পৰিস্থিতি বিজ্ঞানৰ অনুসৰি প্ৰব্ৰজন অথবা পৰিভ্ৰমণ (Migration) বুলিলে কোনো এক প্ৰজাতিৰ জীৱৰ বৃহৎ সংখ্যক সদস্যই এক পৰিবেশৰ পৰা ভিন্ন এক পৰিবেশলৈ স্থানান্তৰ হোৱাৰ প্ৰক্ৰিয়াটোক বুজায়। প্ৰব্ৰজন হৈছে এক প্ৰাকৃতিক আচৰণ (natural behaviour) আৰু চলমান জীৱৰ বহুসংখ্যক প্ৰজাতিৰ জীৱনচক্ৰৰ গুৰুত্বপূৰ্ণ অংশ। প্ৰব্ৰজন কেৱল প্ৰাণীৰ মাজতে সীমাবদ্ধ নহয়, যদিও প্ৰাণী প্ৰব্ৰজন হৈছে প্ৰব্ৰজনৰ প্ৰকাৰসমূহৰ ভিতৰত সৰ্বাধিক পৰিচিত। প্ৰব্ৰজন প্ৰায়েই চক্ৰাকাৰ (cyclical) হয়, সচৰাচৰ ঋতু অনুসৰি ঘটে আৰু কিছু ক্ষেত্ৰত প্ৰতিদিনো ঘটে।১ জীৱসমূহে অনুকূল অৱস্থাৰ, যেনে খাদ্যৰ প্ৰাপ্যতা, পৰভক্ষীৰ পৰা সুৰক্ষা, যৌন সংগমৰ সুযোগ আৰু অন্যান্য পৰিবেশগত কাৰণসমূহৰ সুবিধা ল'বৰ বাবে প্ৰব্ৰজন কৰে।২৩
কিছু প্ৰজাতিৰ সদস্যই সিহঁতৰ গোটৰ প্ৰবীণ সদস্যৰ পৰা প্ৰথম যাত্ৰাৰ সময়ত প্ৰব্ৰজন পথটি শিকে, আনহাতে অন্য কিছু প্ৰজাতিয়ে জীনগতভাবে সিহঁতৰ প্ৰব্ৰজনৰ পথ সম্পৰ্কিত তথ্য পায়।৪ প্ৰজাতিভেদে প্ৰব্ৰজনৰ সংকেত আৰু আচৰণৰ মাজত অনেক পাৰ্থক্য থাকা সত্ত্বেও, "প্ৰব্ৰজনৰ বিভিন্ন পৰ্যায়ত জড়িত সংকেতসমূহৰ মাজত যথেষ্ট মিল থকা যেন অনুমান হয়।"৪ প্ৰব্ৰজনকাৰী জীৱসমূহে পৰিবেশজনিত সংকেত যেনে ফটো-পিৰিয়ড (photoperiod) আৰু বতৰৰ অৱস্থাৰ লগতে আভ্যন্তৰীণ সংকেত যেনে হৰম'নৰ স্তৰৰ পৰিবৰ্তন আদিৰ সহায়ত প্ৰব্ৰজন কেতিয়া আৰম্ভ কৰিব লাগে তাক নিৰ্ধাৰণ কৰে। প্ৰব্ৰজনকাৰী জীৱসমূহে পৃথিৱীৰ চৌম্বকীয় তথ্যৰ ভিত্তিত প্ৰব্ৰজনৰ পথটো শুদ্ধভাবে নিৰ্ধাৰণ কৰিব সক্ষম হয়।৪
ঋতুৰ পৰিবৰ্তন আৰু অন্য ঘটনাৰাজীৰ অসংগতিজনিত কাৰণৰ বাবে প্ৰব্ৰজন পদ্ধতি নিৰ্ধাৰণকাৰী উপাদানসমূহ পৰিবৰ্তনশীল। যেতিয়া কোন জীৱ এক স্থানৰ পৰা অন্য স্থানলৈ প্ৰব্ৰজন কৰে, তাৰ শক্তি ব্যৱহাৰৰ মাত্ৰা আৰু প্ৰব্ৰজনৰ হাৰ ইটোৰ লগত সিটো সম্পৰ্কিত আৰু লগতে জীৱটোৰ সুৰক্ষাৰ সৈতেও সম্পৰ্কিত। প্ৰব্ৰজনৰ পথত যদি কোন পৰিবেশগত বাধাই দেখা দিয়ে, তেতিয়া প্ৰব্ৰজনকাৰীসকলে নিজৰ শক্তি ব্যৱহাৰ কৰি বাধাটো পোনপটিয়াকৈ অতিক্ৰম কৰিব পাৰে নাইবা বাধাটোক পৰিহাৰ কৰি ইয়াৰ চৌপাশেৰে যোৱাত শক্তি ব্যৱহাৰ কৰিব পাৰে। কোনো জীৱ যদি এনে কোন স্থানলৈ প্ৰব্ৰজন কৰিছে য'ত খাদ্য বা আবাসৰ বাবে তুমুল প্ৰতিযোগিতা হয়, তেনে ক্ষেত্ৰত প্ৰব্ৰজনৰ হাৰো অধিক হয়। ইয়াৰ ফলত পৰোক্ষভাবে কোন জীৱৰ জীয়াই থকাৰ আৰু প্ৰজননৰ সফলতাৰ সম্ভাৱনা বৃদ্ধি কৰাত সহায় হয়।৪
প্ৰব্ৰজনৰ প্ৰকাৰসমূহ হৈছে:
- প্ৰাণীৰ প্ৰব্ৰজন, প্ৰাণীৰ এক অঞ্চলৰ পৰা আন এক অঞ্চললৈ কৰা শাৰীৰিক সঞ্চালন
- চৰাইৰ প্ৰব্ৰজন, চৰাইৰ বহুতো প্ৰজাতিয়ে নিয়মিত কৰা বতৰীয়া পৰিভ্ৰমণ
- মাছৰ প্ৰব্ৰজন, মাছে কৰা নিয়মীয়া পৰিভ্ৰমণ
- পতংগৰ প্ৰব্ৰজন, পতংগৰ বতৰীয়া পৰিভ্ৰমণ
- লেপিড'পটেৰা প্ৰব্ৰজন (Lepidoptera migration), পখিলাৰ পৰিভ্ৰমণ
- ডিয়েল ভাৰ্টিকেল প্ৰব্ৰজন (Diel vertical migration), সমুদ্ৰৰ কিছু জীৱই প্ৰতিদিনে কৰা পৰিভ্ৰমণ
তথ্যসূত্ৰ
- ↑ Dingle, Hugh; Drake, V. Alistair. (2007-02-01). What Is Migration?. BioScience. পৃ. 113–121
- ↑ Migration and dispersal. Wrexham Glyndŵr University
- ↑ Dorst, Jean P. Ecological Significance of Migration. Encyclopedia Britannica
- ↑ Animal migration: a synthesis. ISBN 9780191576621
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “প্ৰব্ৰজন” প্ৰবন্ধৰ সংশোধন ৪২২৯৬৭ (১৪ জুন ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।