বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
এচিদ বৰষুণ
অম্লবৃষ্টি বা এচিড-বৰষুণ (Acid rain) বৰ্ত্তমান শতিকাৰ এক অন্যতম বিশ্বজনীন সমস্যা। কল-কাৰখানা আৰু উদ্যোগবিলাকত ব্যৱহাৰ হোৱা বিভিন্ন জৈৱিক ইন্ধনবিলাকৰ দহনৰ ফলত প্ৰচুৰ পৰিমাণৰ ছালফাৰ-ডাই-অক্সাইড, নাইট্ৰ'জেন অক্সাইড আৰু হাইড্ৰ'জেন ক্লৰাইড আদি গেছ বায়ুমণ্ডললৈ নিৰ্গত হয়।
-
এছবেষ্টছ
'এছবেষ্টছ' হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ, বিষাক্ত, কাৰ্চিনোজেনিক আৰু আঁহযুক্ত চিলিকেট খনিজৰ এটা গোট। ছয়টা প্ৰকাৰ আছে, যিবোৰৰ আটাইবোৰ দীঘল আৰু পাতল আঁহযুক্ত স্ফটিকৰদ্বাৰা গঠিত, প্ৰতিটো আঁহ (প্ৰস্থতকৈ যথেষ্ট বেছি দৈৰ্ঘ্যৰ সৈতে কণিকা) বহুতো সূক্ষ্ম "ফাইব্ৰিল"ৰদ্বাৰা গঠিত যাক ঘৰ্ষণ আৰু অন্যান্য…
-
ক'লা ৰাজহাঁহ তত্ত্ব
ক'লা ৰাজহাঁহ তত্ত্ব বা ক'লা ৰাজহাঁহজনিত ঘটনাৰ তত্ত্ব (black swan theory/theory of black swan events) হৈছে এনে এটা ৰূপক, যাক আকস্মিকভাৱে উদ্ভৱ হোৱা ঘটনা এটাক বুজাবলৈ ব্যৱহাৰ কৰা হয় যিটো ঘটনা নঘটালৈকে তাৰ অস্তিত্ব নাই বুলিয়েই ভবা হয়।
-
কম্পিউটেবিলিটি থিয়ৰী
কম্পিউটাৰ বিজ্ঞানৰ এই বিভাগৰ অধীনত সংগণনৰ বা কম্পিউটেশ্যনৰ বিভিন্ন গাণিতীক আৰ্হি আৰু ইহঁতক ব্যৱহাৰ কৰি সমাধান কৰিব পৰা সমস্যাবোৰৰ সম্পৰ্কে অধ্যয়ন কৰা হয়। অসমীয়া ভাষাত ইয়াক সংগণনশীলতা তত্ব বুলিব পৰা যায়।
-
কাৰ্যপালিকা
কাৰ্য্যপালিকা(Executive (Government)) হৈছে চৰকাৰৰ এটা অংশ যিয়ে আইন কাৰ্যকৰী বা বলবৎ কৰে।গণতান্ত্ৰিক শাসন ব্যৱস্থাত কাৰ্যপালিকাক চৰকাৰ এটা অপৰিহাৰ্য অংগ বুলি গন্য কৰা হয়।
-
কোষ তত্ত্ব
জীৱবিজ্ঞানত কোষ তত্ত্ব প্ৰথমবাৰৰ বাবে ঊনবিংশ শতিকাৰ মাজভাগত প্ৰণয়ন কৰা এটা বৈজ্ঞানিক তত্ত্ব, যিয়ে কয়, জীৱিত জীৱবোৰ কোষেৰে গঠিত, ইহঁত সকলো জীৱৰ মূল গাঁথনিগত/সাংগঠনিক একক, আৰু সকলো কোষ পূৰ্বতে থকা কোষৰ পৰা আহে। কোষ সকলো জীৱৰ গঠনৰ মূল একক আৰু লগতে প্ৰজননৰ মৌলিক একক।
-
ক্ৰীড়া মনোবিজ্ঞান
ক্ৰীড়া মনোবিজ্ঞানক (Sport Psychology) ১৯৯৬ চনত ইউৰোপীয় ক্ৰীড়া ফেডাৰেচনে ক্ৰীড়াৰ মানসিক ভিত্তি, প্ৰক্ৰিয়া আৰু প্ৰভাৱৰ অধ্যয়ন বুলি সংজ্ঞায়িত কৰিছিল।অন্যথা ক্ৰীড়াক যিকোনো শাৰীৰিক কাৰ্য্যকলাপ হিচাপে গণ্য কৰা হয় য'ত ব্যক্তিসকলে প্ৰতিযোগিতা আৰু স্বাস্থ্যৰ বাবে জড়িত হয়।
-
গাণিতিক প্ৰমাণ
গাণিতিক প্ৰমাণ, যুক্তি-তৰ্কৰ ওপৰত নিৰ্ভৰ কৰি গাণিতিক উক্তি এটিৰ সত্যতা সাব্যস্ত কৰা পদ্ধতিক গাণিতিক প্ৰমাণ বুলি কোৱা হয়। এই যুক্তিয়ে ইতিমধ্যে প্ৰমাণিত যিকোনো উক্তি বা তত্বক সমল হিচাপে ব্যৱহাৰ কৰিব পাৰে।
-
ঘাতবল
ধ্ৰুপদী বলবিজ্ঞানত, ঘাতবল(J) হৈছে সময়ৰ সাপেক্ষে বলৰ অনুকল( integral)। ⟨J = \int F \,\mathrm{d}t⟩ যিহেতু বল এটা ভেক্টৰ ৰাশি, ঘাতবলো এটা ভেক্টৰ ৰাশি। এছ আই একক হৈছে নিউটন ছেকেণ্ড। অন্য ইংৰাজ আভিযান্ত্ৰিক একক কিছুমান হৈছে পাউণ্ড-ছেকেণ্ড আৰু শ্লাগ-ফুট প্ৰতি ছেকেণ্ড। ⟨J = F_{\text{average}} (t_2 - t_1)⟩
-
ঘাতাংক
ঘাতাংক (Logarithm) হৈছে গণিতৰ ক্ষেত্ৰ খনৰ সূচকৰ বিপৰীত প্ৰক্ৰিয়া। অৰ্থাৎ কোনো সংখ্যাৰ ঘাতাংক হ'ল সেই সূচক যাক এটি নিৰ্ধাৰিত মানৰ, (ভিত্তি) ঘাত হিচাপে উন্নীত কৰিলে প্ৰথমোক্ত সংখ্যাটি পোৱা যায়। সাধাৰণ ক্ষেত্ৰত ঘাতাংকই এটা সংখ্যা (ভিত্তি) কিমানবাৰ গুণ কৰা হ'ল সেয়া গণনা কৰে।
-
চিৰ’কো
চিৰ’কো বা চিৰ’ক্কো মানে চাহাৰা মৰুভূমিৰ পৰা বৈ অহা ভূমধ্যসাগৰীয় এক বতাহৰ নাম আৰু ই উত্তৰ আফ্ৰিকা আৰু দক্ষিণ ইউৰোপত বিশেষকৈ গ্ৰীষ্মকালত হাৰিকেনৰ গতি লাভ কৰিব পাৰে।
-
চেণ্ট্ৰেল প্ৰচেছিং ইউনিট
চেণ্ট্ৰেল প্ৰচেছিং ইউনিট (CPU), যাক চেণ্ট্ৰেল প্ৰচেছৰ, মূল প্ৰচেছৰ, বা কেৱল প্ৰচেছৰ বোলা হয়, এটা কম্পিউটাৰত থকা মুখ্য প্ৰচেছৰ। ইয়াৰ ইলেক্ট্ৰনিক চৰ্কিটই কম্পিউটাৰ প্ৰগ্ৰামৰ নিৰ্দেশসমূহ—যেনে গাণিতিক কাৰ্য, যুক্তি, নিয়ন্ত্ৰণ, আৰু ইনপুট/আউটপুট (I/O) কাৰ্য—সম্পাদন কৰে।
-
ছাৰা হামিদ আহমেদ
ছাৰা হামিদ আহমেদ (ইংৰাজী: Saarah Hameed Ahmed; জন্ম: ২২ এপ্ৰিল ১৯৮৯) কৰ্ণাটকৰ বাংগালুৰুৰ এগৰাকী ভাৰতীয় পাইলট। ২০১৫ চনৰ মাৰ্চ মাহলৈকে তেওঁ স্পাইচজেটত কাম কৰিছিল।
-
জেম্ছ ৱেব স্পে’চ টেলিস্কোপ
জেম্ছ ৱেব স্পে’চ টেলিস্কোপ (James Webb Space Telescope, JWST, জেম্ছ ৱেব মহাকাশ দূৰবীন) হৈছে ইউৰোপীয় মহাকাশ সংস্থা (ESA) আৰু কানাডিয়ান স্পে’চ এজেঞ্চী (CSA)ৰ অৱদানৰ সৈতে নাছাৰ দ্বাৰা নিৰ্মিত এক বিশাল মহাকাশ দূৰবীক্ষণ যন্ত্ৰ।
-
টাউ (সংখ্যা)
টাউ (τ) এটি অপৰিমেয় সংখ্যা। টাউৰ মূল্য কোনো কোনোৱে π/২ বুলি গণ্য কৰে আৰু কোনো কোনোৱে ২π বুলি।
-
টেক্ট'নিক প্লেট
টেক্টনিক প্লেট বা শৈলমণ্ডলীয় ফলক হৈছে মহাদেশীয় আৰু সাগৰীয় শিলামণ্ডল গঠিত কৰা কঠিন শিলৰ বিশাল, অনিয়মিত আকৃতিৰ ফলকসমূহ। শৈলমণ্ডলীয় ফলকৰ ধাৰণাটো ফলক বিবৰ্তনবাদ সূত্ৰৰ লগত জড়িত। এই বৈজ্ঞানিক সূত্ৰৰ মতে পৃথিৱীৰ খোলাটো বহুতো ফলকেৰে গঠিত আৰু এই ফলকসমূহ বিভিন্ন দিশত গতি কৰি থাকে।
-
ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্য
ডিজিটেল মিডিয়াৰ ব্যৱহাৰ আৰু মানসিক স্বাস্থ্যৰ মাজত থকা সম্পৰ্কটোক বিগত সময়ত বহুতো গৱেষক; বিশেষকৈ মনোবিজ্ঞানী, সমাজবিজ্ঞানী, নৃতত্ত্ববিদ আৰু স্বাস্থ্য-বিশেষজ্ঞসকলে অধ্যয়ন কৰিছে। অধ্যয়নৰ ব্যাপকতা ১৯৯০ৰ মধ্যভাগৰ পৰা বাঢ়িবলৈ ধৰে, যেতিয়া ৱৰ্ল্ড ৱাইড ৱেবৰ প্ৰসাৰ-প্ৰচাৰে জনপ্ৰিয়তা লাভ কৰে।
-
তুলনামূলক মনোবিজ্ঞান
তুলনামূলক মনোবিজ্ঞানে (Comparative psychology) অ-মানৱ প্ৰাণীৰ (Non-Human Animals) আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বৈজ্ঞানিক অধ্যয়নক বুজায়, বিশেষকৈ যিহেতু এইবোৰ বংশগত ইতিহাস, অভিযোজিত তাৎপৰ্য্য আৰু আচৰণৰ বিকাশৰ সৈতে জড়িত।
-
দয়া
দয়া (Kindness) হ'ল বিনিময়ত প্ৰশংসা বা পুৰস্কাৰ আশা নকৰি উদাৰতা, বিবেচনা, আনক সহায় কৰা, আনৰ প্ৰতি চিন্তা কৰা আদি গুণৰ বৈশিষ্ট্যপূৰ্ণ এক প্ৰকাৰৰ আচৰণ৷ ই দৰ্শন, ধৰ্ম, মনোবিজ্ঞান আদিৰ আগ্ৰহৰ বিষয়। ইয়াক নিজৰ বা আন মানুহৰ প্ৰতি নিৰ্দেশিত কৰিব পাৰি, আৰু একাধিক ভিন্ন প্ৰজাতি আৰু সংস্কৃতিত ই উপস্থিত।
-
ধনু(মাহ)
ধনু, ধনুস বা ধনুৰ্মাস (धनुर्मास) হিন্দু পঞ্জিকা, মালয়ালম পঞ্জিকা আৰু অন্যান্যৰ এটা মাহ। ই ধনু ৰাশিৰ সৈতে মিলে আৰু গ্ৰেগ’ৰিয়ান কেলেণ্ডাৰত ডিচেম্বৰৰ দ্বিতীয়াৰ্ধ আৰু জানুৱাৰী মাহৰ প্ৰায় প্ৰথমাৰ্ধৰ সৈতে দুয়োটা মাহত পৰে।
-
ধাতুবিজ্ঞান
ধাতুবিজ্ঞান, যিয়ে ধাতুৰ বিজ্ঞান আৰু প্ৰযুক্তি দুয়োটাকে সামৰি লয়, য'ত ধাতুৰ উৎপাদন আৰু গ্ৰাহক আৰু নিৰ্মাতা উভয়ৰে বাবে সামগ্ৰীত ব্যৱহৃত ধাতুৰ উপাদানৰ অভিযান্ত্ৰিকীকৰণ অন্তৰ্ভুক্ত। ধাতুবিদ্যা ধাতুৰ কামৰ শিল্পৰ পৰা পৃথক।
-
নাইট্ৰজেনৰ অভাৱ
উদ্ভিদত নাইট্ৰজেনৰ অভাৱ কেতিয়াবা পৰিলক্ষিত হয়। উচ্চ কাৰ্বনযুক্ত জৈৱিক পদাৰ্থ যেনে কাঠৰ গুড়ি মাটিত যোগ কৰিলে এনে হ'ব পাৰে। মাটিত থকা জীৱই কাৰ্বনৰ উৎস ভাঙিবলৈ উপলব্ধ যিকোনো নাইট্ৰজেন ব্যৱহাৰ কৰে, যাৰ ফলত উদ্ভিদৰ বাবে নাইট্ৰজেন উপলব্ধ নহয়। ইয়াক মাটিৰপৰা নাইট্ৰজেন "লুট" বুলি জনা যায়।
-
নাৰী মনোবিজ্ঞান
নাৰী মনোবিজ্ঞান (ইংৰাজী: Feminine psychology) বা মহিলাৰ মনোবিজ্ঞান হ’ল এক দৃষ্টিভংগী যিয়ে মহিলাসকলে তেওঁলোকৰ সমগ্ৰ জীৱনত সন্মুখীন হোৱা সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক বিষয়সমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
-
নাৰীবাদী নৃতত্ত্ব
নাৰীবাদী নৃতত্ত্ব (Feminist anthropology) হৈছে নৃতত্ত্বৰ চাৰি ক্ষেত্ৰৰ দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত৷ সেইকেইটা হৈছে: প্ৰত্নতাত্ত্বিক, জৈৱিক, সাংস্কৃতিক, আৰু ভাষিক।
-
পদাৰ্থ বিজ্ঞানৰ ইতিহাস
দৰ্শনৰ পৰা ক্ৰমাৎ বিজ্ঞানৰ বিভিন্ন ভাগ সমূহ উৎপত্তি হোৱাৰ সময়ত পদাৰ্থ বিজ্ঞান (ফিজিক্স) শব্দটোৱে প্ৰাকৃতিক দৰ্শন বুজাইছিল, অৰ্থাৎ এই বিষয়ত প্ৰকৃতিয়ে কেনেদৰে কাম কৰে তাৰ বিষয়ে অধ্যয়ন কৰা হৈছিল।
-
পাৰমাণবিক শক্তি
পাৰমাণবিক শক্তি বা নিউক্লিয়াৰ শক্তি হৈছে নিউক্লিয়াৰ প্ৰতিক্ৰিয়া ব্যৱহাৰ কৰি বিদ্যুৎ উৎপাদন কৰাৰ পদ্ধতি। নিউক্লিয়াৰ শক্তি নিউক্লিয়াৰ ফিছন, নিউক্লিয়াৰ ক্ষয় আৰু নিউক্লিয়াৰ ফিউজনৰ পৰা লাভ কৰিব পৰা যায়।
-
পুনৰ্বসু
পুনৰ্বসু হিন্দু জ্যোতিষত এক নক্ষত্ৰ; ই মিথুন ৰাশিৰ দুটা উজ্জ্বল নক্ষত্ৰ - কেষ্টাৰ আৰু প'লাক্সক বুজোৱা এটা তৰা।
-
পূৰ্ব ফাল্গুনী
পূৰ্ব ফাল্গুনী ( पूर्व फाल्गुनी) হিন্দু জ্যোতিষ শাস্ত্ৰৰ একাদশ নক্ষত্ৰ (এটা চন্দ্ৰ ভৱন)। ই সিংহ ৰাশিৰ ১৩°২০′ৰপৰা ২৬°৪০′লৈকে বিস্তৃত আৰু ইয়াৰ পিছত আছে উত্তৰ ফাল্গুনী।
-
প্ৰবল আন্তঃক্ৰিয়া
প্ৰবল আন্তঃক্ৰিয়া বা বলিষ্ঠ নিউক্লিয়াৰ বল হ'ল 'নিউক্লীয় পদাৰ্থবিজ্ঞান' আৰু 'কণিকা পদাৰ্থ বিজ্ঞান'ত থকা চাৰিটা পৰিচিত মূল আন্তঃক্ৰিয়াৰ এটা। এইটোৱে কোৱাৰ্কক প্ৰ'টন, নিউট্ৰন আৰু আন হেড্ৰন কণিকাত সংগঠিত কৰে আৰু নিউট্ৰন আৰু প্ৰ'টনক সংযোজিত কৰি পৰমাণু কেন্দ্ৰসমূহ গঠন কৰে, য'ত ইয়াক 'নিউক্লিয়াৰ বল'…
-
বলকান শপত গ্ৰহণ কৰা কুমাৰী
বলকান শপত গ্ৰহণ কৰা কুমাৰী বুলিলে উত্তৰ আলবেনীয় সমাজ, কছোভো আৰু মণ্টেনিগ্ৰোত পুৰুষ হিচাপে জীয়াই থাকিবলৈ সতীত্বৰ প্ৰতিজ্ঞা লোৱা মহিলা সকলক বুজোৱা হয়। তেওঁলোকে নিজৰ পুৰুষতান্ত্ৰিক সমাজত পুৰুষৰ পোছাক পৰিধান কৰি বসবাস কৰে।