অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

গণৰাজ্য

গণৰাজ্য (republic) শব্দটো লেটিনৰ res publica অৰ্থাৎ 'জনসাধাৰণৰ কথা' বা 'জনতাৰ কথা'ৰ পৰা উদ্ভৱ হৈছে। ই একপ্ৰকাৰ ৰাজ্যৰ ৰূপ, য'ত ৰাজনৈতিক ক্ষমতা জনতাৰ (বা জনতাৰ প্ৰতিনিধিৰ) হাতত থকা দেখা যায়—এই ক্ষেত্ৰত ইয়াক ৰাজতন্ত্ৰৰ বিপৰীত ধাৰণাক বুজোৱা হয়।

হালনাগাদ: ২২ জুলাই ২০২৫ ২০৩ শব্দ · ১ মিনিট সংগৃহীত ৬৪
সংশোধনৰ পৰামৰ্শ

গণৰাজ্য (republic) শব্দটো লেটিন ভাষাৰ res publica অৰ্থাৎ 'জনসাধাৰণৰ কথা' বা 'জনতাৰ কথা'ৰ পৰা উদ্ভৱ হৈছে। ই একপ্ৰকাৰ ৰাজ্যৰ ৰূপ, য'ত ৰাজনৈতিক ক্ষমতা জনতাৰ (বা জনতাৰ প্ৰতিনিধিৰ) হাতত থকা দেখা যায়—এই ক্ষেত্ৰত ইয়াক ৰাজতন্ত্ৰৰ বিপৰীত ধাৰণাক বুজোৱা হয়।১২ সাধাৰণতে গণৰাজ্য বুলিলে এখন সাৰ্বভৌম ৰাজ্যক বা দেশক বুজোৱা হয়, যদিও কেতবোৰ উপ-ৰাষ্ট্ৰীয় এককো গণতান্ত্ৰিক চৰকাৰ ব্যৱস্থাৰে গঠিত হোৱাত ‘গণৰাজ্য’ ৰূপে অভিহিত কৰা হয়।

গণৰাজ্যত প্ৰতিনিধিত্ব নিৰ্বাচনৰ জৰিয়তে প্ৰদান কৰা হ’বও পাৰে বা নহ'বও পাৰে। ইতিহাসত বহুতো গণৰাজ্যত ব্যক্তিগত স্থান বা সামাজিক স্থিতিৰ ওপৰত আধাৰিত প্ৰতিনিধিত্ব দিয়া হৈছিল, আৰু নিৰ্বাচনৰ ভূমিকা সীমিত আছিল। এই পৰম্পৰা আজিও কিছু অংশত চলি আছে। ২০১৭ চনৰ তথ্য অনুসৰি, যিসকল দেশে গণৰাজ্য শব্দটো নিজৰ চৰকাৰী নামত ব্যৱহাৰ কৰে (যাৰ সংখ্যা ১৫৯তকৈ বেছি), তেওঁলোকৰ ভিতৰত বহুতোতে নিৰ্বাচন আৰু প্ৰতিনিধিত্ব দুয়োখনৰ অধিকাৰ সীমাবদ্ধ হৈ আছে।

"গণৰাজ্য" শব্দটো বেছিভাগে আধুনিক অৰ্থত ব্যৱহৃত হ’বলৈ ধৰিলে প্ৰাচীন ৰোমান গণৰাজ্যৰ সংবিধানৰ পৰিপ্ৰেক্ষিতত। এই সংবিধানটো ৫০৯ খ্ৰীষ্টপূৰ্বত ৰোমান ৰাজতন্ত্ৰৰ পতনৰ পৰা আৰম্ভ হৈছিল আৰু ২৭ খ্ৰীষ্টপূৰ্বত ৰোমান সাম্ৰাজ্যৰ প্ৰতিষ্ঠা পৰ্যন্ত চলি আছিল। এই সংবিধানত ৰোমান চেনেট (ধনৱান আৰিস্তোক্ৰাটসকলৰ পৰিষদ) প্ৰভাৱশালী আছিল; লগতে সকলো মুক্ত নাগৰিকৰ সমন্বয়ে গঠিত বহুতো ৰোমান সভা, যিবোৰে প্ৰজা মধ্যৰ পৰা কাৰ্যবাহী কৰ্তৃপক্ষ নিৰ্বাচন কৰাৰ লগতে আইন প্ৰস্তুত কৰাৰ ক্ষমতা ৰাখিছিল; আৰু বিভিন্ন পদাধিকাৰীৰ এক শৃংখল থাকিছিল, যিবোৰৰ ৰাজনৈতিক আৰু প্ৰশাসনিক ক্ষমতা ভিন ভিন আছিল।

তথ্যসূত্ৰ

  1. ↑ Republic · Definition of Republic by the Oxford English Dictionary. Oxford English Dictionary
  2. ↑ Definition of Republic. Merriam-Webster Dictionary

সম্পৰ্কিত শ্ৰেণী

সমাজ বিজ্ঞানৰাজনীতি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “গণৰাজ্য” প্ৰবন্ধৰ সংশোধন ৫২৫৯৩৫ (২২ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।