অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

অমলা বেজবৰুৱা

অমলা বেজবৰুৱা (Amala Bezbaruah) গণিত বিজ্ঞানত অসমৰ প্ৰথমগৰাকী মহিলা স্নাতকোত্তৰ। তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰথমগৰাকী মহিলা প্ৰবক্তা। অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিষয়ক আলোচনী গণিত বিকাশৰ প্ৰথমগৰাকী সম্পাদক আছিল অমলা বেজবৰুৱা।

হালনাগাদ: ৯ জুলাই ২০২৬ ১৫১ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

অমলা বেজবৰুৱা (Amala Bezbaruah) গণিতত অসমৰ প্ৰথমগৰাকী মহিলা স্নাতকোত্তৰ। তেওঁ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগৰ প্ৰথমগৰাকী মহিলা প্ৰবক্তা।১ অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিষয়ক আলোচনী গণিত বিকাশৰ প্ৰথমগৰাকী সম্পাদক২ আছিল অমলা বেজবৰুৱা।৩ ১৯৭৫-৭৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ত তেওঁৰ এজন ছাত্ৰ আছিল দিলীপ শৰ্মা। ২

শিক্ষা

অমলা বেজবৰুৱাৰ পিতৃৰ সৰুতেই বিয়োগ হৈছিল।২ শিশুকালৰ পৰা অসুখীয়া আছিল বাবে অমলা বেজবৰুৱাক ককাদেউতাকে স্কুলত পঢ়িবলৈ হাক দিছিল। প্ৰাথমিক বিদ্যালয়ৰ মুখ নেদেখাকৈয়ে সেয়ে তেওঁ শিক্ষা আৰম্ভ কৰিছিল তৃতীয় শ্ৰেণীত। অমলা বেজবৰুৱাৰ আনুষ্ঠানিক শিক্ষা আৰম্ভ হৈছিল যোৰহাট ছোৱালী হাইস্কুলত। সেই সময়ত তৃতীয় শ্ৰেণীতে ইংৰাজী আৰু অংক আছিল। নেওতাকেইখনো নজনা অমলা বেজবৰুৱাই অংকত শূন্য পোৱাৰ বাবে বছৰেকীয়া পৰীক্ষাত চতুৰ্থ শ্ৰেণীলৈ 'কণ্ডিচনেল প্ৰমোছন'হে লাভ কৰিছিল। সেইখন বিদ্যালয়ত তেওঁ সপ্তম শ্ৰেণীলৈকে পঢ়িছিল। ইয়াৰ পিছত তেওঁ মাক, ভাই-ভনীৰ সৈতে মাদ্ৰাজলৈ আহি তেওঁৰ সৰু-মাজুখুড়াকৰ লগত থাকিছিল। তাতে তেওঁ আৰু তেওঁৰ ভনীয়েকক খুড়াকে ছেইণ্ট ৰাফেলছ গাৰ্লছ হাইস্কুলত নাম লগাই দিয়ে। ইয়াত তেওঁৰ পঢ়াৰ মাধ্যম অসমীয়াৰ পৰা ইংৰাজীলৈ সলনি হয়। দ্বিতীয় ভাষা হিচাপে অমলা বেজবৰুৱাই সংস্কৃত ভাষা বাছি ল'লে। এই দ্বিতীয় ভাষাটো তেতিয়া স্কুলত কমেও ৬ বছৰ পঢ়িত লাগে কিন্তু অমলাই সপ্তম শ্ৰেণীৰ মাজডোখৰৰ পৰা দশমলৈ চাৰে তিনি বছৰহে পঢ়িবলৈ পাইছিল। দশম শ্ৰেণী শেষ কৰি তেওঁ এছ এছ এল চি পৰীক্ষা দিয়ে। পৰীক্ষাত সেইখন স্কুলৰ পৰা প্ৰথম স্থান তেওঁৱেই লাভ কৰিছিল। ২

তেওঁ ১৯৫৯ চনত আই-এ পৰীক্ষাত জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথমস্থান অধিকাৰ কৰিছিল। এই স্থান লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী ছাত্ৰী। সেই সময়ত ছোৱালীৰ শাখাত আই-এ শ্ৰেণীত গণিত পঢ়ুৱাইছিল অধ্যাপক প্ৰাণেশ্বৰ পাঠকে। তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা গণিতৰ এম এতো প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান অধিকাৰ কৰা প্ৰথমগৰাকী ছাত্ৰী২ আছিল।১

তাৰপাছত ইংলেণ্ডৰ ব্ৰিষ্টল বিশ্ববিদ্যালয়ত গণিতীয় দৰ্শন বিভাগত গৱেষণা আৰম্ভ কৰে আৰু এখনি গুৰুত্বপূৰ্ণ গৱেষণা-পত্ৰ লিখি উলিয়ায়। ভগ্ন স্বাস্থ্যৰ বাবে পিএইচডি সম্পূৰ্ণ নকৰাকৈ তেওঁ ভাৰতলৈ উলটি আহিবলগীয়া হৈছিল। পাছত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা জ্যোতিপ্ৰসাদ মেধিৰ তত্ত্বৱধানত গণিতীয় দৰ্শন বিষয়ত পিএইচডি ডিগ্ৰী লাভ কৰে।

কৰ্মজীৱন

অমলা বেজবৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত অধ্যাপনা কৰিছিল।৪অসমত গণিত বিষয়ক জনপ্ৰিয়কৰণৰ বাবে তেখেতে বৰঙণি আগবঢ়াই থৈ গৈছে। গৱেষণাৰ জগতত প্ৰৱেশ কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰেৰণা যোগাইছিল।১

অসম গণিত শিক্ষায়তনৰ লগত জড়িত আছিল অমলা বেজবৰুৱা।৫অসম গণিত শিক্ষায়তনৰ প্ৰতীক চিহ্নটো অমলা বেজবৰুৱাই আঁকিছিল।২ লগতে অসম গণিত শিক্ষায়তনৰ পৰা প্ৰকাশিত গণিত বিষয়ক আলোচনী গণিত বিকাশৰ তেওঁ প্ৰথমগৰাকী সম্পাদক আছিল।৩ তেওঁ আলোচনীখনৰ একেৰাহে তিনিটা সংখ্যা সম্পাদনা কৰিছিল আৰু নিৰ্দ্ধাৰিত সময়ৰ ভিতৰত প্ৰকাশ কৰি সদস্যসকলৰ হাতত তুলি দিয়াৰ ব্যৱস্থা কৰিছিল।৪

স্বীকৃতি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গণিত বিভাগত প্ৰতি বছৰে তেখেতৰ সোঁৱৰণত এটি বঁটা প্ৰদান কৰা হয়। বঁটাতো অমলা বেজবৰুৱা এৱাৰ্ড। বিভাগৰ প্ৰথম বৰ্ষত সৰ্বোচ্চ নম্বৰ লাভ কৰা শিক্ষাৰ্থীজনক এই বঁটা প্ৰদান কৰা হয়।

গৱেষণা-পত্ৰ

Bezboruah, A.; Shepherdson, J. C. (1976). Gödel's Second incompleteness theorem for Q. The Journal of Symbolic Logic. পৃ. 503-512

তথ্যসূত্ৰ

  1. ↑ বিজ্ঞানৰ জগতত অসমীয়া মহিলা
  2. ↑ ডঃ দিলীপ শৰ্মা. (১৯৯৬). ডঃ অমলা বেজবৰুৱাৰ সৈতে সম্পাদকৰ অন্তৰংগ আলাপ. গণিত বিকাশ. পৃ. ৫৩ ৰ পৰা ৬৫
  3. ↑ গণিত বিকাশৰ সম্পৰ্কে
  4. ↑ প্ৰবীণ দাস. (২০২০). গণিত বিকাশৰ ই-সংস্কৰণ. গণিত বিকাশ. পৃ. ৩, ৪
  5. ↑ অসম গণিত শিক্ষায়তনৰ ৱেবছাইট

সম্পৰ্কিত শ্ৰেণী

অসমীয়া গণিতজ্ঞ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অমলা বেজবৰুৱা” প্ৰবন্ধৰ সংশোধন ৬১৬৩২৮ (৯ জুলাই ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।