অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

প্ৰাথমিক আৰোপন ত্ৰুটি

প্ৰাথমিক আৰোপন ত্ৰুটি (fundamental attribution error)ৰ আন দুটা নাম হৈছে সংযুক্তি পক্ষপাতিতা (correspondence bias) আৰু আৰোপন প্ৰভাৱ (attribution effect)৷ সামাজিক মনোবিজ্ঞানত প্ৰাথমিক আৰোপন ত্ৰুটিক একধৰণৰ প্ৰৱণতাৰ জৰিয়তে চিহ্নিত কৰা হয়৷ যাৰ জৰিয়তে মানুহে কোনো ব্যক্তিবিশেষৰ আচৰণৰ ক্ষেত্ৰত…

হালনাগাদ: ১৮ জুন ২০২৬ ৩৩৭ শব্দ · ২ মিনিট সংগৃহীত ৪৪
সংশোধনৰ পৰামৰ্শ

প্ৰাথমিক আৰোপন ত্ৰুটি (fundamental attribution error)ৰ আন দুটা নাম হৈছে সংযুক্তি পক্ষপাতিতা (correspondence bias) আৰু আৰোপন প্ৰভাৱ (attribution effect)৷ সামাজিক মনোবিজ্ঞানত প্ৰাথমিক আৰোপন ত্ৰুটিক একধৰণৰ প্ৰৱণতাৰ জৰিয়তে চিহ্নিত কৰা হয়৷ যাৰ জৰিয়তে মানুহে কোনো ব্যক্তিবিশেষৰ আচৰণৰ ক্ষেত্ৰত দৃষ্টিগোচৰ হোৱা পৰিস্থিতিসৃষ্ট ব্যাখ্যাৰ নিম্নমূল্যায়ন কৰে আৰু স্বভাৱজাত, ব্যক্তিত্ব-জনিত ব্যাখ্যাৰ উচ্চমূল্যাংকন কৰে৷ এই বিশেষ প্ৰৱণতাটোৱে মানুহৰ দ্বাৰা সম্পাদিত হোৱা কামটোৱেই তেওঁলোকৰ প্ৰতিফলন হিচাপে মানি লোৱাৰ প্ৰৱণতাক বুজায় ৷ ১ অৰ্থাৎ, আচৰণবোৰৰ ক্ষেত্ৰত নিজৰ ব্যক্তিত্বৰ অতিআৰোপণ আৰু পৰিৱেশ অথবা প্ৰসংগটোৰ প্ৰতি নিম্নআৰোপণ৷

উৎপত্তিস্থল

পৰিভাষাটোৰ জন্ম দিছিল লি ৰছে৷ ২ এই পৰিভাষাটো তেখেতে আগবঢ়াইছিল এডৱাৰ্ড এ. জনছ্ আৰু ভিক্টৰ হেৰিছে ১৯৬৭ চনত সম্পাদন কৰা এটা ধ্ৰুপদী সম্পৰীক্ষাৰ কেইবছৰৰ পাছত৷৩ এখন বিখ্যাত কাকতত ৰছে যুক্তি দৰ্শাইছিল যে, প্ৰাথমিক আৰোপন ত্ৰুটিয়ে সামাজিক মনোবিজ্ঞান ক্ষেত্ৰখনৰ ধাৰণাটো গঢ় দিয়ে৷ এডৱাৰ্ড জনছে লিখিছিল যে, তেখেতে ৰজৰ পৰিভাষাটোক "অতি উত্তেজিত আৰু কিছুপৰিমাণে বিভ্ৰান্তিকৰ" হিচাপে দেখা পাইছে৷ ইয়াৰ লগতে তেখেতে এইবুলিও কৌতুক কৰিছিল যে: "তদুপৰি, মোৰ খঙো উঠিছে যে, ইয়াৰ বিষয়ে মই প্ৰথমতে ভবা নাছিলোঁ৷৪ ডেনিয়েল গিলবাৰ্টৰ দৰে এচাম মনোবিজ্ঞানীয়ে "correspondence bias" নামৰ পৰিভাষাটোহে প্ৰাথমিক আৰোপন ত্ৰুটিৰ পৰিৱৰ্তে ব্যৱহাৰ কৰি আহিছে৷৪ অইন একাংশ মনোবিজ্ঞানীয়ে যুক্তি দাঙি ধৰিছে যে, প্ৰাথমিক আৰোপন ত্ৰুটি আৰু (correspondence bias) সংযুক্তি পক্ষপাতিতাৰ মাজত সম্বন্ধ আছে যদিও দুয়োটাই ভিন্ন প্ৰপঞ্চ৷ এই প্ৰেক্ষাপটত প্ৰথমটো ধাৰণা দ্বিতীয়বিধৰ বাবে এটা সাধাৰণ ব্যাখ্যা হৈ পৰে৷ ৫

প্ৰাথমিক আৰোপন ত্ৰুটিয়ে বুজাব খোজা এটা আচৰণৰ সৰল উদাহৰণৰ বিষয়ে ক'বলৈ গ'লে এলিছ নামৰ গাড়ীচালকৰ কথা মনলৈ আনিব পাৰি৷ এনে এটা পৰিস্থিতিৰ কল্পনা কৰক, য'ত বব নামৰ মানুহজনে এলিচক যান-জঁটৰ সময়ত অতিক্ৰম কৰি গ'ল৷ তেতিয়া এলিচে ববৰ আচৰণক তেওঁৰ মৌলিক ব্যক্তিত্বৰ লগত সংযোগ কৰিব৷ যেনে-ববে কেৱল নিজৰহে কথা ভাবে, তেওঁ এজন উন্মাদ, তেওঁ এজন অদক্ষ চালক৷ এলিচে সেইটো মুহূৰ্তত ববৰ পৰিস্থিতিগত প্ৰসংগটোৰ বিষয়ে নাভাবে৷ যেনে-ববে বিমানযাত্ৰা হেৰুৱাৰ উপক্ৰম হৈছে, ববৰ পত্নীয়ে চিকিৎসাকেন্দ্ৰত এটি কেঁচুৱাৰ জন্ম দিছে, নাইবা ববৰ জীয়েকজনীয়ে বিদ্যালয়ত অসুবিধাৰ সমুখীন হৈছে৷ কিন্তু এলিছে নিজৰ বেলিকা সদায়েই পৰিস্থিতিগত কাৰণকেই দোষাৰোপ কৰিব আৰু নিজকে ক্ষমাদান কৰিব৷ যেনে-মই মোৰ সাক্ষাৎকাৰৰ বাবে পলম হৈছোঁ, মোৰ পুত্ৰক দন্ত চিকিৎসকৰ ওচৰলৈ লৈ যাব লাগে৷ তেনে এক প্ৰেক্ষাপটত এলিছে নিজকে উন্মাদ অথবা 'অইন মানুহক বিব্ৰত কৰি তুলিছোঁ', বা 'মই গাড়ীচালনাত অদক্ষ' ইত্যাদি স্বভাৱগত ত্ৰুটিৰ বিষয়ে নাভাবে৷ ৬

১৯৬৭ চনৰ জনছ আৰু হেৰিছৰ অধ্যয়ন

সংবাদদাতা অনুমান তত্ত্ব (correspondent inference theory)ৰ ওপৰত ভিত্তি কৰি জনছ আৰু হেৰিছে ধাৰণা কৰিছিল যে, মানুহে মুক্তভাৱে বাছনিকৃত আচৰণক অভ্যাসৰ লগত আৰু সুযোগ-নিৰ্দেশিত আচৰণক পৰিস্থিতিৰ লগত আৰোপ কৰিব৷ এই ধাৰণাটোক প্ৰাথমিক আৰোপন ত্ৰুটিয়ে বিভ্ৰান্ত কৰে৷ ৩

এটা বিশেষ পৰীক্ষাত অংশগ্ৰহণকাৰীসকলক (Subjects) ফিডেল কাষ্ট্ৰ' সম্বন্ধীয় প্ৰবন্ধ পঢ়িবলৈ কোৱা হ'ল৷ ইয়াৰ পিছত তেওঁলোকক লেখকসকলৰ কাষ্ট্ৰপন্থী (Pro-Castro Attitude) মনোভাৱক মূল্যাঙ্কন কৰিবলৈ কোৱা হৈছিল৷ যেতিয়া অংশগ্ৰহণকাৰীসকলে বিশ্বাস কৰিছিল যে, লেখকসকলে মুক্তমনেৰে কাষ্ট্ৰ'ৰ সপক্ষে বা বিৰুদ্ধে নিজৰ স্থানসমূহ গ্ৰহণ কৰিছে, তেতিয়া তেওঁলোকে সেইসকলক কাষ্ট্ৰ'ৰ পক্ষৰ অধিক ইতিবাচক মনোভাৱাপন্ন বুলি গণ্য কৰিছিল৷ কিন্তু জনছ্ আৰু হেৰিছৰ ধাৰণাৰ এটা বিপৰীত স্বৰূপহে দেখিবলৈ পোৱা গ'ল তেতিয়া, যেতিয়া অংশগ্ৰহণকাৰীসকলক কোৱা হ'ল যে লেখকৰ স্থিতিসমূহ এটা মুদ্ৰা-প্ৰক্ষেপণৰ জৰিয়তেহে নিৰ্ণয় কৰা হৈছে৷ তেনে একে প্ৰেক্ষাপটতো কাষ্ট্ৰ'ৰ পক্ষত থিয় দিয়া লেখকসকলৰ প্ৰতি অংশগ্ৰহণকাৰীসকলে ইতিবাচক দৃষ্টিভংগী বৰ্তাই ৰাখিল আৰু যাৰ মাত্ৰা কাষ্ট্ৰ'ৰ বিপক্ষত থিয় দিয়া লেখকতকৈ বেছি৷ অন্য এক অৰ্থত, অংশগ্ৰহণকাৰীসকলে লেখকৰ ওপৰত পৰা পৰিস্থিতিৰ সীমাবদ্ধ প্ৰভাৱ সম্পূৰ্ণৰূপে দেখিবলৈ অসমৰ্থ হ'ল৷ তাৰ পৰিণতিস্বৰূপে, তেওঁলোকে লেখকসকলৰ প্ৰতি তৈয়াৰ কৰা আৰোপনক একাশৰীয়া কৰাতো অকৃতকাৰ্য হ'ল৷ তেওঁলোকে লেখকসকলৰ প্ৰতি অধিক আভ্যন্তৰীণ আৰোপন দাখিল কৰিলে৷ ৭

লগতে চাওক

তথ্যসূত্ৰ

  1. ↑ Bicchieri, Cristina. Scripts and Schemas. Coursera - Social Norms, Social Change II
  2. ↑ Ross, L. (1977). Advances in experimental social psychology. Academic Press. পৃ. 173–220. ISBN 978-0-12-015210-0
  3. ↑ Jones, E. E.; Harris, V. A. (1967). The attribution of attitudes. Journal of Experimental Social Psychology. পৃ. 1–24
  4. ↑ Gilbert, D. T. (1998). Attribution and social interaction: The legacy of E. E. Jones. APA Press
  5. ↑ Gawronski, Bertram. (2004). Theory-based bias correction in dispositional inference: The fundamental attribution error is dead, long live the correspondence bias. European Review of Social Psychology. পৃ. 183–217
  6. ↑ (2018). Fundamental Attribution Error. Ethics Unwrapped. McCombs School of Business, The University of Texas at Austin
  7. ↑ McLeod, Dr. Saul. (2018). Fundamental Attribution Error. Simplypsychology

সম্পৰ্কিত শ্ৰেণী

বোধগত পক্ষপাতিতামনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰাথমিক আৰোপন ত্ৰুটি” প্ৰবন্ধৰ সংশোধন ৬১২৮২৪ (১৮ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।