ফাৰ্মাৰ অন্তিম উপপাদ্য (Fermat's Last Theorem) সংখ্যা তত্ত্বৰ এটা গুৰুত্বপূৰ্ণ উপপাদ্য যি ৩৫০ বছৰৰো অধিক কাল অপ্ৰমাণিত হৈ আছিল।১ ইয়াক ফাৰ্মাৰ অনুমান (Fermat's Conjecture) বুলিও জনা যায়। পিয়েৰ দি ফাৰ্মাৰ নামেৰে নামকৰণ কৰা এই উপপাদ্যমতে a, b আৰু c ৰ বাবে an + bn = cn সমীকৰণটোৰ কোনো অশূন্য অখণ্ড সংখ্যাৰ সমাধান পোৱা নাযায় যদি n > ২ হয়।২
১৬৩৭ চনত পিয়েৰ দি ফাৰ্মাই ডায়'ফেণ্টাছৰ "এৰিথমেটিকা" নামৰ গ্ৰন্থখনৰ এটা পৃষ্ঠাৰ কাষত প্ৰথমবাৰৰ বাবে এই উপপাদ্যটোৰ অনুমান আগবঢ়াইছিল। তেওঁ লিখিছিল যে তেওঁৰ লগত উপপাদ্যটোৰ এটা প্ৰমাণ আছে, কিন্তু পৃষ্ঠাটোৰ কাষৰ ঠাইখিনিত প্ৰমাণটো লিখিবলৈ ঠাই নোজোৰে। পাছত ফাৰ্মাৰ মৃত্যুৰ পাছত তেওঁৰ পুত্ৰই এৰিথমেটিকাৰ কাষত লিখি থোৱা টোকাবোৰ সংগ্ৰহ কৰি প্ৰকাশ কৰে যদিও প্ৰথমাৱস্থাত সকলোৰে এই উপপাদ্যটোৰ প্ৰতি সন্দেহ আছিল।১৩ অৱশেষত ৩৫৮ বছৰ কাল গণিতজ্ঞসকলৰ অশেষ কষ্টৰ ফলত এই উপপাদ্যটোৰ এটা প্ৰমাণ পোৱা গ'ল। উপপাদ্যটোৰ প্ৰথম সফল প্ৰমাণ আগবঢ়াইছিল এণ্ড্ৰু ৱাইলছ নামৰ এগৰাকী গণিতজ্ঞই। ১৯৯৪ চনত আগবঢ়োৱা এই প্ৰমাণটো ১৯৯৫ চনত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। এই উপপাদ্যটোৰ প্ৰমাণ আগবঢ়োৱা বাবে ২০১৬ চনৰ ২৪ মে'ত গণিতৰ নোবেল বঁটা ৰূপে পৰিচিত এবেল বঁটাৰে এণ্ড্ৰু ৱাইলছক সন্মানিত কৰা হয়।৪১
গণিতৰ ইতিহাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ উপপাদ্যসমূহৰ ভিতৰত ফাৰ্মাৰ অন্তিম উপপাদ্য অন্যতম। গিনিছ বুক অব্ ৱৰ্ল্ড ৰেকৰ্ডছত এই উপপাদ্যটো "আটাইতকৈ কঠিন গাণিতিক সমস্যা" হিচাপে স্বীকৃতি লাভ কৰিছে। উল্লেখযোগ্য যে আটাইতকৈ বেছি অসফল প্ৰমাণ থকা উপপাদ্যটোও এইটোৱেই।৫
তথ্যসূত্ৰ
- ↑ পংকজ জ্যোতি মহন্ত. অশ্ৰুসিক্ত এণ্ড্ৰু ৱাইলছ মূক হৈ ৰোৱা মুহূৰ্তটো. গণিত চ'ৰা
- ↑ J J O'Connor, E F Robertson. Fermat's last theorem
- ↑ Nigel Boston,p.5 "THE PROOF OF FERMAT’S LAST THEOREM"
- ↑ The Abel Prize Laureate 2016
- ↑ (1995). The Guinness Book of World Records. Guinness Publishing Ltd
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ফাৰ্মাৰ অন্তিম উপপাদ্য” প্ৰবন্ধৰ সংশোধন ৪৬৯৮২৬ (৫ ফেব্ৰুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।