অৰ্থবিজ্ঞান বা অৰ্থতত্ত্ব (ইংৰাজী: Sementics) হৈছে ভাষাৰ অন্তৰ্গত ধ্বনি, ৰূপ, বাক্য আৰু অৰ্থৰ তাত্ত্বিক আৰু প্ৰণালীবদ্ধ অধ্যয়ন।১ ভাষা বিজ্ঞানৰ এই শাখাত মানুহে ভাব বিনিময়ৰ বাবে ব্যৱহাৰ কৰা বাক্যৰ অৰ্থ আৰু তাত প্ৰয়োগ কৰা শব্দৰ প্ৰসঙ্গ অনুযায়ী হোৱা বিভিন্ন অৰ্থৰ বিজ্ঞানসন্মত বিশ্লেষণ কৰা হয়। ‘অৰ্থবিজ্ঞান’ পদটো মূলতঃ ভাষাবিজ্ঞানৰ সৈতে জড়িত যদিও দৰ্শন, আৰু কম্পিউটাৰ বিজ্ঞানকে ধৰি কেইবাটাও সুকীয়া শাখাৰ উপক্ষেত্ৰক বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়।
অৰ্থবিজ্ঞানৰ ইংৰাজী প্ৰতিশব্দ ‘Sementics’ শব্দটো গ্ৰীক ভাষাৰ শব্দ ‘σῆμα (sema, "sign, mark, token")’ৰ২ ক্ৰীয়া ৰূপ ‘Semains’ৰ পৰা আহৰণ কৰা হৈছে। ‘Semains’ৰ অৰ্থ হৈছে - Signal (সংকেত), ‘mean’ (অৰ্থ), আৰু ‘signify’ (ধাৰণা)।
সংজ্ঞা
অৰ্থবিজ্ঞান হৈছে ভাষাৰ অৰ্থৰ অধ্যয়ন। ই এক পদ্ধতিগত অনুসন্ধান যিয়ে ভাষিক অৰ্থ কি আৰু ই কেনেকৈ উদ্ভৱ হয় সেয়া পৰীক্ষা কৰে। ইয়াত ৰূপক, শব্দ, খণ্ডবাক্য, বাক্য আৰু পাঠৰ দৰে বিভিন্ন স্তৰৰ পৰা অভিব্যক্তিসমূহ কেনেকৈ গঢ় লৈ উঠে আৰু গঠনকাৰীসমূহৰ অৰ্থই ইটোৱে সিটোক কেনেদৰে প্ৰভাৱিত কৰে, সেই বিষয়ে অনুসন্ধান কৰে।৩ অৰ্থবিজ্ঞানে সাধাৰণতে এটা নিৰ্দিষ্ট ভাষাৰ ওপৰত গুৰুত্ব দিয়ে যদিও বহল অৰ্থত ই সকলো ভাষাৰ বাবে প্ৰাসংগিক অৰ্থ গঠনৰ অনুসন্ধান কৰে।
তথ্যসূত্ৰ
- ↑ Partee, B. (1999) Semantics in R. A. Wilson and F. C. Keil (eds.) The MIT Encyclopedia of the Cognitive Sciences , Cambridge, MA: The MIT Press. 739–742
- ↑ Liddell & Scott. (1940). (global.oup.com/academic/product/a-greek-english-; A Greek–English Lexicon). Clarendon Press
- ↑ Allan 2009, পৃ. xi
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “অৰ্থবিজ্ঞান” প্ৰবন্ধৰ সংশোধন ৪৬১১৪৭ (২ জানুৱাৰী ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।