বিজ্ঞান
গণিত, পদাৰ্থ, ৰসায়ন, জীৱবিজ্ঞান আৰু মহাকাশ · ৬০৩ প্ৰবন্ধ
সকলো প্ৰবন্ধ
-
বিশ্বকোষ
বিশ্বকোষ (ইংৰাজী: Encyclopedia) এক উদ্ধৃতি কাৰ্য বা সংগ্ৰহ য'ত সকলো বিষয় বা কোনো বিশেষ বিষয়ৰ সাৰাংশ পোৱা যায়। বিশ্বকোষত প্ৰায় কেইবাটাও প্ৰবন্ধ থাকে যি সাধাৰণতে বৰ্ণমালাৰ ক্ৰমত শৃংখলিত কৰা হয়। কেতিয়াবা বিষয়গত বৰ্গীকৰণো দেখা যায়। বিশ্বকোষত যিকোনো বিষয়ৰ তথ্য সাধাৰণতে অভিধানতকৈ অধিক থাকে।
-
বোধগত পক্ষপাতিতা
বোধগত পক্ষপাতিতা (Cognitive bias) হৈছে পৰিচিত আচৰণ, যুক্তিবাদ আৰু বিবেচনাৰ লগত ঘটা বিচ্যুতিৰ এক পদ্ধতিগত বিন্যাস। ইয়াৰ দ্বাৰা প্ৰভাৱিত হোৱা ব্যক্তি এজনে প্ৰবিষ্টি (input) এটাৰ উপলব্ধি হিচাপে নিজাববীয়াকৈ এটা “বিষয়গত বাস্তৱতা”ৰ সৃষ্টি কৰে।
-
মহানাদ
মহানাদ (Big Bang) ব্ৰহ্মাণ্ডৰ আটাইতকৈ আগৰ কালৰ আৰু ব্যাপক বিস্তাৰৰ বৰ্তমান ব্যৱহৃত ব্ৰহ্মাণ্ডতাত্ত্বিক শাস্ত্ৰ। এই শাস্ত্ৰৰ মতে আগতে ব্ৰহ্মাণ্ডৰ ঘনত্ব অতি অধিক আছিল আৰু পিছলৈ ব্ৰহ্মাণ্ড বিস্তাৰিত হ'ল।
-
সংখ্যাতত্ত্ব
সংখ্যাতত্ত্ব (বা পুৰণি প্ৰয়োগমতে পাটীগণিত বা উচ্চ পাটীগণিত; Number theory) হৈছে বিশুদ্ধ গণিতৰ এটা শাখা য'ত অখণ্ড সংখ্যা আৰু অখণ্ড সংখ্যাৰ মানবিশিষ্ট ফলনৰ বিষয়ে অধ্যয়ন কৰা হয়।
-
সেউজ গৃহ প্ৰভাৱ
সেউজ গৃহ প্ৰভাৱ (Green house effect) বিভিন্ন উৎসৰ পৰা ওলোৱা ধূলি, ধোৱা বাষ্প আদিয়ে বায়ুমণ্ডলক আচ্ছাদিত কৰি কুঁৱলীৰ সৃষ্টি কৰে। এই কুঁৱলীৰ ফলত বায়ুমণ্ডলৰ অস্পষ্টতা বাঢ়ে।
-
স্নায়ুকোষ
স্নায়ুকোষ বা নিউৰ'ন ( বা স্নায়ুতন্ত্ৰৰ মুখ্য গঠনমূলক আৰু কাৰ্যকৰী একক। এই জৈৱিক কোষে বৈদ্যুতিক বা ৰাসায়নিক সংকেতৰ মাধ্যমেৰে তথ্য প্ৰেৰণ আৰু আহৰণ কৰে। স্নায়ুকোষবোৰ মাজত ছাইনাপ্স (Synapse) নামৰ বিশেষ সংযোগৰ যোগেদি সংকেতৰ আদান-প্ৰদান হয়।
-
অৰ্থব্যৱস্থা
অৰ্থব্যৱস্থা হ'ল পণ্য আৰু সেৱাৰ উৎপাদন, বিতৰণ, বাণিজ্য আৰু উপভোগৰ ব্যৱস্থা। সাধাৰণতে, ইয়াক এনে এক সামাজিক ব্যৱস্থা বুলি বুজা হয় য'ত দুৰ্লভ সম্পদৰ উৎপাদন, ব্যৱহাৰ আৰু পৰিচালনাৰ সৈতে সম্বন্ধিত কাৰ্য, বাৰ্তা আৰু ভৌতিক প্ৰকাশ দেখা যায়।
-
এলগৰিথম আৰু ডেইটা ষ্ট্ৰাকচাৰ
কম্পিউটাৰ বিজ্ঞানৰ এই বিভাগত কাৰ্যক্ষেত্ৰত কম্পিউটাৰ বিজ্ঞানৰ প্ৰয়োগৰ তাত্বিক দিশবোৰৰ অধ্যয়ন কৰা হয়। এনে অধ্যয়নলব্ধ জ্ঞানৰ সহায়তে বাস্তৱ জগতত কম্পিউটাৰ প্ৰয়োগ কৰিবলৈ প্ৰগ্ৰেম লিখা হয়।
-
কম্পনাংক
কম্পনাংক হৈছে এটা পুনৰাবৃত্তিমূলক পৰিঘটনাৰ প্ৰতি সময়ৰ এককত সংঘটনৰ সংখ্যা। কম্পনাংক হৈছে বিজ্ঞান আৰু অভিযান্ত্ৰিকীৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ পৰামিতি, যাৰ দ্বাৰা দোলন আৰু কম্পন সম্পৰ্কীয় পৰিঘটনাৰ হাৰ নিৰূপণ কৰা হয়, যেনে যান্ত্ৰিক কম্পন, অডিঅ' সংকেত (ধ্বনি), ৰেডিঅ' তৰংগ, আৰু পোহৰ।
-
কল্পনা চাওলা
কল্পনা চাওলা (ইংৰাজী: Kalpana Chawla; ১৭ মাৰ্চ, ১৯৬২ – ১ ফেব্ৰুৱাৰী, ২০০৩) এগৰাকী আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা। ১৯৯১ চনৰ এপ্ৰিল মাহত কল্পনা চাওলাই আমেৰিকান নাগৰিক হিচাপে স্বীকৃতি লাভ কৰে।
-
কাৰ্য্য
পদাৰ্থ বিজ্ঞানত, যেতিয়া বল প্ৰয়োগ কৰি বলৰ দিশত কিছু সৰণ ঘটাব পাৰি, তেতিয়া কাৰ্য্য কৰা হৈছে বুলি কোৱা হয়। উদাহৰণস্বৰূপে, যেতিয়া এটা ফুটবল মাটিৰ পৰা ওপৰত ৰখা হয় আৰু তাৰপাছত পেলাই দিয়া হয়, ফুটবলটোৰ ওপৰত কৰা কাৰ্যৰ পৰিমাণ হ'ব ফুটবলৰ ওজন (বল) আৰু মাটিৰ পৰা ওপৰত থকাৰ দূৰত্ব(সৰণ)ৰ গুণফল।
-
কুমাৰীত্ব
কুমাৰীত্ব (Virginity) হৈছে কেতিয়াও যৌন সম্পৰ্ক স্থাপন নকৰা ব্যক্তিৰ দৈহিক আৰু মানসিক অৱস্থা। কুমাৰী শব্দটোৱে প্ৰথমে কেৱল যৌন অনভিজ্ঞ মহিলাকহে বুজাইছিল, কিন্তু পৰম্পৰাগত, আধুনিক আৰু নৈতিক ধাৰণাত পোৱাৰ দৰে পিছলৈ ইয়াৰ বিকাশ ঘটিছে।
-
খনিজ পদাৰ্থ
খনিজ পদাৰ্থ হৈছে প্ৰাকৃতিকভাৱে উপলব্ধ ৰাসায়নিক পদাৰ্থ। ই সাধাৰণ অৱস্থাত কঠিন আৰু ৰাসায়নিকভাৱে সুস্থিৰ। খনিজ পদাৰ্থৰ সংজ্ঞা সম্পৰ্কে ৰসায়নবিদ সকলৰ মাজত বহুমত আছে যদিও ইয়াৰ কেইটা মান বৈশিষ্ট্যক সংজ্ঞা নিৰূপণৰ বাবে ধৰি ল’ব পৰা যায়। সেই বৈশিষ্ট্য কেইটা হৈছে - # ই প্ৰাকৃতিক ভাৱে উপলব্ধ।
-
গতি
পদাৰ্থ বিজ্ঞানৰ সূত্ৰ অনুসৰি গতি বা চলনৰ (Motion) অৰ্থ হ'ল কোনো এক বস্তুৱে সময়ৰ সৈতে স্থান সলনি কৰা।
-
গতি শক্তি
পদাৰ্থ বিজ্ঞানত গতি শক্তি (Kinetic energy) হৈছে কোনো পদাৰ্থৰ গতিৰ ফলত উৎপন্ন হোৱা শক্তি। নিৰ্দিষ্ট ভৰৰ কোনো পদাৰ্থ এটাক স্থিৰাৱস্থাৰ পৰা উক্ত বেগলৈ ত্বৰিত কৰিবলৈ প্ৰয়োজন হোৱা কাৰ্যই তাৰ গতিশক্তি বুলি সংজ্ঞাবদ্ধ কৰা হয়।
-
গেছ
গেছ বা গেছীয় অৱস্থা হৈছে পদাৰ্থৰ চাৰিটা মৌলিক অৱস্থাৰ ভিতৰত এটা (আন তিনিটা অৱস্থা হৈছে কঠিন, তৰল আৰু প্লাজমা)। এটা বিশুদ্ধ গেছ এটা পদাৰ্থৰ পৰমাণু (যেনে নিয়নৰ দৰে সম্ভ্ৰান্ত গেছ), এবিধ পৰমাণুৰ দ্বাৰা গঠিত মৌল (যেনে অক্সিজেন), বা বিভিন্ন পৰমাণুৰ দ্বাৰা যৌগ (যেনে কাৰ্বন ডাই অক্সাইড)ৰে গঠিত হ'ব পাৰে।
-
চন্দ্ৰ গ্ৰহণ
চন্দ্ৰ গ্ৰহণ (Lunar eclipse) হৈছে এক মহাজাগতিক পৰিঘটনা। যেতিয়া পৃথিৱীৰ ছাঁ সম্পূৰ্ণৰূপে চন্দ্ৰৰ ওপৰত পৰে,তেতিয়াই চন্দ্ৰগ্ৰহণ হোৱা বুলি কোৱা হয়। এই পৰিঘটনা তেতিয়াই সম্ভৱ হয় যেতিয়া সূৰ্য, পৃথিৱী আৰু চন্দ্ৰ সম্পূৰ্ণৰূপে বা নিকটতম স্থানত একে ৰৈখিক হয়, কেৱল পূৰ্ণিমা তিথিতহে চন্দ্ৰগ্ৰহণ হয়।
-
চেপেটা কৃমি
চেপেটা কৃমি শব্দটো গ্ৰীক শব্দ Platys অৰ্থাৎ Flat বা চেপেটা আৰু Helminths অৰ্থাৎ Worm বা কৃমি বা কীটৰ পৰা আহৰণ কৰা হৈছে। ই হৈছে অমেৰুদণ্ডী প্ৰাণীৰ এটা পৰ্ব।
-
জিংক
জিংক হৈছে এবিধ ৰাসায়নিক মৌল। ইয়াৰ সংকেত আৰু আনৱিক সংখ্যা ৩০। ই পৰ্যাবৃত্ত তালিকাৰ ১২ নং বৰ্গৰ প্ৰথম মৌল। ৰাসায়নিকভাৱে মেগনেছিয়ামৰ লগত ইয়াৰ কিছু সাদৃশ্য আছে: দুয়োৰে মাত্ৰ এটা জাৰণ অৱস্থা আছে (+২), আৰু Zn২+ আৰু Mg২+ আয়ন দুটাৰ আকাৰ সমান।
-
জৈৱ প্ৰযুক্তি
একবিংশ শতিকাত মানৱ প্ৰজাতিৰ লগত অন্য জীৱৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত জৈৱ প্ৰযুক্তি বিদ্যাৰ অৰিহণা এইক্ষেত্ৰত অপৰিসীম। জৈৱ প্ৰযুক্তি বিদ্যাৰ জৰিয়তে বিভিন্ন বেমাৰ ৰোধ কৰিব পৰা যায়। জৈৱ প্ৰযুক্তি হ’ল বৰ্তমান যুগৰ আটাইতকৈ আশাপ্ৰদ, সুবিধাজনক তথা কাৰ্যকৰী ব্যৱস্থা।
-
জৈৱিক ৰসায়ন
জৈৱিক ৰসায়ন (Organic chemistry) হৈছে ৰসায়ন বিজ্ঞানৰ এটা উপশাখা য'ত জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহৰ ধৰ্ম, গঠন আৰু বিক্ৰিয়াসমূহৰ বিশয়ে বিজ্ঞানসন্মত অধ্যয়ন কৰা হয়। জৈৱযৌগ আৰু জৈৱপদাৰ্থসমূহ হৈছে সেইবোৰ য'ত কাৰ্বনৰ অণুৰ উপস্থিতি আছে।
-
তাপগতি বিজ্ঞান
তাপ আৰু ইয়াৰ সৈতে অন্য প্ৰকাৰৰ শক্তি আৰু কাৰ্যৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰা পদাৰ্থ বিজ্ঞানৰ বিভাগটোকে তাপগতি বিজ্ঞান বোলা হয়। ই কোনো প্ৰণালীৰ স্থূল অৱস্থাৰ ধৰ্মসমূহ যেনে উষ্ণতা, এনট্ৰপি আৰু চাপ ইত্যাদি ব্যাখ্যা কৰে।
-
ত্ৰিকোণমিতি
ত্ৰিকোণমিতি (Trigonometry) গণিতৰ এটি শাখা, য’ত ত্ৰিভুজৰ পৰা উত্পন্ন হোৱা বহুভুজবোৰৰ বিষয়ে অধ্যয়ন কৰা হয়। শাব্দিক অৰ্থ বুজালে ত্ৰিভুজৰ পৰিমাপ লোৱা এটি অধ্যয়ন। ইয়াত ত্ৰিভুজৰ কোণ, বাহু আৰু সিহঁতৰ মধ্যকাৰ সম্পৰ্ক ব্যৱহাৰ কৰি বিভিন্ন সমস্যাৰ সমাধান উলিওৱা হয়।
-
ধূমকেতু
ধূমকেতু (Comet) হ'ল বৰফ আৰু ধূলিৰে গঠিত জোতিষ্ক। ধূমকেতুবোৰক প্ৰায়ে লেতেৰা বৰফৰ বল বুলি কোৱা হয়। ধূমকেতুৰ ধূলি বৰফ,কাৰ্বন-ডাইাক্সাইড,কাৰ্বন-মন'অক্সাইড,এম'নিয়া,মিথেন আদিৰে গঠিত। বহু গৱেষকৰ মতে ধূমকেতুৰ জৰিয়তে পৃথিৱীলৈ পানী আৰু জৈৱিক অণু আহিছিল,যি পাছলৈ পৃথিৱীত জীৱ সৃষ্টিত সহায় কৰিলে।
-
নাগৰিকত্ব
নাগৰিকত্ব (citizenship) হৈছে এজন ব্যক্তিক এখন সাৰ্বভৌম দেশে ইয়াৰ নিজস্ব আইনৰ অধীনত প্ৰদান কৰা সদস্যপদ। ৰাষ্ট্ৰসংঘৰ মতে নাগৰিকত্ব হৈছে "এখন দেশৰ ৰাজনীতিত অংশ গ্ৰহণ কৰাৰ অধিকাৰৰ প্ৰতি স্বীকৃতি"। টি.এইচ.
-
পত্ৰহৰিৎ
পত্ৰহৰিৎ (Chlorophyll) হৈছে চায়ানোবেক্টেৰিয়া আৰু শেলাই তথা গছ-গছনিৰ ক্ল'ৰ'প্লাষ্টত পোৱা কেইবাটাও সম্পৰ্কিত সেউজীয়া ৰঞ্জক পদাৰ্থৰ ভিতৰত এটা। ইয়াক হৰিৎকণা বুলিও জনা যায়। ইয়াৰ নাম প্ৰাচীন গ্ৰীক শব্দ χλωρός ( "পাতল সেউজীয়া") আৰু φύλλον ("পাত")ৰ পৰা উদ্ভৱ হৈছে।
-
পাটীগণিত
পাটীগণিত (গ্ৰীক: Αριθμητική, জাৰ্মান: Arithmetik; ইংৰাজী: Arithmetic) হৈছে গণিতৰ তিনিটা বিশেষ শাখাৰ অন্যতম অংক তথা সংখ্যা গণনাৰ সৈতে জড়িত শাখা। ই গণিতৰ মৌলিক শাখা তথা ইয়াৰ পৰাই গণিত শিক্ষাৰ আৰম্ভণি হয়। প্ৰতিজন ব্যক্তিয়েই তেওঁৰ দৈনন্দিন জীৱনত পাটীগণিতৰ ব্যৱহাৰ কৰি আহিছে।
-
প্লুটো
প্লুটো (সৰু গ্ৰহ পদবী: ১৩৪৩৪০ প্লুটো; প্ৰতীক: এবং
-
প্ৰ'টন
প্ৰ'টন হৈছে এটা সুস্থিৰ উপপাৰমাণৱিক কণা (চিহ্ন- , H+, বা 1H+) যাৰ ধনাত্মক বৈদ্যুতিক আধান +১ e (মৌলিক আধান)। ইয়াৰ ভৰ নিউট্ৰনৰ ভৰৰ তুলনাত সামান্য কম আৰু ইলেকট্ৰনৰ ভৰৰ প্ৰায় ১৮৩৬ গুণ (প্ৰ’টন-ইলেকট্ৰন ভৰৰ অনুপাত)। প্ৰ'টন আৰু নিউট্ৰন, উভয়ৰে ভৰ প্ৰায় এক পাৰমাণৱিক ভৰ একক।
-
লীনাক্স
লীনাক্স বা লাইনাক্স এবিধ অপাৰেটিং চিষ্টেম; ইয়াত লীনাক্স নামৰ কাৰ্ণেল আৰু তদুপযোগী অন্যান্য প্ৰগ্ৰেম ব্যৱহাৰ কৰা বাবে ইয়াৰ নাম লীনাক্স ৰখা হৈছে।