্থখিনি কেঁচু নাইবা আন কিছুমান ক্ষুদ্ৰ জীৱই ভক্ষণ কৰে যাৰ বাবে শৰ্কৰাভাগ ভাঙি পৰে। আনহাতে লিগনিন আৰু চেল’লজ লাহে লাহে ভাঙে।২ পাছত white rot fungi আৰু আন কেতবোৰ ভেঁকুৰৰ বাবে লিগনিনৰ পৰিৱৰ্তন ঘটি হিউমাছৰ অংশ হৈ পৰে।৩ এইদৰে জৈৱ পদাৰ্থৰ ৰূপান্তৰ ঘটি অৱশেষত এক স্থিৰ অৱস্থা পায়হি য’ত যথেষ্ট পৰিমাণে হিউমিক এচিড আৰু হিউমিনছ থাকে। অদ্ৰব্য ৰূপত থকা এই দুই পদাৰ্থক অণুজীৱই ক্ৰিয়া কৰি ভাঙিব নোৱাৰে বাবে মাটিৰ ভৌতিক গঠনত সহায়ক হৈ পৰে। তদুপৰি অণুজীৱবোৰে নিৰ্গত কৰা আঠাজাতীয় পদাৰ্থ কিছুমানৰ বাবে মাটিৰ ক্ষুদ্ৰ কণিকাবোৰ ইটোৰ লগত সিটো টানকৈ লাগি থাকে। এনে হোৱাৰ বাবে কণিকাবোৰৰ মাজত ক্ষুদ্ৰ ছিদ্ৰ গঠন হয়। এই ছিদ্ৰবোৰৰ মাজেৰে বতাহ আৰু পানী চলাচল কৰিবলৈ সুচল হয় বাবে মাটিৰ গুণাগুণ ভাল হয়।

হিউমাছ আৰু পচন সাৰৰ পাৰ্থক্য

জৈৱ পদাৰ্থৰ পৰা উৎপন্ন হোৱা এই দুয়োবিধে শস্যক পোষক দ্ৰব্যৰ যোগান ধৰে। সেয়ে হিউমাছ আৰু পচন সাৰক বহুতে একে বুলি জ্ঞান কৰে। কিন্তু এই দুয়োবিধৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অতি সহজে বুজিব পৰা পাৰ্থক্যবোৰ হ’ল- পচন সাৰ হ’ল জৈৱিক পদাৰ্থৰ ৰূপান্তৰৰ এক অস্থায়ী অৱস্থা। সেয়ে পচন সাৰত উদ্ভিদ কিম্বা প্ৰাণীৰ দেহৰ অৱশিষ্টভাগৰ সৰু সৰু অংশ থাকে। আনহাতে হিউমাছত এনে অংশ দেখা নাযায়। কাৰণ হিউমাছ হ’ল জৈৱিক পদাৰ্থৰ ৰূপান্তৰ ঘটি হোৱা এক স্থিৰ অৱস্থা। পচন সাৰৰ কোনো নিৰ্দিষ্ট বৰণ নাথাকিব পাৰে। হিউমাছ সদায়ে ক’লা কিম্বা গাঢ় মুগা বৰণৰ হয়। তদুপৰি ইয়াৰ গোন্ধ মিঠা।

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ "humus." Dictionary.com Unabridged (v 1.1). Random House, Inc. 23 Sep 2008. <Dictionary.com dictionary.reference.com/browse/humus>;
  2. ↑ Berg, B., McClaugherty, C., 2007. Plant litter: decomposition, humus formation, carbon sequestration, 2nd ed. Springer, 338 pp., ISBN 3-540-74922-
  3. ↑ Levin, L., Forchiassin, F., Ramos, A.M., 2002. Copper induction of lignin-modifying enzymes in the white-rot fungus Trametes trogii. Mycologia 94:377–383

সম্পৰ্কিত শ্ৰেণী

কৃষি বিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হিউমাছ” প্ৰবন্ধৰ সংশোধন ৩৪৩৬০১ (৩১ জানুৱাৰী ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।