কালপুৰুষ বা অৰিয়ন (Orion) হৈছে মহাকাশীয় বিষুৱৰেখাত অৱস্থিত আৰু সমগ্ৰ বিশ্বতে দৃশ্যমান এক নক্ষত্ৰপুঞ্জ বা তাৰকামণ্ডলী। ই নিশাৰ আকাশৰ আটাইতকৈ সুস্পষ্ট১ আৰু চিনাক্ত কৰিব পৰা তাৰকামণ্ডলীসমূহৰ অন্যতম।২ ইয়াক গ্ৰীক কিংবদন্তিৰ চিকাৰী অৰিয়নৰ নামেৰে নামকৰণ কৰা হৈছে। ইয়াৰ উজ্জ্বলতম তাৰকাসমূহ হৈছে নীলা-বগা ৰিগেল (বিটা অৰিয়নিছ) আৰু ৰঙা বেটেলজিউজ (আলফা অৰিয়নিছ)।
ইতিহাস
কালপুৰুষ তাৰকামণ্ডলীৰ সৈতে সম্পৰ্কিত আটাইতকৈ প্ৰাচীন চিত্ৰণ বা কাৰুকাৰ্য হৈছে ১৯৭৯ চনত পশ্চিম জাৰ্মানীৰ আচ উপত্যকাৰ এটা গুহাত পোৱা এক প্ৰাগৈতিহাসিক (অৰিগ্নাচিয়ান) বিশাল হাতীদাঁতৰ সমল। প্ৰত্নতাত্ত্বিকসকলে অনুমান কৰিছে যে ই ৩২,০০০ ৰ পৰা ৩৮,০০০ বছৰ পুৰণি।৩৪৫ কালপুৰুষৰ স্বকীয় আৰ্হি বিশ্বজুৰি বিভিন্ন সংস্কৃতিসমূহত স্বীকৃত, আৰু ইয়াৰ সৈতে বহুতো পৌৰাণিক কাহিনী জড়িত। আধুনিক যুগৰ পৃথিৱীত কালপুৰুষক এক প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হয়।
ঋকবেদত কালপুৰুষ তাৰকামণ্ডলীক মৃগ (হৰিণ) বুলি উল্লেখ কৰা হৈছে। কোৱা হয় যে সন্মুখৰ আৰু পিছফালৰ দুটাকৈ উজ্জ্বল তৰা হৈছে চিকাৰী কুকুৰ। মাজৰ তুলনামূলকভাৱে কম উজ্জ্বল তৰাটো হৈছে চিকাৰী। চাৰিওটা চিকাৰ কুকুৰৰ মাজত থকা তিনিটা সংৰেখিত উজ্জ্বল তৰা হৈছে হৰিণ (মৃগ) আৰু তিনিটা সৰু সংৰেখিত কিন্তু কম উজ্জ্বল তৰা হৈছে হৰিণৰ পোৱালি।৬
ভাৰতত নটৰাজক কালপুৰুষ নক্ষত্ৰমণ্ডলত দেখা যায়।৭
খ্ৰীষ্টপূৰ্ব একবিংশ শতিকাত ভাৰতৰ উদয়গিৰি আৰু খান্দাগিৰি গুহাত খোদিত জৈন চিহ্নৰ কালপুৰুষৰ সৈতে চকুতলগা সাদৃশ্য আছে।৮
তথ্যসূত্ৰ
- ↑ পৃ. 276
- ↑ Dolan, Chris. Orion
- ↑ Rappenglück, Michael. (2001). The Anthropoid in the Sky: Does a 32,000 Years Old Ivory Plate Show the Constellation Orion Combined with a Pregnancy Calendar. Uppsala Astronomical Observatory. পৃ. 51–55
- ↑ The Decorated Plate of the Geißenklösterle, Germany. UNESCO: Portal to the Heritage of Astronomy
- ↑ Whitehouse, David. (January 21, 2003). 'Oldest star chart' found. BBC
- ↑ Holay, P. V. (1998). Vedic astronomers. Bulletin of the Astronomical Society of India. পৃ. 91–106
- ↑ Srinivasan, Sharada. (1998). Vedic astronomers. World Archaeology. পৃ. 432–50
- ↑ "Must See" Indian Heritage. asimustsee.nic.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “কালপুৰুষ (তাৰকামণ্ডলী)” প্ৰবন্ধৰ সংশোধন ৪২৬৪২২ (২৩ জুলাই ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।