স্ব-সেৱা পক্ষপাতিতা (self-serving bias) হৈছে এনে একধৰণৰ বোধগত পক্ষপাতিতা যি আত্ম-মৰ্যাদা বৰ্তাই ৰখা আৰু প্ৰোজ্জ্বল কৰাৰ প্ৰৱণতাটোৰ দ্বাৰা কক্ষচ্যুত হয়৷ এইয়া এনে এটা প্ৰৱণতা য'ত মানুহে নিজকে অধিক অনুকূলভাৱে সজাবলৈ যত্নৱান হয়৷ ১ তেওঁলোকে সাফল্যবোৰক নিজৰ সামৰ্থ আৰু প্ৰচেষ্টাৰ লগত সংযুক্ত কৰে আৰু বিফলতাবোৰক বাহ্যিক কাৰক একোটালৈ ঠেলি দিয়ে৷ ২যেতিয়া ব্যক্তিসকলে নেতিবাচক সঁহাৰিৰ বৈধতাক নাকচ কৰে, তেতিয়া তেওঁলোকে নিজৰ শক্তি-সামৰ্থ আৰু প্ৰাপ্তিসমূহত মনোযোগ দিয়ে; কিন্তু ত্ৰুটি অথবা পৰাজয়বোৰক অৱমাননা কৰে৷ দলগত সাফল্যৰ ক্ষেত্ৰত তেওঁলোকে গোটৰ অইনসকল সদস্যতকৈ নিজে অধিক মাত্ৰাত কৃতিত্ব ল'ব বিচাৰে৷ নিজৰ ইগ'ক তেওঁলোকে আশংকা আৰু আঘাতৰ পৰা ৰক্ষা কৰে৷ এনেধৰণৰ বোধগত আৰু দৃষ্টিগত প্ৰৱণতাই বিভ্ৰম আৰু ত্ৰুটিৰ জন্ম দিয়ে; কিন্তু তেওঁলোকে আত্ম-মৰ্যাদাক নায্যতা দিবলৈ নিজৰ প্ৰতি এক সেৱামূলক মনোভংগীৰ প্ৰদৰ্শন কৰে৷ ৩
উদাহৰণস্বৰূপে, এগৰাকী শিক্ষাৰ্থীয়ে পৰীক্ষাত লাভ কৰা ভাল নম্বৰটোক নিজৰ বুদ্ধিমত্তা আৰু অনুশীলনৰ লগত সংযোগ কৰে, কিন্তু পৰীক্ষাত নিম্নমানৰ প্ৰদৰ্শন দেখুৱালে তেওঁ কেতিয়াবা শিক্ষকৰ দুৰ্বল শিকনশৈলী আৰু পক্ষপাতদুষ্ট প্ৰশ্নকাকতৰ প্ৰসংগ উত্থাপন কৰি স্ব-সেৱা পক্ষপাতিতাৰ নিদৰ্শন দেখুৱায়৷ অধ্যয়নে দেখুৱাইছে যে, বিভিন্ন পৰিস্থিতিত একেধৰণৰ আৰোপনৰ সহায় লোৱা হয়৷ উদাহৰণস্বৰূপে, কৰ্মক্ষেত্ৰ ৪ আন্তঃব্যক্তিগত সম্বন্ধ,৫ ক্ৰীড়াক্ষেত্ৰ,৬ আৰু উপভোক্তাৰ সিদ্ধান্তসমূহ৷ ৭
ইতিহাস
স্ব-সেৱা পক্ষপাতিতাৰ তত্ত্বটো '৭০ৰ শেষৰফালে আৰু '৮০ৰ আগভাগত চৰ্চালৈ আহিছিল৷ দিনকদিনে এইটো বিষয়ত আলোচনা বাঢ়ি গ'ল আৰু একাংশ মানুহৰ মাজত এই প্ৰসংগটোৱে গুৰুত্ব বিচাৰি পালে৷৮১৯৭১ চনত এটা আশংকাই গা কৰি উঠিছিল যে, এইটো ধাৰণা ভুল হিচাপে প্ৰমাণিত হ'ব; যিটোৰ ডিক্সনৰ বোধগম্য প্ৰতিৰক্ষা অনুমানৰ (perceptual defense hypothesis) সৈতে সাদৃশ্য আছে৷ অৱশ্যে, এতিয়া এই তত্ত্বটো দৃঢ়ভাৱে সংস্থাপিত হ'ল৷ আৰোপন পক্ষপাতিতাৰ গৱেষণাৰ সময়ত এই তত্ত্বটো বিকাশ চলি আছিল৷ ফ্ৰিটয হেইডাৰে অনুধাৱন কৰিছিল যে, অনিৰ্ধাৰিত পৰিস্থিতিত মানুহে নিজৰ প্ৰয়োজন অনুসাৰে নিজা আৰোপন গঢ়ি তোলে৷ ইয়াৰ জৰিয়তে তেওঁলোকে নিজৰ দৃষ্টিভংগী আৰু আত্ম-মৰ্যাদাক বৰ্তাই ৰখাৰ প্ৰয়াস এটা কৰে৷ উক্ত বিশেষ প্ৰৱণতাটোৱে আমি আজি চিনি পোৱা স্ব-সেৱা পক্ষপাতিতা হিচাপে জনাজাত হৈছে৷ ১৯৭৫ চনত মিলাৰ আৰু ৰছে এটা পৰীক্ষা সম্পন্ন কৰিছিল৷ এই পৰীক্ষাটোৱে কেৱল স্ব-সেৱা পক্ষপাতিতাৰেই নহয়, সাফল্য আৰু বিফলতাৰ ক্ষেত্ৰত উত্থাপন কৰা আৰোপনসমূহকো সাঙুৰি লৈছিল৷ ৯ তেওঁলোকে যুক্তি দৰ্শাইছিল যে, মানুহে তৈয়াৰ কৰি লোৱা স্ব-সেৱা পক্ষপাতিতা যুক্তিসন্মত আৰু এজন ব্যক্তিৰ আত্ম-মৰ্যাদাৰ প্ৰয়োজনীয়তাৰ ওপৰত ই নিৰ্ভৰশীল নহয়৷ ইয়াৰ অৰ্থ হৈছে-যদিহে এটা বিশেষ ঘটনাৰ ফলাফল ব্যক্তিজনে ভবাধৰণে একেজাতীয় হৈ থাকে, তেতিয়া তেওঁলোকে স্বভাৱগত (আভ্যন্তৰীণ) কাৰকসমূহৰ ফালে আঙুলিয়াব৷ আনহাতে ফলাফল যদি ব্যক্তিজনে ভবাধৰণে নহয়, তেতিয়া তেওঁলোকে পৰিৱেশসৃষ্ট উপাদান আৰু চৌপাশৰ বাহ্যিক কাৰকবোৰক দোষাৰোপ কৰিব৷
লগতে চাওক
তথ্যসূত্ৰ
- ↑ Myers, D.G. (2015). Exploring Social Psychology, 7th Edition. New York: McGraw Hill Education
- ↑ Campbell, W. Keith; Sedikides, Constantine. (1999). Self-threat magnifies the self-serving bias: A meta-analytic integration.. Review of General Psychology. পৃ. 23–43
- ↑ Forsyth, Donelson. (2007). International Encyclopedia of the Social Sciences. Macmillan Reference USA. ISBN 9780028661179
- ↑ Pal, G.C. (2007). Is there a universal self-serving attribution bias?. Psychological Studies. পৃ. 85–89
- ↑ Campbell, W. Keith; Sedikides, Constantine; Reeder, Glenn D. (2000). Among friends? An examination of friendship and the self-serving bias. British Journal of Social Psychology. পৃ. 229–239
- ↑ De Michele, P.; Gansneder, B.; Solomon, G. (1998). Success and failure attributions of wrestlers: Further Evidence of the Self-Serving Bias. Journal of Sport Behavior. পৃ. 242
- ↑ Moon, Youngme. (2003). Don't Blame the Computer: When Self-Disclosure Moderates the Self-Serving Bias. Journal of Consumer Psychology. পৃ. 125–137
- ↑ Miller, Dale; Michael Ross. (1975). Self-serving Biases in the Attribution of Causality: Fact or Fiction?. Psychological Bulletin. পৃ. 213–225
- ↑ Larson, James; Rutger U; Douglass Coll. (1977). Evidence for a self-serving bias in the attribution of causality. Journal of Personality. পৃ. 430–441
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “স্ব-সেৱা পক্ষপাতিতা” প্ৰবন্ধৰ সংশোধন ৬২৪৪৮৬ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।