
বতাহ শক্তি বা বায়ু শক্তি (Wind Energy) হৈছে বায়ু টাৰ্বাইনৰ যোগেৰে যান্ত্ৰিক শক্তি প্ৰদান কৰি বৈদ্যুতিক জেনেৰেটৰ ঘূৰাবলৈ কৰা বায়ুৰ ব্যৱহাৰ। বায়ু শক্তি হৈছে এক জনপ্ৰিয় বহনক্ষম, নৱীকৰণযোগ্য উৎস যি জীৱাশ্ম ইন্ধনৰো এক উৎকৃষ্ট বিকল্প৷ কাৰণ জীৱাশ্ম ইন্ধনত প্ৰদূষণ অধিক হয়৷
বতাহ শক্তি উৎপাদন-স্থলীত বহুকেইটা গাইগুটীয়া বায়ু টাৰ্বাইন থাকে৷ এই টাৰ্বাইনবোৰ বৈদ্যুতিক শক্তি সংবহন নেটৱৰ্কৰ লগত জড়িত হৈ থাকে৷ সমুদ্ৰতীৰৰ সমীপৰ বতাহ বা উপকূলৱৰ্তী বতাহ (Onshore Wind) হৈছে বৈদ্যুতিক শক্তিৰ এক সুলভ উৎস৷ বহু ক্ষেত্ৰত কয়লা আৰু গেছ উৎপাদনৰ তুলনাত এই শক্তি কম মূল্যৰ৷ আনহাতে উপকূলৰ পৰা দূৰত থকা বা Offshore wind হৈছে অধিক স্থিৰ আৰু শক্তিশালী৷ অৱশ্যে এনেধৰণৰ উৎপাদন-স্থলী গঢ়া আৰু তাৰ পৰিচালনা-ব্যয় তাৎপৰ্যপূৰ্ণভাৱে বেছি৷ উপকূলৱৰ্তী বতাহস্থলী সমূহে গ্ৰীডলৈ কিছু শক্তিৰ যোগান ধৰিব পাৰে৷
বতাহ শক্তি সকলো সময়তে উপলব্ধ নহয়৷ সেয়েহে চাহিদা অনুসাৰে ইয়াক যোগান ধৰিব নোৱাৰি৷ স্থানীয়ভাৱে, এই শক্তি পৰিবৰ্তনশীল, যি বছৰ-বছৰ ধৰি ধাৰাবাহিক শক্তিৰ যোগান ধৰে৷ কিন্তু কম সময়ৰ ক্ষেত্ৰত এই শক্তিৰ যথেষ্ট তাৰতম্য হয়। সেয়েহে, এক নিৰ্ভৰযোগ্য যোগানৰ বাবে ইয়াক আন শক্তি উৎসৰ সৈতে একেলগে ব্যৱহাৰ কৰা উচিত৷
পৰিসংখ্যা
২০১৯ চনত প্ৰকাশিত হোৱা গোলকীয় বতাহ শক্তি প্ৰতিবেদন মতে, ২০১৯ চনত সমগ্ৰ বিশ্বজুৰি ৬০.৪ গিগাৱাট বতাহ শক্তি সংস্থাপিত কৰা হৈছে৷ ২০১৮ চনতকৈ বতাহ শক্তিৰ সংস্থাপিত ক্ষমতা প্ৰায় ১৯ শতাংশ বাঢ়িছে৷ প্ৰতিবেদন মতে, বতাহ শক্তিৰ ইতিহাসত এই বছৰটোৱে দ্বিতীয় শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়ায়৷ বিশ্বত বতাহ শক্তিৰ ক্ষমতা হৈছেগৈ ৬৫১ গিগাৱাটতকৈও বেছি৷ ২০১৮ চনতকৈ দহ শতাংশ বেছি৷ চীন আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই উপকূলৱৰ্তী বতাহ শক্তিৰ বজাৰখনত নিজৰ শীৰ্ষতম স্থান অক্ষুণ্ন ৰাখে৷ ২০১৯ চনত এই দুয়োখন ৰাষ্ট্ৰই মিলি ৬০% তকৈও অধিক নতুন শক্তি সংস্থাপিত কৰিলে৷ ১
ভাৰতৰ বতাহ শক্তি
বতাহ শক্তি উৎপাদনকাৰী দেশৰ তালিকাত ভাৰতৰ স্থান চতুৰ্থ৷ ২০১৯ চনৰ ৩১ মাৰ্চলৈকে ভাৰতৰ সংস্থাপিত ক্ষমতা আছিল ৩৫.৬ গিগাৱাট৷ ২০১৭-১৮ বৰ্ষত ভাৰতে প্ৰায় ৫২.৬৬ বিলিয়ন ইউনিট শক্তি বতাহৰ পৰা উৎপাদন কৰে৷ ভাৰত চৰকাৰৰ নব্য আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰণালয়ৰ ৱেবছাইটত এই তথ্য প্ৰকাশিত হৈছে৷ বতাহ শক্তিৰ উৎপাদনৰ ক্ষেত্ৰখনত গুজৰাট আৰু তামিলনাডুৰ সম্ভাৱনা আৰু সামৰ্থ্য বাকীবোৰ ৰাজ্যৰ তুলনাত অধিক৷ ২
ভাৰত প্ৰায় ৭,৬০০ কিলোমিটাৰজোৰা উপকূলীয় ৰেখাৰে আবৃত্ত আৰু এই ৰেখাই ভাৰতৰ তিনিটা দিশ স্পৰ্শ কৰি আছে৷ উপকূল-দূৰৱৰ্তী বতাহ শক্তি উৎপাদনৰ ক্ষেত্ৰতো ভাৰতৰ সম্ভাৱনা প্ৰচুৰ৷ এই বিশেষ দিশটো বিবেচনা কৰি ভাৰত চৰকাৰে ২০১৫ চনৰ ৬ অক্টোবৰত National offshore wind energy policy (ৰাষ্ট্ৰীয় উপকূল-দূৰৱৰ্তী বতাহ শক্তি নীতি) প্ৰকাশ কৰে৷ ২
তথ্যসূত্ৰ
- ↑ Global Wind Report 2019. GWEC
- ↑ Overview. MNRE, India
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বতাহ শক্তি” প্ৰবন্ধৰ সংশোধন ৪৯১৫৫১ (১৪ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।