বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
ধাতু
ধাতু হৈছে খুব দ্ৰুত গতিত আয়ন সৃষ্টি কৰিব পৰা কিছুমান মৌলিক পদাৰ্থ। ধাতুৰ ৰাসায়নিক বন্ধনক ধাতব বন্ধন বোলে।
-
শুক্ৰাণু
শুক্ৰাণু ( pl.: শুক্ৰাণু বা শুক্ৰাণু ) হৈছে যৌন প্ৰজননৰ বিষমধৰ্মী ৰূপত থকা পুৰুষ প্ৰজনন কোষ বা গেমেট (যি ৰূপত এটা ডাঙৰ, স্ত্ৰী প্ৰজনন কোষ আৰু এটা সৰু, পুং প্ৰজনন কোষ থাকে)। জীৱ-জন্তুৱে নেজযুক্ত গতিশীল শুক্ৰাণু উৎপন্ন কৰে। আনহাতে কিছুমান ৰঙা শেলাই আৰু ভেঁকুৰে অচল শুক্ৰাণু কোষ উৎপন্ন কৰে।
-
ঋতু
ঋতু (Season) বছৰৰ এটি খণ্ডবিশেষ। সচৰাচৰ স্থানীয় বতৰ আৰু জলবায়ুৰ ওপৰত ভিত্তি কৰি ঋতু বিভাজন কৰা হয়। বিশ্বৰ অধিকাংশ দেশত বসন্ত (Spring), গ্ৰীষ্ম (Summer), শৰৎ (Autumn-ব্ৰিটিছ, Fall-আমেৰিকান) আৰু শীত (Winter) - এই চাৰিটা প্ৰধান ঋতু দেখা যায়।
-
জনপ্ৰব্ৰজন
মানুহে স্থায়ী বা অস্থায়ীভাৱে বাসস্থান সলাই এঠাইৰ পৰা আন এঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন (Human migration) বোলে। সহজ অৰ্থত জনপ্ৰব্ৰজন হৈছে এজন বা তাতোধিক ব্যক্তিয়ে যেতিয়া স্থায়ীৰূপে নাইবা দীৰ্ঘদিনৰ বাবে এখন ঠাইৰ পৰা আন এখন ঠাইলৈ বাসস্থান সলনি কৰে।
-
জুল
জুল (ইংৰাজী: Joule) হৈছে আন্তৰ্জাতিক একক প্ৰণালীত শক্তিৰ একক। এক নিউটন বল প্ৰয়োগ কৰি কোনো বস্তু বলৰ দিশত এক মিটাৰ সৰণ ঘটালে হোৱা কাৰ্য্যৰ পৰিমাণ অথবা শক্তি হৈছে এক জুল (এক নিউটন মিটাৰ)।
-
তাৰকাৰাজ্য
তাৰকাৰাজ্য (Galaxy) হৈছে মহাকৰ্ষণ শক্তিৰ দ্বাৰা আবদ্ধ এটি অতি বৃহৎ সুশৃঙ্খল ব্যৱস্থা যি তৰা, আন্তঃনাক্ষত্ৰিক গেছ আৰু ধূলিকণা, প্লাজমা তথা প্ৰচুৰ পৰিমাণে অদৃশ্য বস্তুৰ (কৃষ্ণ পদাৰ্থ) দ্বাৰা গঠিত।
-
ত্বৰণ
সময়ৰ লগত বেগৰ পৰিবৰ্তনৰ হাৰক পদাৰ্থ বিজ্ঞানত ত্বৰণ (ইংৰাজী: Acceleration) বুলি কোৱা হয়। একমাত্ৰিক স্থানত, ত্বৰণ হৈছে বস্তু এটাৰ দ্ৰুতিৰ বৃদ্ধিৰ নাইবা হ্ৰাসৰ হাৰ। যিহেতু বেগ হ’ল এবিধ ভেক্টৰ, গতিকে বেগৰ মান আৰু দিশ দুয়োটাৰে পৰিবৰ্তনৰ হাৰকে ত্বৰণে সূচায়। ত্বৰণৰ মাত্ৰা হৈছে L T −2।
-
পুষ্টিকাৰক
পুষ্টিকাৰক বা পুষ্টি দ্ৰব্য (ইংৰাজী: Nutrient) হৈছে জীৱন ধাৰণ আৰু বৃদ্ধিৰ বাবে জীৱই গ্ৰহণ কৰা কিছুমান অতি প্ৰয়োজনীয় খাদ্যৰ উপাদান। স্থূলপোষকবোৰে জীৱৰ পৰিপাক ক্ৰিয়াৰ বাবে শক্তি প্ৰদান কৰে, আনহাতে সূক্ষ্মপোষকবোৰে পৰিপাক ক্ৰিয়াত কাৰক হিচাপে কাম কৰে। দুয়োবিধ পুষ্টিদ্ৰব্য পৰিৱেশৰ পৰাই আহৰণ কৰা হয়।
-
প্ৰতিদেহ
প্ৰতিদেহ, প্ৰতিৰক্ষী বা এণ্টিবডি হ'ল দেহে বহিৰাগত পদাৰ্থৰ বা প্ৰতিৰক্ষা-উদ্দীপকৰ (প্ৰতিজন) উপস্থিতিৰ প্ৰত্যুত্তৰ হিচাপে দেহৰ প্ৰতিৰক্ষা তন্ত্ৰৰ দ্বাৰা উৎপন্ন এক প্ৰকাৰৰৰ প্ৰতিৰক্ষামূলক প্ৰ'টিন জাতীয় পদাৰ্থ।
-
মৌচুমী বায়ু
মৌচুমী বতাহ সাধাৰণতে ঋতুচৰিত্ৰ অনুসৰি দিশ সলনি কৰা বতাহক বুজায়, যাৰ সৈতে বৰষুণৰ পৰিৱৰ্তন হয়। বৰ্তমানে এই শব্দটো বায়ুমণ্ডলীয় চলাচল আৰু বৰষুণৰ ঋতুগত পৰিৱৰ্তনৰ বৰ্ণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়, যি Intertropical Convergence Zone (ITCZ)-ৰ উত্তৰ আৰু দক্ষিণ সীমাৰ মাজত বাৰ্ষিক স্থানান্তৰৰ লগত সংযুক্ত।
-
ৰাজ্য (জীৱবিজ্ঞান)
জীৱবিজ্ঞানত, ৰাজ্য বা জগত ( English: Kingdom, Latin: regnum, pl. regna ) অধিজগতৰ তলতেই বৰ্গীকৰণৰ দ্বিতীয় উচ্চ স্থানত অৱস্থান কৰিছে। ৰাজ্য সমূহক পৰ্ব নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে।
-
ৰাসায়নিক যৌগ
ৰাসায়নিক যৌগ হৈছে দুটা বা তাতোধিক ভিন্ন মৌল ৰাসায়নিক বন্ধনৰ দ্বাৰা লগলাগি সৃষ্টি হোৱা এক গঠন। মৌলবোৰ কিদৰে লগলাগে তাৰ ভিত্তিত চাৰি প্ৰকাৰৰ যৌগ গঠিত হয়: সহযোজী বান্ধনিৰ দ্বাৰা, লৱনসমূহ আয়নিয় বান্ধনিৰ দ্বাৰা, ধাতু সমূহ ধাতৱ বান্ধনিৰ দ্বাৰা আৰু কিছুমান জটিল যৌগ সমন্বয়ী সহযোজী বান্ধনিৰ দ্বাৰা।
-
ক্ৰমবিকাশ
ক্ৰমবিকাশ বা বিবৰ্তন (Evolution) হৈছে জীৱসমষ্টিৰ পৰৱতী প্ৰজন্মত হোৱা বংশগত বৈশিষ্টসমূহৰ পৰিবৰ্তন। ক্ৰমবিকাশে প্ৰজাতি, একক জীৱ নাইবা আনৱিক, যিকোনো পৰ্যায়ৰ জৈৱিক সংগঠনত বিচিত্ৰতাৰ সৃষ্টি কৰে। প্ৰায় ৩৫০-৩৮০ নিযুত বছৰ আগৰ এটা অন্তিম সাৰ্বজনিক পূৰ্বজৰ পৰাই বৰ্তমান জীৱনৰ বিচিত্ৰতাৰ সৃষ্টি হৈছিল।
-
চন্দ্ৰযান-৩
চন্দ্ৰযান-৩ হৈছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা চন্দ্ৰত অনুসন্ধানৰ বাবে প্ৰস্তুত কৰা তৃতীয় চন্দ্ৰ অভিযান। ইয়াত চন্দ্ৰযান-২ৰ দৰেই এখন লেণ্ডাৰ আৰু এখন ৰ’ভাৰ আছে, কিন্তু ইয়াত অৰবিটাৰ নাই।
-
জলবিদ্যুৎ
জলবিদ্যুৎ (Hydroelectricity) হৈছে জলশক্তিৰ পৰা উৎপাদন হোৱা বিদ্যুৎ। ২০১৫ চনৰ তথ্য মতে, পৃথিৱীৰ সৰ্বমুঠ বিদ্যুৎ উৎপাদনৰ প্ৰায় ১৬.৬%য়েই হৈছে জলবিদ্যুৎ। আনহাতে, নৱীকৰণযোগ্য বৈদ্যুতিক শক্তিৰ প্ৰায় ৭০%য়েই হৈছে জলবিদ্যুৎ।
-
জ্যোতি ভাৰতী
জ্যোতি ভাৰতী বা পকী হ'ল ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ পিতৃগৃহ। মহাত্মা গান্ধী, মতিলাল নেহৰু, জৱাহৰলাল নেহৰুকে আদি কৰি বহুকেইজন বিশিষ্ট স্বাধীনতা সংগ্ৰামীয়ে জ্যোতি ভাৰতীত পদাৰ্পণ কৰিছিল। এই 'পকী' বা জ্যোতি ভাৰতীৰ স্থাপত্য আৰু নিৰ্মাণশৈলী ৰাজস্থানী আৰু আহোম যুগৰ শৈলীৰ সংমিশ্ৰণত গঢ়ি উঠিছে।
-
ধ্বনিতত্ত্ব
ধ্বনিতত্ত্ব (Phonology) হৈছে ভাষাবিজ্ঞানৰ এটা শাখা য'ত ভাষা বিশেষত ব্যৱহাৰ হোৱা ধ্বনিসমূহ কি, কেনেদৰে, ক'ত আৰু কিহৰ সহায়ত উচ্চাৰণ কৰা হয়, এটা ধ্বনিগুণ আন এটা ধ্বনিতকৈ কিয় বেলেগ ইত্যাদি কথাবোৰ শৃঙ্খলাৱদ্ধ বিশ্লেষণ সামৰি লোৱা হয়।
-
নিউট্ৰন
নিউট্ৰন হৈছে এটা উপ-পাৰমাণৱিক কণা (চিহ্ন- অথবা ), যাৰ কোনো বৈদ্যুতিক আধান নাই, আৰু ইয়াৰ ভৰ প্ৰ'টনতকৈ সামান্য বেছি। প্ৰ'টন আৰু নিউট্ৰনে পৰমাণুৰ নিউক্লিয়াছ গঠন কৰে। যিহেতু নিউক্লিয়াছৰ ভিতৰত প্ৰ'টন আৰু নিউট্ৰনৰ আচৰণ একে, সেয়েহে ইহঁত দুয়োটাক নিউক্লিয়ন বুলি কোৱা হয়।
-
নৃতত্ত্ব
নৃতত্ত্ব (Anthropology) হৈছে মানৱজাতিৰ বৈজ্ঞানিক অধ্যয়ন যিয়ে জীৱবিজ্ঞান আৰু সমাজবিজ্ঞানক সংযোগ কৰে। ই অতীত আৰু বৰ্তমান উভয় সময়ৰে মানৱ আচৰণ, মানৱ জীৱবিজ্ঞান, সংস্কৃতি, সমাজ আৰু ভাষা বিজ্ঞানৰ লগতে প্ৰাচীন মানুহৰ বিষয়েও আলোচনা কৰে।
-
প্ৰব্ৰজন
পৰিস্থিতি বিজ্ঞানৰ অনুসৰি প্ৰব্ৰজন অথবা পৰিভ্ৰমণ (Migration) বুলিলে কোনো এক প্ৰজাতিৰ জীৱৰ বৃহৎ সংখ্যক সদস্যই এক পৰিবেশৰ পৰা ভিন্ন এক পৰিবেশলৈ স্থানান্তৰ হোৱাৰ প্ৰক্ৰিয়াটোক বুজায়। প্ৰব্ৰজন হৈছে এক প্ৰাকৃতিক আচৰণ (natural behaviour) আৰু চলমান জীৱৰ বহুসংখ্যক প্ৰজাতিৰ জীৱনচক্ৰৰ গুৰুত্বপূৰ্ণ অংশ।
-
য়ুৰি গেগেৰিন
য়ুৰি এলেক্সিয়েভিচ গেগেৰিন (Yuri Alekseyevich Gagarin) (Ю́рий Алексе́евич Гага́рин; ৯ মাৰ্চ ১৯৩৪ - ২৭ মাৰ্চ ১৯৬৮) এগৰাকী ছ'ভিয়েট দেশীয় বৈমাণিক আৰু মহাকাশচাৰী। এখেত মহাকাশলৈ যোৱা প্ৰথম মানৱ। ভস্তক-১ মহাকাশযানত গেগেৰিনে ১৯৬১ চনৰ ১২ এপ্ৰিল তাৰিখে পৃথিৱীৰ চাৰিওফালে এটা কক্ষপথত পৰিভ্ৰমণ সম্পূৰ্ণ কৰে।
-
সৌৰ শক্তি
নৱীকৰণযোগ্য অন্যতম শক্তি হৈছে সৌৰশক্তি, ইয়াৰ উৎস হৈছে সূৰ্য। সূৰ্যৰ দ্বাৰা বিকিৰণ হোৱা ফ’টন কণাক (UV) সৌৰকোষ নামৰ আৰ্হিৰ দ্বাৰা আবদ্ব কৰি নিৰ্দিষ্ট পদ্বতিৰে বিদ্যুৎ শক্তিলৈ ৰূপান্তৰ কৰা হয়।
-
হিলিয়াম
হিলিয়াম পৰ্যাবৃত্ত তালিকাৰ ২য় মৌল। ইয়াৰ প্ৰতীক He। ই পৰ্যাবৃত্ত তালিকাৰ ১ম পৰ্যায়ৰ শূন্য শ্ৰেণীত অৱস্থিত। ওজনৰ দিশত ই দ্বিতীয়;- মৌলিক পদাৰ্থৰ মধ্যত একমাত্ৰ হাইড্ৰ'জেন ইয়াতকৈ পাতল। হিলিয়াম এটি বৰ্ণহীন, গন্ধহীন আৰু স্বাদহীন নিষ্ক্ৰিয় গেছ। এই মৌলিক পদাৰ্থৰ পাৰমাণবিক সংখ্যা ২।
-
চন্দ্ৰযান-২
চন্দ্ৰযান-২ (चन्द्रयान-२;; lit: Moon-vehicle ) হৈছে চন্দ্ৰযান-১ ৰ পিছত ভাৰতৰ দ্বিতীয়টো চন্দ্ৰ অভিযান। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ দ্বাৰা প্ৰস্তুত কৰা এই অভিযানটো ভূ-সকালীকৃত উপগ্ৰহ উৎক্ষেপণ যান মাৰ্ক ৩ ৰ (GSLV Mk III) দ্বাৰা উৎক্ষেপণৰ পৰিকল্পনা কৰা হৈছে।
-
আৰ্দ্ৰতা
আৰ্দ্ৰতা (Humidity) হৈছে বায়ুত থকা জলীয় বাষ্পৰ ঘনত্ব। পানীৰ বাষ্প অৰ্থাৎ পানীৰ গেছীয় অৱস্থা, সাধাৰণতে মানুহৰ চকুৰ বাবে অদৃশ্য। আৰ্দ্ৰতাই বৰষুণ, নিয়ৰ বা কুঁৱলী থকাৰ সম্ভাৱনাক সূচায়। আৰ্দ্ৰতা বায়ুমণ্ডলৰ উষ্ণতা আৰু চাপৰ ওপৰত নিৰ্ভৰ কৰে।
-
ডাৱৰ
বতৰবিজ্ঞানৰ মতে ডাৱৰ বা মেঘ হৈছে কোনো গ্ৰহ বা তেনে স্থানৰ বায়ুমণ্ডলত ঘনীভূত হৈ থকা অতি ক্ষুদ্ৰ ক্ষুদ্ৰ তৰল কণিকা, বৰফৰ স্ফটিক, বা অন্য পদাৰ্থৰ সমাহাৰ। পানী নাইবা অন্য বহুধৰণৰ ৰসায়নৰ পৰা কণিকা আৰু স্ফটিক সৃষ্টি হ'ব পাৰে।
-
ডিম্ব কোষ
ডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা ডাঙৰ "স্ত্ৰী" জননকোষ আৰু এটা "সৰু" পুং জননকোষেৰে যৌন প্ৰজনন কৰে। স্ত্ৰী জননকোষ চলনশীল নহ'লে ডিম্বাণু শব্দটো ব্যৱহাৰ কৰা হয়। পুং জননকোষ চলনশীল হ'লে এনে যৌন প্ৰজননক "ওগেমাছ" বোলা হয়।
-
প্ৰগ্ৰামিং ভাষা
প্ৰগ্ৰামিং ভাষা বা প্ৰগ্ৰামিং লেংগুৱেজ (Programming language) হ’ল এটা কৃত্ৰিম ভাষা যাৰ দ্বাৰা কোনো এলগৰিথম প্ৰকাশ কৰিব পৰা যায় বা কম্পিউটাৰ প্ৰ’গ্ৰাম লিখিব পৰা যায়। এই ভাষাৰ দ্বাৰা কোনো এটা যন্ত্ৰৰ সৈতে সংযোগ স্থাপন কৰি তাক বিশেষ নিৰ্দেশ প্ৰদান কৰা হয়।
-
প্ৰদাহ
প্ৰদাহ বা Inflammation (লেটিন inflammatioৰ পৰা) ক্ষতিকৰ উদ্দীপক যেনে জীৱাণু, ধ্বংসগ্ৰস্ত কোষ, বা কোনো উত্তাপকৰ (irritant) ফলত শৰীৰৰ কোষত হোৱা এক জটিল জৈৱিক প্ৰত্যুত্তৰৰ অংশ। প্ৰতিৰক্ষা কোষ, ৰক্ত নলীকা আৰু আণৱিক দ্ৰব্যক সামৰি হোৱাই এক সুৰক্ষাজনিত প্ৰক্ৰিয়া।
-
ফলন
গোট -ৰ প্ৰতিটো উপাদানক গোট -ৰ ঠিক একেটা উপাদানৰ সৈতে সংযুক্ত কৰাৰ পদ্ধতিকে গণিতত ফলন (function) বুলি কোৱা হয়। গোটটোক ফাংচনৰ ডমেইন বুলি কোৱা হয় আৰু গোটটোক ফাংচনৰ ক'ডমেইন বুলি কোৱা হয়। প্ৰাথমিকভাৱে, ফলনবোৰ এটা পৰিমাণ কিদৰে আন এটা পৰমাণৰ ওপৰত নিৰ্ভৰ কৰে তাৰ আদৰ্শ ৰূপ আছিল।