বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
শ্বেত ৰক্ত কণিকা
শ্বেত ৰক্ত কণিকা বা শ্বেত ৰক্ত কোষ, যাক লিউক’ছাইটছ বুলিও কোৱা হয়, হৈছে সংক্ৰামক ৰোগ আৰু বাহ্যিক আক্ৰমণকাৰীৰ (বীজাণু) পৰা দেহক ৰক্ষা কৰা প্ৰতিৰক্ষা তন্ত্ৰৰ কিছুমান কোষ। সকলো শ্বেত ৰক্ত কোষ মেৰু মজ্জাত থকা হিমেট'পেটিক ষ্টীম ছেল নামৰ এবিধ বহু ক্ষমতাসম্পন্ন কোষৰ পৰা সৃষ্টি হয়।
-
সামাজিক মনোবিজ্ঞান
সামাজিক মনোবিজ্ঞান (Social Psychology) হৈছে মানুহৰ চিন্তা, অনুভূতি আৰু আচৰণ কেনেদৰে আনৰ প্ৰকৃত, কাল্পনিক আৰু উপস্থিতিৰ দ্বাৰা প্ৰভাৱিত হয় তাৰ এক বৈজ্ঞানিক অধ্যয়ন। সামাজিক মনোবিজ্ঞানীয়ে সাধাৰণতে মানসিক অৱস্থা আৰু সামাজিক পৰিস্থিতিৰ মাজৰ সম্পৰ্কৰ ফলত হোৱা মানুহৰ আচৰণ আৰু ব্যৱহাৰ বৰ্ণনা কৰে।
-
সূৰ্য গ্ৰহণ
সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ নিজ-নিজ কক্ষপথত আৱৰ্তন কৰি থাকোঁতে কেতিয়াবা চন্দ্ৰ যেতিয়া পৰিভ্ৰমণৰ অৱস্থাত কিছু সময়ৰ বাবে পৃথিৱী আৰু সূৰ্যৰ মাজত অৱস্থান কৰে, তেতিয়া পৃথিবীৰ কোনো দৰ্শকৰ বাবে সূৰ্য আংশিক বা সম্পূৰ্ণৰূপে অদৃশ্য হৈ পৰে (কিছু সময়ৰ বাবে)। এই ঘটনাকে সূৰ্যগ্ৰহণ বোলা হয়।
-
হৰণ (গণিত)
হৰণ (÷) হ’ল এটি পাটীগণিতীয় তথা বীজগণিতীয় ক্ৰিয়া (operation)। যদিহে cৰ bগুণ a ৰ সমান হয়, তেন্তে: ⟨a = b \times c, \,⟩ ইয়াত b যদি অশূন্য হয়, তেন্তে a ক b ৰে হৰণ কৰা বুলিলে c পোৱা যায় আৰু ইয়াক তলত দিয়া ধৰণে লিখা হয়: a ÷ b = c। উদাহৰণস্বৰূপে, 6 ÷ 3 = 2, কাৰণ 6 = 3 × 2।
-
ৰক্তচাপ
ৰক্ত সঞ্চালনৰ সময়ত ৰক্তবাহী নলীকাৰ বেৰত সৃষ্টি হোৱা চাপকেই ৰক্তচাপ (Blood Pressure) বোলা হয়। শিৰাবোৰে হৃদয়ৰ পৰা পাম্প কৰা বা ঠেলি পঠিওঁৱা তেজবোৰ টিছু আৰু আন অংগলৈ কঢ়িয়াই নিয়ে। হৃদয়ে শিৰাবোৰেৰে তেজ ঠেলি পঠিয়াওঁতে শিৰাবোৰে তেজ প্ৰবহন কৰাৰ প্ৰতিক্ৰিয়াৰ ফলতে ৰক্তচাপৰ সৃষ্টি হয়।
-
অৰ্ধপৰিবাহী
যিবিলাক পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাৰ মান পৰিবাহী পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাতকৈ বেছি আৰু অপৰিবাহী পদাৰ্থৰ বৈদ্যুতিক পৰিবাহীতাতকৈ কম হয়, সেইবিলাক পদাৰ্থক অৰ্ধপৰিবাহী (ইংৰাজী: Semi-conductors) বুলি কোৱা হয়।
-
একনায়কত্ববাদ
একনায়কত্ববাদ (Dictatorship) হৈছে এক স্বৈৰাচাৰী চৰকাৰ যাৰ বৈশিষ্ট্য হৈছে এজন নেতা বা নেতাৰ এটা গোট, যিয়ে চৰকাৰী ক্ষমতা কম বা কোনো সীমাবদ্ধতা নোহোৱাকৈয়ে গ্ৰহণ কৰে।
-
ছিটা
ছিটা বা প্ৰতিষেধক ছিটা (Vaccine) হৈছে এক ধৰণৰ ৰাসায়নিক যৌগ বা মিশ্ৰণ যি দেহত এণ্টিবডি তৈয়াৰ হোৱা প্ৰক্ৰিয়াক উত্তেজিত কৰি দেহৰ কোনো ৰোগৰ বাবে প্ৰতিৰোধ ক্ষমতা বা অসংক্ৰামতা জন্মাত সহায় কৰে৷ কোনো প্ৰাণীৰ দেহত ৰোগ সৃষ্টিকাৰী ভাইৰাছ, বেক্টেৰিয়া ইত্যাদিৰ জীৱিত (যাৰ ৰোগ সৃষ্টিকাৰী ক্ষমতা শূন্য) বা…
-
জীৱাশ্ম ইন্ধন
জীৱাশ্ম ইন্ধন হৈছে এক প্ৰাকৃতিকভাৱে পৃথিৱীৰ ভূত্বকত গঠিত জ্বলি উঠিব পৰা কাৰ্বন যৌগ বা হাইড্ৰকাৰ্বন সমৃদ্ধ বস্তু, যি প্ৰাগৈতিহাসিক জীৱ (জন্তু, উদ্ভিদ, অথবা মাইক্ৰোপ্লাংক্টন)ৰ পচি যোৱা অৱশেষৰ পৰা ভূ-গঠনত্মক প্ৰক্ৰিয়াৰ জৰিয়তে বহু বছৰ ধৰি গঠিত হয়।
-
ধঁপাত
ধঁপাত হৈছে ধঁপাত গছৰ পাত সংৰক্ষণ কৰি তৈয়াৰ কৰা এক প্ৰকাৰৰ দ্ৰব্য। ধঁপাত গছৰ আদি নিবাস উত্তৰ আৰু দক্ষিণ আমেৰিকা। ধঁপাত গছৰ শুকান পাতক ধঁপাত বোলা হয়। ধঁপাত গছ ১২-১৮ ইঞ্চি ওখ হয়। ধঁপাত এবিধ নিচাজাতীয় পদাৰ্থ। ধঁপাত চিগাৰেট, বিড়ি, চুৰট, হোকা, আদি বিভিন্ন পদ্ধতিৰ দ্বাৰা ধুমপান কৰা হয়।
-
ধ্বনিবিজ্ঞান
ভাষাবিজ্ঞানৰ যিটো শাখাত মানৱ বাগযন্ত্ৰৰ দ্বাৰা উচ্চাৰিত বাগধ্বনিসমূহৰ সমস্ত জ্ঞানৰ বিতংকৈ বিশ্লেষণ কৰা হয়, ভাষাবিজ্ঞানৰ সেই শাখাটোকে ধ্বনিবিজ্ঞান (Phonetics) বুলি কোৱা হয়। ধ্বনিবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ হৈছে 'Phonetics'। ইংৰাজীৰ 'Phonetics' শব্দটো গ্ৰীক ভাষাৰ শব্দ।
-
পাউলিৰ নিষেধ নীতি
পাউলিৰ নিষেধ নীতি (Pauli's exclusion principle) কোৱাণ্টাম বলবিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ নীতি। এই নীতিমতে কোনো এটা কোৱাণ্টাম প্ৰণালীত দুটা বা তাতকৈ অধিক একে ফাৰ্মিয়ন (অৰ্দ্ধ-অখণ্ড স্পিন বিশিষ্ট কণা) একেটা কোৱাণ্টাম অৱস্থাত যুগপৎভাৱে থাকিব নোৱাৰে।
-
পৰিস্থিতি বিজ্ঞান
পৰিস্থিতি বিজ্ঞান হৈছে কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত সেই অঞ্চলৰ সকলো প্ৰকাৰৰ জীৱৰ আন্তঃক্ৰিয়াসমূহৰ বৈজ্ঞানিক অধ্যয়ন। জীৱবিজ্ঞান আৰু ভূবিজ্ঞানক সাঙুৰি ই এটা বহু শাখাযুক্ৰ ক্ষেত্ৰ।
-
বৈদ্যুতিক ক্ষেত্ৰ
বৈদ্যুতিক ক্ষেত্ৰ হৈছে এখন ভেক্টৰ ক্ষেত্ৰ, য'ৰ প্ৰত্যেক বিন্দুত প্ৰতি একক আধানে লাভ কৰা কুলম্ব বল সংযুক্ত হৈ থাকে। বৈদ্যুতিক আধানৰ দ্বাৰা বৈদ্যুতিক ক্ষেত্ৰৰ সৃষ্টি হয় আৰু পৰিৱৰ্ত্তিত চুম্বকীয় ক্ষেত্ৰৰ দ্বাৰা ইয়াক আৱেশকৰণ কৰিব পৰা যায়।
-
ব্যক্তিত্ব মনোবিজ্ঞান
ব্যক্তিত্ব মনোবিজ্ঞান ( Personality Psychology) হৈছে মনোবিজ্ঞানৰ এটা শাখা যিয়ে ব্যক্তিত্ব আৰু ব্যক্তিৰ মাজত ইয়াৰ তাৰতম্য পৰীক্ষা কৰে। ইয়াৰ লক্ষ্য হৈছে মানসিক শক্তিৰ বাবে মানুহ কেনেকৈ ব্যক্তিগতভাৱে বেলেগ বেলেগ হয় তাক দেখুৱাব পৰা।
-
বৰ্ণবৈষম্য
বৰ্ণবৈষম্য (Racism) হৈছে মতবাদ, যাৰ মাধ্যমত কিছুমান জাতি বা জাতিগত গোট আন গোটবিলাকতকৈ বেছি উন্নত বুলি ধৰা হয়, আৰু সেই আধাৰত বিদ্বেষ, অপবঞ্চনা বা অন্যায় ব্যৱহাৰ কৰা হয়। এইটো সামাজিক, ৰাজনৈতিক, আৰু অৰ্থনৈতিক প্ৰেক্ষাপটৰ সমস্যা হিচাপে বিশ্বজুৰি বিদ্যমান।
-
ভগ্নাংশ (গণিত)
এটা ভগ্নাংশই (Latin: fractus, "broken") এটা অখণ্ড সংখ্যা বা সাধাৰণভাবে, যিকোনো এটা সংখ্যাক সমানে কৰা ভাগসমূহক বুজায়। দৈনন্দিন ব্যৱহাৰিক ক্ষেত্ৰত কোনো এটা বস্তুৰ কিমান অংশক লোৱা হৈছে তাক বুজাবলৈ ভগ্নাংশ ব্যৱহাৰ কৰা হয়; যেনে— আধা, দুই তৃতীয়াংশ, তিনি পঞ্চমাংশ, এক চতুৰ্থাংশ ইত্যাদি।
-
শান্তি
শান্তি হৈছে এক সমন্বয়ৰ অৱস্থা। সমাজৰ অৰ্থত শান্তিৰ অৰ্থ সাধাৰণতে ব্যক্তি বা গোটৰ মাজত সংঘাতৰ অভাৱ (যেনে যুদ্ধ) আৰু হিংসাৰ ভয়ৰ পৰা মুক্ত হোৱা বুলি ব্যৱহাৰ কৰা হয়। শান্তিৰ প্ৰসাৰ বহু দৰ্শন, ধৰ্ম আৰু মতাদৰ্শৰ এটা মূল নীতি, যাৰ বহুতেই ইয়াক তেওঁলোকৰ দৰ্শনৰ মূল নীতি বুলি গণ্য কৰে।
-
সমীকৰণ
সমীকৰণ গণিতৰ জগতখনত সমীকৰণ হৈছে এটা মাধ্যম যাৰ দ্বাৰা দুটা গাণিতিক ৰাশিক সমান বুলি প্ৰকাশ কৰা হয়। বা সমীকৰণ হ'ল সংখ্যা আৰু প্ৰতীক ব্যৱহাৰ কৰি লিখা এক বিশেষ গাণিতিক বিবৃতি।
-
অতি পৰিবাহিতা
অতি পৰিবাহিতা (Super Conductivity) হৈছে বৈদ্যুতিক ৰোধ শূন্য হৈ পৰাৰ এক বিশেষ প্ৰপঞ্চ, য'ত বৈদ্যুতিক প্ৰৱাহ বিনা বাধাৰে প্ৰৱাহিত হ'ব পাৰে। ই হৈছে 'অতিপৰিবাহীত দেখা পোৱা কিছু ভৌতিক ধৰ্ম৷ অতিপৰিবাহী হৈছে এনে পদাৰ্থ য'ত বৈদ্যুতিক ৰোধ নোহোৱা হৈ যায় আৰু চুম্বকীয় ক্ষেত্ৰ বিলোপ হয়।
-
আদ্যপ্ৰাণী
আদ্যপ্ৰাণী বা প্ৰ'ট'জ'ৱা হৈছে এককোষী সংকোষকেন্দ্ৰীৰ বাবে ব্যৱহাৰ কৰা এটা সাধাৰণ নাম। এই জীৱবোৰ স্ব−জীৱি নাইবা পৰজীৱি, যিবোৰে জৈৱ পদাৰ্থ যেনে অন্য সুক্ষ্মজীৱ বা জৈৱ কলা আৰু অৱশেষ আহাৰ হিচাপে গ্ৰহণ কৰি জীয়াই থাকে।
-
আলোক-বৰ্ষ
এক আলোক-বৰ্ষ বা পোহৰ-বৰ্ষ (ইংৰাজীত Light-year বা light year, চমুকৈ: ly) মহাজাগতিক দূৰত্ব সূচিত কৰা এটা একক। ই প্ৰায় ৯ লাখ কোটি কিলোমিটাৰ (বা প্ৰায় ৬ লাখ কোটি মাইলৰ সমান)। আন্তঃৰাষ্ট্ৰীয় জ্যোতিৰ্বিজ্ঞান সংস্থা (IAU)-ৰ মতে, এক আলোক বৰ্ষ হৈছে এক জুলিয়ান বৰ্ষত পোহৰে অতিক্ৰম কৰিব পৰা দূৰত্ব।
-
ঔপনিৱেশিকতাবাদ
ঔপনিৱেশিকতাবাদ (Colonialism) হৈছে এটা বিদেশী গোটৰ দ্বাৰা আন এখন ভূখণ্ড, প্ৰাকৃতিক সম্পদ আৰু জনসাধাৰণৰ ওপৰত নিয়ন্ত্ৰণ স্থাপন। উপনিৱেশবাদীয়সকলে উপনিৱেশাধীন অঞ্চলৰ ৰাজনৈতিক আৰু জনজাতীয় শক্তিৰ ওপৰত নিয়ন্ত্ৰণ কৰে।
-
কেঁচুসাৰ
কেঁচুসাৰ (Vermicompost) হ’ল এবিধ জৈৱ সাৰ। ই কেঁচুৰ দ্বাৰা উৎপন্ন হয়। কেঁচুৱে মাটিত থকা বিভিন্ন জৈৱিক পদাৰ্থসমূহৰ পচন ঘটাই মাটিৰ উৰ্বৰতাৰ বাবে প্ৰয়োজনীয় উপাদান সৃষ্টি কৰে। এই উপাদানসমূহকে কেঁচু সাৰ বোলা হয়।
-
গৱেষণা
গৱেষণা মানে সত্যক আৱিষ্কাৰ কৰা আৰু সত্যৰ অনুসন্ধান কৰা। গৱেষণা মানে একপ্ৰকাৰৰ বৈজ্ঞানিক অনুসন্ধান বা কোনো এটা বিষয় বা সমস্যাৰ অনুসন্ধান। গৱেষণা হৈছে "জ্ঞান ভাণ্ডাৰ বৃদ্ধি কৰিবলৈ কৰা সৃষ্টিশীল আৰু প্ৰণালীবদ্ধ কাম।" ইয়াত প্ৰমাণ সংগ্ৰহ, সত্যতা, অনুসন্ধান, বিচাৰ-বিশ্লেষণ আদি দিশসমূহ জড়িত হৈ থাকে।
-
চাবোন
চাবোন এবিধ পৰিষ্কাৰক ৰাসায়নিক দ্ৰব্য। ইয়াৰ বুৰঞ্জী অতি প্ৰাচীন। খৃষ্টপূৰ্ব ২৮০০ চনৰ বেবিলন সভ্যতাৰ দিনৰ পৰা চাবোন মানুহৰ উপযোগী হৈ থকাৰ প্ৰমাণ পোৱা গৈছে। তেতিয়া ইয়াক বনোৱা হৈছিল জন্তুৰ চৰ্বিক ছাঁইৰ সৈতে উতলাই।
-
তেজস্ক্ৰিয়তা
তেজস্ক্ৰিয়তা হৈছে এক অনিয়মিত পৰমাণু নিউক্লিয়াছৰ পৰা বিকিৰণৰ জৰিয়তে শক্তি হ্ৰাস হোৱাৰ প্ৰক্ৰিয়া। যিকোনো বস্তু য'ত অস্থিৰ নিউক্লিয়াছ থাকে তাক তেজস্ক্ৰীয় বুলি কোৱা হয়। ক্ষয়ৰ সৰ্বাধিক সচৰাচৰ ধৰণ তিনিটা হৈছে আলফা ক্ষয়, বিটা ক্ষয়, আৰু গামা ক্ষয়।
-
তৰল পদাৰ্থ
জুলীয়া বা তৰল হৈছে পদাৰ্থৰ চাৰিবিধ ধ্ৰুপদী অৱস্থাৰ এটা (আন তিনিটা হৈছে প্লাজমা, কঠিন আৰু গেছীয়)। ইয়াৰ নিৰ্দিষ্ট আয়তন থাকিলেও কোনো নিৰ্দিষ্ট আকাৰ নাথাকে। ই ৰাসায়নিক বান্ধনীৰে সংযুক্ত অণু বা পৰমাণুৰে গঠিত। পানী পৃথিৱীৰ এক সহজলভ্য জুলীয়া পদাৰ্থ।
-
নিউক্লীয় পদাৰ্থবিজ্ঞান
নিউক্লীয় পদাৰ্থবিজ্ঞান (ইংৰাজী: Nuclear physics) পদাৰ্থবিজ্ঞানৰ এটা শাখা য'ত পাৰমাণৱিক নিউক্লিয়াছ আৰু সিহঁতৰ উপাদান তথা আন্তঃক্ৰিয়া সম্বন্ধে অধ্যয়ন কৰা হয়। ইয়াৰোপৰি নিউক্লীয় পদাৰ্থৰ অন্য ৰূপসমূহো ইয়াত অধ্যয়ন কৰা হয়।
-
পচন সাৰ
পচন সাৰ (Compost) হৈছে জৈব-পদাৰ্থক (organic material) প্ৰাকৃতিক ভাৱে বিঘটন (biodegradation) ঘটাই প্ৰস্তুত কৰা এবিধ জৈবিক সাৰ। জৈবিক পদ্ধতিৰে কৰা কৃষিকাৰ্য্যৰ ই এটা মুখ্য অংগ।